সূৰ্য অভিমুখে অগ্ৰসৰ আদিত্য L1এ তুলিলে আকৰ্ষণীয় ছেলফী

প্ৰজ্ঞান লেণ্ডাৰৰ পিছত আদিত্য L1ৰ ছেলফীয়ে কৌতূহল সৃষ্টি কৰিছে মহাকাশ গৱেষণাত। বেলি অভিমুখে ধাৱমান আদিত্য L1এ সূৰ্যৰ লগত ছেলফীৰ উপৰি তুলিছে পৃথিৱী, চন্দ্ৰৰ আকৰ্ষণীয় ছবি। ইয়াৰ মাজতে আদিত্য L1এ পৃথিৱীৰ চৌপাশে পৰিভ্ৰমণ কৰি থকা কক্ষপথৰ দ্বিতীয়বাৰলৈ পৰিৱৰ্তন ঘটাই গতিবেগো বৃদ্ধি কৰিছে।

সূৰ্য অভিমুখে অগ্ৰসৰ আদিত্য L1এ তুলিলে আকৰ্ষণীয় ছেলফী
ছেলফীত দেখা গ’ল সূৰ্যৰ সৈতে সূৰ্য অভিমুখে ধাৱমান আদিত্য L1ক
আদিত্য L1এ লগতে একেটা ফ্ৰেমতে কেমেৰাবন্দী কৰিলে পৃথিৱী আৰু চন্দ্ৰক
২য়বাৰ কক্ষপথৰ পৰিৱৰ্তন কৰি লক্ষ্যত অবিচল আদিত্য L1

বেলি অভিমুখে যাত্ৰা অব্যাহত ৰাখিছে ভাৰতৰ মহাকাশযান আদিত্য L1এ। পৃথিৱীৰ চৌপাশে পৰিভ্ৰমণ কৰি থকা আদিত্য L1এ নতুন কক্ষপথ বাছি লৈছে। ইয়াৰ ফলত পৃথিৱীৰ পৰা আদিত্য L1এ অধিক বেগ লৈ পৃথিৱীৰ পৰা দূৰত্ব বৃদ্ধি কৰিছে।

আদিত্য L1এ অৱস্থান কৰিছে ২৮২ কিঃমিঃ X ৪০২২৫ কিঃমিঃ কক্ষপথত
অৰ্থাৎ এই কক্ষপথত আদিত্য L1 আৰু পৃথিৱীৰ সৰ্বনিম্ন দূৰত্ব হ’ব ২৮২ কিঃমিঃ
আনহাতে পৃথিৱী আৰু আদিত্য L1ৰ মাজত সৰ্বাধিক দূৰত্ব হৈছে ৪০,২২৫ কিঃমিঃ
এতিয়াও পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ পৰা ওলাই যোৱা নাই মহাকাশযানখন

পৃথিৱীৰ চৌপাশে প্ৰদক্ষিণ কৰি থকা অৱস্থাত আদিত্য L1এ ৫বাৰ কক্ষপথৰ পৰিৱৰ্তন কৰিলে। পঞ্চমবাৰলৈ কক্ষপথ সলনি কৰাৰ পিছত পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ বাহিৰলৈ ওলাই সূৰ্য অভিমুখে প্ৰকৃতাৰ্থত ধাৱমান হ’ব আদিত্য L1। মুঠ ১৫ৰ পৰা ১৬ দিনলৈ পৃথিৱীৰ কক্ষপথত পৰিভ্ৰমণ কৰিব মহাকাশাযান খন। পৃথিৱীৰ মধ্যাকৰ্ষণৰ পৰা ওলাই যোৱাৰ পিছত আদিত্য L1ৰ লক্ষ্য হ’ব পৃথিৱীৰ পৰা ১৫ লাখ কিঃমিঃ দূৰৈত থকা HALO POINT য’ত অৱস্থান কৰি আদিত্য L1এ পৰ্যৱেক্ষণ কৰিব সূৰ্যক।

আদিত্য L1এ কক্ষপথৰ পৰৱৰ্তী পৰিৱৰ্তন ঘটাব অহা ১০ ছেপ্টেম্বৰৰ নিশা ২:৩০ বজাত
মহাকাশযানখনে তোলা ছেলফীক লৈ চলিছে চৰ্চা
আদিত্যই তোলা ছবি শ্বেয়াৰ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই
আদিত্যৰ কেমেৰাত ধৰা পৰিছে যানখনত সংলগ্ন VILC, SUIT শীৰ্ষক দুটাকৈ যন্ত্ৰ

আদিত্য L1ৰ কেমেৰাত গোলাকৃতি পৃথিৱীৰ অৰ্ধেক অংশক সমুজ্জ্বল ৰূপত দেখা গৈছে। তাৰ লগতে চন্দ্ৰ অতি ক্ষুদ্ৰাকৃতিৰ ৰূপত ধৰা পৰিছে। যোৱা ২ ছেপ্টেম্বৰত শ্ৰীহৰিকোটাৰ পৰা ৰাওনা হোৱা আদিত্য L1ক HALO POINT পাবলৈ কমপক্ষেও ১২৫ দিনৰ প্ৰয়োজন হ’ব। ইফালে, চন্দ্ৰযান-৩ক লৈ হৈ-চৈৰ মাজতে

জোনবাইলৈ বৃহস্পতিবাৰে মহাকাশযান প্ৰেৰণ কৰিলে জাপানে
‘মুন স্নাইপাৰ’ শীৰ্ষক এই মহাকাশযানে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰপৃষ্ঠত
ইয়াৰ বাবে লাগিব ৪ৰ পৰা ৬মাহ পৰ্যন্ত সময়
জাপানৰ এই মহাকাশযানে কঢ়িয়াই নিছে এটা উপগ্ৰহও
এই উপগ্ৰহ নিৰ্মাণ কৰিছে নাছা, ইউৰ’পিয়ান স্পেচ এজেঞ্চীৰ সহযোগত জাক্সাই

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

মহানগৰীত মানৱতাক জোকাৰি যোৱা ঘটনা

গুৱাহাটীৰ জ্যোতিকুছিত মানৱতাক জোকাৰি যোৱা ঘটনা। দেওবাৰে ঘৰৰ ভিতৰতে...

সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ৭ জনকৈ লোক

জম্মু-কাশ্মীৰৰ গান্দাৰবাল জিলাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। সন্ত্ৰাসবাদীৰ আক্ৰমণত চিকিৎসকসহ...

দুদিনীয়া কাৰ্যসূচীৰে ইণ্ডোনেছিয়া ভ্ৰমণ সামৰিলে কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই যোৱা ১৯ আৰু...

ন-ৰূপত পানীখাইতিত উদ্বোধন থলুৱা ব্যঞ্জনৰ ৰেষ্টোৰা ‘পানচৈ’

সুস্বাদু থলুৱা খাদ্যৰসিক আৰু পৰ্যটকৰ বাবে সুখবৰ। দেওবাৰে উদ্বোধন...