পুলিচী অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ অসম নাগৰিক সমাজৰ

মঙলবাৰে পুৱা দেশৰ কেইগৰাকীমান প্ৰসিদ্ধ সাংবাদিক আৰু সমাজকৰ্মীৰ দিল্লী আৰু মুম্বাইৰ বাসস্থানত দিল্লী পুলিচে চলোৱা আকস্মিক অভিযানত স্তম্ভিত আৰু আশ্বৰ্য্য প্ৰকাশ কৰিছে অসম নাগৰিক সমাজে।

এই সাংবাদিক সকল হ’ল ক্ৰমে ভাসা সিং, উৰ্মিলেশ, প্ৰবীৰ পুৰকায়স্থ, পৰাঞ্জয় গুহ ঠাকুৰতা, অভিসাৰ শৰ্মা, অনিন্দ্য চক্ৰৱৰ্তী, মহেশ কুমাৰ সুবোধ বাৰ্মা, অদিতি নিগম, মুকুন্দ ঝা। শিক্ষাবিদ সোণালী হাছমী, সমাজকৰ্মী তিস্তা চেতলবাদ আৰু কৌতক অভিনেতা সঞ্জয় ৰাজৌৰাৰ ঘৰতো পুলিচে অভিযান চলোৱা বুলি জানিব পৰা গৈছে। এই অভিযান কুখ্যাত ইউএপিএ আইনৰ অধীনত তৰা এটা গোচৰৰ ভিত্তিত কৰা হৈছে আৰু ইয়াৰ লগত নিউজক্লিক নামৰ সংবাদ প্ৰতিষ্ঠানলৈ বিদেশী পুঁজি বিনিয়োগৰ লগত সম্পৰ্ক থকা বুলি অভিযোগ কৰা হৈছে। কিন্তু নিউজক্লিকে ইতিমধ্যে এই কথা স্পষ্ট কৰি দিছে যে তেওঁলোকে সম্পূৰ্ণ বৈধ উপায়েৰে এই ধন লাভ কৰিছে আৰু এই সম্পৰ্কীয় সকলো নথি-পত্ৰ দিল্লী উচ্চ ন্যায়ালয়ত জমা দিয়া হৈছে। নাগৰিক সমাজে এক প্ৰেছ বিজ্ঞপ্তিযোগে সদৰী কৰে যে, এয়া হ’ল দেখদেখকৈয়ে নিৰ্ভীক সাংবাদিকৰ কণ্ঠ ৰোধ, মানৱ অধিকাৰ উলংঘন আৰু বাক স্বাধীনতা খৰ্বৰ এক জলন্ত উদাহৰণ। আৰক্ষীৰ এনে আতিশয্যক তীব্ৰভাবে গৰিহনা দি আৰু সকলো শুভবুদ্ধিসম্পন্ন গণতান্ত্ৰিক ব্যক্তিক ইয়াৰ প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় অসম নাগৰিক সমাজে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...