কৃষি বিভাগৰ অদূৰদৰ্শিতাৰ পৰিণতি

মন্ত্ৰী অতুল বৰাৰ গৃহ জিলাতেই কৃষি বিভাগৰ অদূৰদৰ্শিতাৰ পৰিণতি। কৃষকক দিবলৈ ৰুৱা কঠিয়া এতিয়া গৰুৱে খাইছে। ২০ হেক্টৰ ভূমিত এতিয়া চৰিছে গৰু। ৰাজকোষৰ ধনৰ অপচয় দেখি অসন্তুষ্ট সচেতন ৰাইজ।

কৃষি বিভাগৰ অদূৰদৰ্শিতাৰ পৰিণতি
কৃষকে পাবলগীয়া কঠিয়া চোবাইছে গৰুৱে
পৰিকল্পনাৰ বিপৰীত ছবি কৃষি মন্ত্ৰীৰ গৃহ জিলাত

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত গোলাঘাটৰ ফলঙনি বীজ পামত প্ৰায় ২০ বিঘা ভূমিত কৃষি বিভাগে ৰুইছিল কঠিয়া। উদ্দেশ্য আছিল বানবিড়িত নাইবা কৃষকৰ মাজত বিতৰণ কৰা। কিন্তু যিদৰে পৰিকল্পনা কৰা হৈছিল সেইদৰে নহ’ল। উন্নতমানৰ এই কঠিয়া কৃষকে নাপালে। ফলত এতিয়া গৰুৱে খাইছে উন্মতমানৰ কঠিয়া। কঠিয়াতলিত এৰি দিয়া হৈছে গৰু। কৃষি বিভাগৰ সুপৰিকল্পনাৰ অভাৱৰ বাবেই এই ঘটনা।

বিধায়ক বিশ্বজিত ফুকনে নিজেই কঠিয়া ৰুইছিল এই বীজপামত। লাখ-লাখ টকা খৰছ কৰা হৈছিল এই কামত। এতিয়া সেই বীজ পাম গৰুৰ চৰণীয়া পথাৰত পৰিণত হৈছে। ৰাইজে কিন্তু ইয়াৰ লাভ নাপালে। ৰাজকোষৰ ধন অপচয়হে হ’ল।

চকুৰ সন্মুখতেই চৰকাৰী বীজ গৰুৱে খাইছে। গৰুৱে খাইছে কঠিয়া। কৃষি মন্ত্ৰীৰ গৃহ জিলাতেই ঘটিছে এই ঘটনা। উন্নতমানৰ কঠিয়াৰ এই অপচয় দেখি অসন্তুষ্ট ৰাইজ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...