গুৱাহাটী মহানগৰৰ পৰিবহন ব্যৱস্থাত সংযোজিত হ’ব ২০০খন নতুন বৈদ্যুতিক বাছ

ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহন ব্যৱস্থাত অন্যতম বৃহৎ সংযোজন মুখ্যমন্ত্ৰীৰ

১০ খন কাটামাৰান জাহাজ, ৩খন টাগ বোট আৰু এখন অনুসন্ধান তথা উদ্ধাৰকাৰী নাও জনসাধাৰণৰ সেৱাত উৎসৰ্গা

অসমৰ জল পৰিবহন ব্যৱস্থাটোক বিমান আৰু পথ পৰিবহন ব্যৱস্থাৰ সমান্তৰাল ব্যৱস্থা হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছে ৰাজ্য চৰকাৰে : মুখ্যমন্ত্ৰী

অসমৰ প্ৰথমটো যান-বাহন পৰিদৰ্শন আৰু প্ৰামাণীকৰণ কেন্দ্ৰৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে

যোৰহাটৰ নিমাতীঘাট, গুৱাহাটীৰ উমানন্দ, মাজুলীৰ অফলামুখ আৰু উত্তৰ গুৱাহাটীত নিৰ্মাণ হ’ব ‘মডুলাৰ টার্মিনেল’

গুৱাহাটী আৰু মাজুলীৰ মাজত আৰম্ভ হ’ব নিয়মীয়া ক্রুজ সেৱা

যোৰহাট আৰু মাজুলীৰ মাজত অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব নৈশ জল পৰিবহন ব্যৱস্থা

গুৱাহাটী মহানগৰৰ পৰিবহন ব্যৱস্থাত সংযোজিত হ’ব ২০০খন নতুন বৈদ্যুতিক বাছ

ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহন ব্যৱস্থাত অন্যতম বৃহৎ সংযোজনেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত এক অনুষ্ঠানত ১০খন তীখাৰ কাটামাৰান জাহাজ, ৩ খন টাগ বোট আৰু এখন অনুসন্ধান তথা উদ্ধাৰকাৰী নাও জনসাধাৰণৰ সেৱাত আনুষ্ঠানিকভাৱে উৎসৰ্গা কৰে। তদুপৰি, আজিৰ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ ১৫ কোটি ২০ লাখ টকা অর্থ- সাহায্যৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ দ্বাৰা গুৱাহাটীৰ বেঁতকুছিৰ আন্তঃৰাজ্যিক বাছ টার্মিনাছত স্থাপন হ’বলগীয়া অসমৰ প্ৰথমটো পৰিদৰ্শন আৰু প্ৰামাণীকৰণ কেন্দ্ৰৰ নিৰ্মাণকাৰ্য ভার্চুৱেল ব্যৱস্থাৰে শুভাৰম্ভ কৰে। উল্লেখ্য যে, মুখ্যমন্ত্রী শৰ্মাই আজি ৰাইজৰ সেৱাত উৎসৰ্গা কৰা কাটামাৰাণ জাহাজৰ প্ৰতিখনৰে ১০০ গৰাকী যাত্ৰী আৰু ৬ খন সৰু চাৰিচকীয়া বাহনৰ বহনক্ষমতা আছে। ৩৮.৪৩ কোটি টকা ব্যয় সাপেক্ষে নির্মিত এই জাহাজ কেইখনৰ ৩ খন জাহাজ গুৱাহাটী সংমণ্ডলত, ৩ খন জাহাজ যোৰহাট সংমণ্ডলত আৰু ২ খন জাহাজ ধুবুৰী সংমণ্ডলত ব্যৱহাৰ কৰা হ’ব। অৱশিষ্ট ২খন জাহাজৰ এখন গুৱাহাটীৰ পৰ্যটকৰ বাবে আৰু আনখন কলিয়াবৰৰ শিলঘাটৰ পৰা বিশ্বনাথঘাটেৰে পৰ্যটকে কাজিৰঙাৰ সৌন্দৰ্য উপভোগৰ সুবিধার্থে ব্যৱহাৰ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। আনহাতে, অসমত আভ্যন্তৰীণ জল পৰিবহন ব্যৱস্থাত আজি নতুনকৈ সংযোজন হোৱা আৰু ১৫.৭৫ কোটি টকা ব্যয় সাপেক্ষে নির্মিত ৩ খন টাগ বোটে যিকোনো দুৰ্ঘটনাৰ সময়ত জৰুৰীকালীন সঁহাৰি জনাবলৈ সক্ষম হ’ব। তদুপৰি, আজিৰ পৰা জনসাধাৰণৰ সেৱাত উৎসর্গিত অনুসন্ধান তথা উদ্ধাৰকাৰী নাওসমূহে অন্তর্দেশীয় জলপথত তহল আৰু নিৰীক্ষণ কৰাৰ দিশত বিশেষ ভূমিকা গ্রহণ কৰিব। ১.৭৯ কোটি টকা ব্যয় সাপেক্ষে নির্মিত এই নাও সংযোজনে জলপৰিবহন সেৱাৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই আজিৰ দিনটো ৰাজ্যৰ জল পৰিবহন ব্যৱস্থাৰ বাবে এটা উল্লেখযোগ্য দিন বুলি মন্তব্য কৰে। তেওঁ কয় যে মাজুলীত ২০২১ চনত সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাৰ পিছত ৰাজ্য চৰকাৰে আভ্যন্তৰীণ জল পৰিবহন ব্যৱস্থাটো উন্নত কৰাৰ পদক্ষেপ গ্রহণ কৰিছিল। এই পদক্ষেপৰ অধীনত তিনিটা পৰ্যায়ত ইতিমধ্যে ১০ খন কাটামাৰান জাহাজ ৰাইজৰ সেৱাত আগবঢ়োৱা হৈছে। আজি নতুনকৈ সংযোজিত এনে নতুন ১০ খন জাহাজে ৰাজ্যৰ আভ্যন্তৰীণ পৰিবহন ব্যৱস্থাটোক অধিক শক্তিশালী কৰি তুলিলে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আভ্যন্তৰীণ জল পৰিবহন ব্যৱস্থাৰ উন্নীতকৰণৰ অৰ্থে ৰাজ্য চৰকাৰে ভাৰত চৰকাৰৰ জৰিয়তে বিশ্ব বেংকৰ পৰা ৭১০ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছিল। ইয়াৰে ৯০ শতাংশ ধন কেন্দ্ৰীয় চৰকাৰে আৰু ১০ শতাংশ ধন অসম চৰকাৰে পৰিশোধ কৰিব লাগিব। বিশ্ব বেংকৰ পৰা গ্ৰহণ কৰা এই অর্থসাহায্যৰে ৰাজ্য চৰকাৰে জল পৰিবহন ব্যৱস্থাৰ আধুনিকীকৰণ কৰাৰ পদক্ষেপলানি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই পদক্ষেপৰ আধাৰতে ৰাজ্য চৰকাৰে ‘জীৱন ডিঙা’ নামৰ আঁচনিও গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ জৰিয়তে ৮৫০ খন দেশীয় নাৱত মেৰিন ইঞ্জিন প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছিল। ইতিমধ্যে এনে ৫৬০ খন নাৱত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়াকৈ মেৰিন ইঞ্জিন প্ৰদান কৰাৰ কাম সম্পূৰ্ণ হৈছে। নৈ পৰিবহন ব্যৱস্থাটো বিজ্ঞানসন্মত কৰাৰ বাবে লোৱা পদক্ষেপৰ কথাও উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে সম্প্রতি গুৱাহাটী-উত্তৰ গুৱাহাটী, গুৱাহাটী-ৰজাদুৱাৰ আৰু গুৱাহাটী-মধ্যমখণ্ডৰ মাজত নৈশ জল পৰিবহন ব্যৱস্থা আৰম্ভ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে যোৰহাট আৰু মাজুলীৰ মাজতো অতি শীঘ্ৰেই নৈশ জল পৰিবহন ব্যৱস্থা আৰম্ভ কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীৰ ফাঁচীবজাৰৰ সমীপত নির্মীয়মান দেশৰ প্ৰথমটো ‘ৰিভাৰ ফেৰী টার্মিনেল’ৰ নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি আছে আৰু বৰ্তমানলৈকে ইয়াৰ নিৰ্মাণকাৰ্য ৪৪ শতাংশ সম্পূর্ণ হৈছে। ‘গুৱাহাটী গেটৱে ঘাট’ৰ এই টার্মিনেলটো অহা বৰ্ষৰ ফেব্ৰুৱাৰী-মার্চ মাহৰ ভিতৰত মুকলি কৰিব পৰা যাব বুলিও তেওঁ কয়। শৰ্মাই লগতে সদৰি কৰে যে গুৱাহাটীৰ উমানন্দ, মাজুলীৰ অফলামুখ, যোৰহাটৰ নিমাতীঘাট আৰু উত্তৰ গুৱাহাটীত মুঠ চাৰিটা নতুন ‘মডুলাৰ টার্মিনেল’ নিৰ্মাণ কৰা হ’ব। তদুপৰি, পৰ্যটকৰ সুবিধাৰ্থে গুৱাহাটী আৰু মাজুলীৰ মাজত নিয়মীয়া ক্রুজ সেৱা আৰম্ভ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ কথাও সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এনে ব্যৱস্থাই জল পৰিবহন খণ্ডৰ লগতে পর্যটন খণ্ডকো শক্তিশালী কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ জল পৰিবহন ব্যৱস্থাটোক বিমান আৰু পথ পৰিবহন ব্যৱস্থাৰ সমান্তৰাল ব্যৱস্থা হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছে। প্ৰসংগক্ৰমে তেওঁ সদৰি কৰে যে শুৱালকুছি-পলাশবাৰী সংযোগী দলঙৰ কাম শীঘ্ৰে আৰম্ভ হ’ব। তদুপৰি, নাৰেঙ্গী আৰু কুৰুৱা সংযোগী প্ৰস্তাৱিত দলংখন নিৰ্মাণৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে অনুমোদন কৰিব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে লগতে সদৰি কৰে যে ধুবুৰী-ফুলবাৰী সংযোগী দলংখনৰ নিৰ্মাণৰ কাম তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে গুৱাহাটী মহানগৰৰ পৰিবহন ব্যৱস্থাত ২০০খন নতুন বৈদ্যুতিক বাছ শীঘ্ৰে সংযোজন ঘটোৱা হ’ব বুলিও ঘোষণা কৰে।

আনহাতে, মুখ্যমন্ত্রীয়ে কয় যে গুৱাহাটীৰ বেঁতকুছিত অসমৰ প্ৰথমটো পৰিদৰ্শন আৰু প্ৰামাণীকৰণ কেন্দ্ৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিলে স্বয়ংক্রিয় যান-বাহন পৰিদৰ্শনৰ ক্ষেত্ৰত এক অভাৱনীয় পৰিৱৰ্তন সাধন হ’ব। এই অনুষ্ঠানৰ পিছতে মুখ্যমন্ত্ৰীয়ে গুৱাহাটী গেটৱেঘাট পৰিদৰ্শন কৰি তাত নির্মীয়মান ফেৰী টার্মিনেলটোৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। এই টার্মিনেলটোত যাতে পৰ্যটকৰ বাবে অধিক সা-সুবিধা সংযোজিত হয় আৰু লগতে নির্মাণকার্য যাতে সময় নিৰ্দ্ধাৰিতভাৱে সম্পূর্ণ হয় সেয়া সুনিশ্চিত কৰাৰ বাবে তেওঁ সংশ্লিষ্ট বিষয়া তথা নিৰ্মাণকাৰী প্ৰতিষ্ঠানক নিৰ্দেশ প্ৰদান কৰে।

এই অনুষ্ঠানত পৰিবহন আদি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, পর্যটন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ কুইন ওজা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়া, অসম ৰাজ্যিক পৰিবহন নিগমৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰৰ লগতে আৰক্ষী সঞ্চালক প্রধান জি পি সিং, পৰিবহন বিভাগৰ সচিব আদিল খান, আছাম ইনলেণ্ড ৱাটাৰ ডেভলপমেন্ট ছ’চাইটীৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক গৌৰৱ উপাধ্যায়, অসম ৰাজ্যিক পৰিবহন নিগমৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসকে ধৰি কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

মঙলদৈৰ মোৱামাৰীত গাৰ নোম শিঁয়ৰি উঠা ঘটনা

মঙলদৈৰ মোৱামাৰীত গাৰ নোম শিঁয়ৰি উঠা ঘটনা। প্ৰেম কৰাৰ...

গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা

বালিপাৰা ফাউণ্ডেচনে পূৰ্বৰ দৰে এইবাৰো অহা ২৬-২৭ নৱেম্বৰত...

বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ

গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা বালিপাৰা ফাউণ্ডেচনে পূৰ্বৰ...

পণ্ডিত হেমচন্দ্ৰ গোস্বামী ফাউণ্ডেশ্যনৰ উদ্যোগত ৱাশ্বিংটন ডি চিত ভাষা গৌৰৱ সপ্তাহ উদযাপন

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা উপলক্ষে আমেৰিকা...