আদিত্য-L1এ সূৰ্য অভিমুখে অব্যাহত ৰাখিছে যাত্ৰা

পৃথিৱীৰ চৌদিশে প্রদক্ষিণৰত আদিত্য-L1ৰ ৪ৰ্থটো কক্ষপথ সলনি

পৃথিৱীৰ পৰা নিকটৱৰ্তী ২৬৫ কিঃমিঃ আৰু দূৰৱৰ্তী ১,২১,৯৭৩ কিঃমিঃৰ কক্ষপথত আদিত্য-L1

এক ডিম্বাকৃতিৰ কক্ষপথত পৃথিৱীৰ চৌপাশে বিচৰণ আদিত্য-L1ৰ

শুকুৰবাৰে পুৱা কক্ষপথ সলনি কৰে আদিত্য-L1এ

পৃথিৱীৰ চৌপাশেই সম্প্ৰতি পৰিভ্রমণ কৰি আছে সূৰ্য অভিমুখে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্রেৰণ কৰা আদিত্য-L1 মহাকাশ যান। যোৱা ২ ছেপ্টেম্বৰত ৰাওনা হোৱা আদিত্য-L1এ শুকুৰবাৰে পুৱা ৪ৰ্থ বাৰৰ বাবে কক্ষপথ সলনি কৰিবলৈ অধিক উচ্চতা আহৰণ কৰিছে। ডিম্বাকৃতিৰ পথত পৰিভ্রমণৰ কালত আদিত্য-L1 পৃথিৱীৰ একেবাৰে ওচৰৰ ২৬৫ কিলোমিটাৰ কাষ চাপিব আৰু একেবাৰে নিলগৰ ১ লাখ ২১ হাজাৰ ৯৬৩ কিলোমিটাৰ দূৰত্বলৈ গতি কৰিব।    

সূৰ্য অভিমুখে প্রেৰণ কৰা এই গৱেষণাগাৰে ইতিমধ্যে ৩বাৰকৈ কৰিছে কক্ষপথ সলনি

৩, ৫ আৰু ১০ ছেপ্টেম্বৰত ৩বাৰকৈ কক্ষপথ সলনি কৰে আদিত্য-L1এ

অহা ১৯ ছেপ্টেম্বৰত পৃথিৱীৰ পৰা বিদায় লৈ সূৰ্য অভিমুখে একেবাৰে ৰাওনা হ’ব আদিত্য-L1

১৬ দিন ধৰি পৃথিৱীৰ কক্ষপথত বিচৰণ কৰি ওলাই যাব আদিত্য-L1

এতিয়ালৈকে আদিত্য-L1এ পৰিকল্পনা মতেই সুন্দৰকৈ দায়িত্ব সম্পন্ন কৰিছে বুলি জানিবলৈ দিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই। ১৯ ছেপ্টেম্বৰত পৃথিৱীৰ কক্ষপথলৈ পৰা ওলাই গৈ প্ৰায় ডেৰ নিযুত কিঃমিঃ নিলগত অৱস্থিত L1 লেগ্রেঞ্জ পইণ্ট অভিমুখে ৰাওনা হ’ব আদিত্য-L1। প্ৰায় ১১০ দিন ধৰি অব্যাহত থাকিব আদিত্য-L1ৰ যাত্ৰা। উল্লেখ যে মহাকাশ গৱেষণা সংস্থাই থলুৱাভাৱে নিৰ্মাণ কৰা ৭টা যন্ত্র সন্নিৱিষ্ট কৰিছে এই মহাকাশ যানে।

L1 লেগ্রেঞ্জ পইণ্টত পৃথিৱী আৰু সূৰ্যৰ মাজত মধ্যাকৰ্ষণ প্রায় সমান

সেই পইণ্টত অৱস্থান কৰি আদিত্য L1এ অব্যাহত ৰাখিব সূৰ্য সম্পৰ্কীয় গৱেষণা

১৯ ছেপ্টেম্বৰত পৃথিৱীৰ কক্ষপথৰ পৰা চিৰদিনৰ বাবে আদিত্য Llক বিদায় দিবলৈ সাজু হৈ উঠিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...