দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ প্ৰতিকৃতি অংকনৰ অভিলেখ

যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ ১০৭গৰাকী ছাত্ৰী আৰু অধ্যাপিকাই আজি ১০ মিনিটৰ ভিতৰত একোখনকৈ প্ৰতিকৃতি অংকনেৰে এক অভিলেখ স্থাপন কৰে৷ তেওঁলোকে মহাত্মা গান্ধী, মাডাৰ টেৰেছা, সুধাকণ্ঠ ভূপেন হাজৰিকা, সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা প্ৰমুখ্যে কেইজনমান বৰেণ্য ব্যক্তিৰ প্ৰতিকৃতি অংকন কৰে৷ মহাবিদ্যালয়খনৰ গণিত বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত আয়োজিত ‘আৰ্ট এণ্ড লাইফ’ শীৰ্ষক সপ্তাহজোৰা চিত্ৰ কৰ্মশালাৰ সামৰণিৰ লগত সংগতি ৰাখি ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ড্‌ছ’ৰ বাবে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ এই কাৰ্যসূচীত ইণ্ডিয়া বুক অৱ ৰেকৰ্ড্‌ছৰ কাৰ্যবাহী দিপু বৰা উপস্থিত থাকে৷ উল্লেখ্য, দিপু বৰাই ইতিমধ্যে প্ৰতিকৃতি অংকনৰ কেইবাটাও অভিলেখ স্থাপন কৰিছে৷ তেওঁৰ এই অসামান্য প্ৰতিভাৰ বাবে ইউনাইটেড কিংডমৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰীও লাভ কৰিছে৷ গণিতৰ অধ্যাপনা আৰম্ভ কৰাৰ বৰাৰ তত্বাৱধানতে এই প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল৷ প্ৰথম দিনা কৰ্মশালাখন উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষা ড॰ জিনামনি ভূঞাই৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...