বাৰে বাৰে অপমান অসমীয়াৰ অহংকাৰ-অলংকাৰ বিহুক

দেশ তথা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অসমীয়াৰ বাপতি সাহোন অহংকাৰ কিম্বা অলংকাৰ বিহুটোক লৈ হেতালি খেলে বহুতেই। প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰে কোনো দল সংগঠন অথবা চৰৰকাৰে। ক্ষোভত ফাটি পৰে ৰাইজ। অপমানত দগ্ধ হৈ চছিয়েল মিডিয়াত উজাৰে ফ্ৰাষ্টেছ্যন। G20ৰ পিছত শেহতীয়াকৈ বহিৰাগত কোম্পানীৰ পৌৰহিত্যত ৰেডিছন ব্লুত প্ৰদৰ্শন কৰা হল বিকৃত বিহু। এইবাৰ সৰৱ হৈছে মুখ্যমন্ত্ৰী। নিৰ্দেশ দিছে FIR দাখিলৰ।

বাৰে বাৰে অপমান অসমীয়াৰ অহংকাৰ-অলংকাৰ বিহুক
G20ৰ পিছত শেহতীয়াকৈ ৰেডিছন ব্লুত প্ৰদৰ্শিত বিকৃত বিহু
অৱশেষত সৰৱ হ’ল মুখ্যমন্ত্ৰী
বিহু বিকৃতকৰণ সন্দৰ্ভত FIR দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
G20ৰ বিকৃত বিহুৰ বাবে কাক জগৰীয়া কৰিব মুখ্যমন্ত্ৰীয়ে?
বিশ্ববাসীৰ আগত বিকৃত বিহু প্ৰদৰ্শনৰ ভুল স্বীকাৰ কৰিব কোনে?


বিহু বিভ্ৰাট!

বাৰে বাৰে অপমান অসমীয়াৰ অহংকাৰ-অলংকাৰ বিহুক
অৱশেষত সৰৱ হ’ল মুখ্যমন্ত্ৰী
ৰেডিছন ব্লুত বিহু বিকৃতকৰণ সন্দৰ্ভত FIR দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

বিহুক লৈ ল’ৰা ধেমালি কৰি আহিছে বহুতে। দেশ তথা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অসমীয়াৰ বাপতি সাহোন অহংকাৰ কিম্বা অলংকাৰ বিহুটোক লৈ হেতালি খেলে বহুতেই। নিৰ্লিপ্ত নিষ্ক্ৰিয় হৈ থাকে বিহু সুৰক্ষাৰ নামত ফোপজহী মৰা একাংশ দল সংগঠন। ৰাইজে প্ৰশ্ন তোলে চৰকাৰক। সৌ সিদিনা জি ২০ শীৰ্ষ সন্মিলনক বিহুক কৰা অপমানৰ চোক মাৰ নৌ যাওঁতেই পুনৰ বিকৃত ৰূপত উপস্থাপন কৰা হ’ল বিহু নাচক। মহানগৰীৰ ‘ৰেডিছন ব্লু’ত বিকৃত ৰূপত প্ৰদৰ্শন কৰা হল বিহু নাচ। ব্যক্তিগত কোম্পানী গ্ৰীনলেম ইণ্ডাষ্ট্ৰিজে আয়োজন কৰিছিল এই সাংস্কৃতিক অনুষ্ঠানৰ। মুগা সাজপাৰ পৰিধান কৰি হিন্দী গীতৰ তালে তালে কৰিলে দৃষ্টিকটু নৃত্য প্ৰদৰ্শন। বহিঃৰাজ্যৰ যুৱক-যুৱতীয়ে কৰিলে এই বিকৃত বিহু নাচ প্ৰদৰ্শন। শেহতীয়াকৈ সৰৱ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

FIR দাখিলৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে
সাংস্কৃতিক সঞ্চালকালয়ৰ ফালৰ পৰাও তদন্তৰ নিৰ্দেশ
ক্ষোভ প্ৰকাশ কৰিছে সাংস্কৃতিক মন্ত্ৰী বিমল বৰায়ো

তদন্ত হ’ব, দোষীৰ ওপৰত লোৱা হব ব্যৱস্থা। সকলো ঠিকেই আছে। কিন্তু বিশ্ববাসীৰ আগত বিকৃত বিহু প্ৰদৰ্শনৰ ভুল স্বীকাৰ কৰিব কোনে? G20ৰ বিকৃত বিহুৰ বাবে কাক জগৰীয়া কৰিব মুখ্যমন্ত্ৰীয়ে?

ৰেডিছন ব্লুত বিহু বিকৃতকৰণৰ ওপৰত ব্যৱস্থা ল’লেই সকলো দায়িত্ব শেষনে? প্ৰধানমন্ত্ৰীৰ পৌৰহিত্যত অনুষ্ঠিত G20ৰ বিকৃত বিহুৰ বাবেও দায়িত্বত থকা আমোলা বিষয়াক জবাবদেহি কৰক মুখ্যমন্ত্ৰীয়ে। অন্যথা খেনোক দেখি ৰন্ধা বঢ়া, খেনোক দেখি দুৱাৰ মৰা নীতিয়ে লোকচান সাধিব অসমীয়াৰ বিহুটোকেই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...