বিজেপিৰ কোন কোন যাব কংগ্ৰেছলৈ?

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা হেনো অসমৰ কপিল শৰ্মা। ওদালগুৰিত এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। বৰাক দেশৰ টেলিভিশ্যনৰ জনপ্ৰিয় কমেডিয়ান তাৰকা কপিল শৰ্মাৰে তুলনা কৰিলে মন্ত্ৰী হাজৰিকাই। শুকুৰবাৰে লখিমপুৰত কংগ্ৰেছৰ এক যোগদান কাৰ্যসুচীত একাধিক বিস্ফোৰণ ঘটাইছিল ভূপেন বৰাই। ৩ কেবিনেট মন্ত্ৰীৰ উদ্ধৃতি দি বৰাই কৈছিল- বিজেপিৰ বিধায়িনী দলৰ গোপন ভোটিং হ’লে হেনো মাত্ৰ ১১ টা ভোটহে পাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পীয়ুষৰ প্ৰত্যুত্তৰ- পুৱাই ৰসাল কথা এটা চিন্তা কৰি টিভিত ওলাবলৈ সাজু হয় ভগৱান শ্ৰীকৃষ্ণক লাভ জেহাদী সজোৱা ভূপেন বৰা।

পীযুষ Vs ভূপেন

তুংগত উঠিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বাকযুদ্ধ। শুকুৰবাৰে মুখ্যমন্ত্ৰীক আক্ৰমণ ভূপেন বৰাৰ। বিজেপিৰ বিধায়িনী দলৰ গোপন ভোটিং হ’লে হেনো মাত্ৰ ১১ টা ভোটহে পাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নাম নোকোৱাকৈ শৰ্মা মন্ত্ৰীসভাৰ ৩ কেবিনেট মন্ত্ৰীৰ উদ্ধৃতি দি এই বিস্ফোৰণ ঘটাইছিল ভূপেন বৰাই।

শনিবাৰে ওদালগুৰিত প্ৰত্যুত্তৰ মন্ত্ৰী পীযুষৰ। ‘অসমৰ কপিল শৰ্মা হ’ব ওলাইছে ভূপেন বৰা’। কপিল শৰ্মা মানে কোন গম পাইছেনে? দেশৰ টেলিভিশ্যন মাধ্যমৰ জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মা। ছ’নি টিভিত সম্প্ৰচাৰিত ‘দ্য কপিল শৰ্মা শ্ব’ৰ জৰিয়তে কমেডিয়ান গৰাকীয়ে দেশৰ কোটি কোটি ৰাইজক দিয়ে হাঁহিৰ খোৰাক। শনিবাৰে ওদালগুৰিত মন্ত্ৰী পীযুষ হাজৰিকাৰ কটাক্ষ- ভূপেন বৰাক কোনেও ছিৰিয়াছলি নলয়, সেয়ে কমেডি কিং হোৱাৰ ইচ্ছা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ। ৰাতিপুৱাই ৰসাল কথা এটা চিন্তা কৰি তাকে সাংবাদিকক কৈ সন্ধিয়া টিভিত ওলোৱাৰ প্ৰয়াস কৰে ভূপেন বৰাই।

শুকুৰবাৰে লখিমপুৰত ভূপেন বৰাই কৈছিল- ৰাজ্যজুৰি কংগ্ৰেছত যোগদানৰ বাবে সাজু হৈ আছে বিজেপি-অগপৰ বহু নেতা। শিলসাঁকোৰ উচ্ছেদ, ছিণ্ডিকেট, অপ্ৰাসংগিক পুৰণি বিজেপি, চাকৰি, ৬ জনগোষ্ঠী ইত্যাদিক লৈ মুখ্যমন্ত্ৰীসহ বিজেপিক তুলাধুনা দিছিল ভূপেন বৰাই।

বিজেপি-অগপৰ কোন কোন যাব কংগ্ৰেছলৈ? তাৰো উত্তৰ দিলে মন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰী হাজৰিকাই লগতে ক’লে ভূপেন বৰা নাস্তিক মানুহ। ভগৱান শ্ৰীকৃষ্ণক লাভ জেহাদী সজোৱা ভূপেন বৰাৰ কথা কোনেও ছিৰিয়াছলি নলয়। সেয়ে কমেডি কৰে ভূপেন বৰাই। ছিৰিয়াছ কথাৰ বাবে মুখ্যমন্ত্ৰীৰ কথা শুনে হেনো অসমৰ ৰাইজে।

মুঠৰ ওপৰত নিৰ্বাচন সন্মুখত যেতিয়া, ৰাজনৈতিক বাকযুদ্ধও তুংগত। ভূপেন বৰা-পীযুষ হাজৰিকাৰ তৰ্ক এইবাৰ চাবলগীয়া হ’ব। ওদালগুৰি জিলাৰ নৱগঠিত ভেৰগাঁও বিধানসভা সমষ্টি আৰু টংলা বিধানসভা সমষ্টিৰ ডিমাকুছি বৰঙ্গাজুলি সত্ৰ আৰু টংলাত বিজেপিৰ দুখন সাংগঠনিক সভা অনুষ্ঠিত হৈছিল। সমষ্টি দুটাৰ মূল প্ৰভাৰীৰ দায়িত্বত আছে মন্ত্ৰী পিযুষ হাজৰিকা আৰু বিধায়ক দিগন্ত কলিতা। তাতেই এই মন্তব্য মন্ত্ৰী পীযুষৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...