প্ৰেমিক কবিক আমনি কৰিবলৈ আকৌ আহিল শৰৎ!

নিজান নদীৰ পাৰ আকৌ গাভৰু হৈ পৰিছে। গ্ৰীস্মই দহি নিয়া পৃথিৱীখনে আকৌ হাঁহিবলৈ লৈছে। কাৰণ, আহিনৰ বোকোচাত উঠি ধৰাৰ বুকুলৈ আকৌ আহিছে শৰৎ। হয়, প্ৰেমিক কবিক আমনি কৰিবলৈ আকৌ আহিল শৰৎ।
এতিয়া এনেদৰেই নদীৰ পাৰত নাচি উঠিছে শাৰী শাৰী কঁহুৱা।শৰৎ আৰু শেৱালীৰ সম্পৰ্ক যেন বহু যুগৰ। শৰতৰ আগমনৰ বতৰা পায়েই আকৌ ফুলি উঠিল পদুলিমুখৰ শেৱালীজোপা। শৰতৰ জোনাক নিশা শেৱালীৰ সুগন্ধই সকলোকে আকৰ্ষিত কৰে। শৰতৰ পুৱা দুবৰিৰ দলিচাৰ ওপৰত সৰি থাকে সদ্য প্ৰস্ফুটিত শেৱালী। দুবৰিৰ ওপৰতে পৰি থাকে কুঁৱলীৰ শুভ্ৰ চাদৰখন। নদীৰ নিজান পাৰটোৱে সকলোকে সোঁৱৰাই দিয়ে, এয়া যে কঁহুৱা ফুলাৰ বতৰ। শুকুলা আকাশৰ তলত শুভ্ৰ কঁহুৱাই হালি-জালি নাচি থাকে। এই শৰতেই কেতিয়াবা কবিৰ কলমৰ কবিতা হৈ নিগৰে, কেতিয়াবা আকৌ কণ্ঠশিল্পীৰ কণ্ঠৰে সুৰ হৈ নিগৰে। শৰৎ সচাঁই ধুনীয়া। শৰতে কঢ়িয়াই আনে আশাৰ বতৰা। বাৰিষাৰ বোকাপানী শৰতৰ পৰশ পাই শুকাবলৈ ধৰে। শৰতৰ বুকুতে যৌৱনপ্ৰাপ্ত হয় সেউজীয়া ধানবোৰ । শৰতেই দিয়েহি উৎসৱৰ বতৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...