আহি আছে অতুল বৰাৰ অত্যাধুনিক নিউজ প’ৰ্টেল

শনিবাৰে ডিমৰীয়া কলেজ চৌহদত অথন্তৰৰ সন্মুখীন হৈছিল বিধায়ক অতুল বৰা। দেওবাৰে বিধায়কজনৰ সংবাদমেল। সাংবাদিকক নিজৰ পৰিকল্পনাৰ কথা ক’লে বিধায়কজনে। লগতে দিলে মূল্যবৃদ্ধিৰে মোকাবিলা কৰিব পৰা কেইবাটাও আকৰ্ষণীয় কিটিপ।

অসমৰ ডিজিটেল সংবাদ মাধ্যমত শীঘ্ৰে হ’ব নতুন সংযোজন
আহি আছে অতুল বৰাৰ অত্যাধুনিক নিউজ প’ৰ্টেল
নাম কি হ’ব?

কি হ’ব কেনেকৈ হ’ব। পৰিকল্পনা কি। শনিবাৰে ডিমৰীয়া কলেজলৈ গৈ অথন্তৰৰ সন্মুখীন হৈছিল বিধায়ক বৰা। কি হৈছিল কিয় হৈছিল স্পষ্টিকৰণ দিবলৈ বিধায়কগৰাকীৰ সংবাদমেল। চাফাই গাই হ’ল। তাৰ পাছত সাংবাদিক আৰু বিধায়কৰ কথোপকথন।

অতুল বৰাই হেনো প’ৰ্টেল খুলিব
প’ৰ্টেলত হেনো খৰছো নাই
সিদ্ধান্ত হ’ল, কামো আগবাঢ়িছে
কি নাম?

অতুল বৰাৰ কাৰ্যসূচীৰে এটা নতুন প’ৰ্টেল
সাংবাদিকে সুধিলে বেলেগ বাতৰি নাযায়, কেৱল আপোনাৰেই নিউজ যাব?

তাৰ পাছতেই বিধায়ক অতুল বৰাৰ মুখত বিলাহীৰ মূল্যবৃদ্ধিৰ কথা। মাছে বিলাহীয়ে খাবলৈ মন গ’লে কি কৰিব। বজাৰত টমেটো চচ পায়। মাছৰ তৰকাৰী ৰান্ধক। তাতেই টমেটো চচ অকণমান পেলাই দিয়ক। হৈ গ’ল।

আমাৰ মানুহে খাবলৈ নাজানে…
বাহিৰৰ পৰা বজাৰ নকৰি ঘৰতেই খেতি কৰাৰ লাভ কিমান বুজাবলৈ বেল বজাই বৰাই মাত দিলে বুবুলক।

দেখুৱাই দিলে বিধায়ক বৰাই। বুবুলৰ ঘৰত জিকাৰ এজোপাই গছ ছটা জিকা লাগিছে। তিনিটা জিকা নিজেই খাই এটা বিধায়ক বৰালৈ আনিছে। কুমলীয়া জিকা। খাবলৈও সোৱাদ। এনেকুৱা কিটিপ বহুত আছে বিধায়ক বৰাৰ ওচৰত। নতুন চেনেলত দেখা পাব সেইবোৰ। বহুতেই ধাৰণা কৰিছে অতুলনীয় অতুল লাইভ, নাম হ’ব নেকি চেনেলটোৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

একাংশই দানবীৰ, মহান সজোৱা ফৰিছা চুলতানাৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰো

মানুহ কিমান নিকৃষ্ট হ'ব পাৰে নুশুনিলে-নেদেখিলে আপোনাৰ বিশ্বাস নহব।...

ছাত্ৰ আন্দোলনৰ সন্মুখত নতি স্বীকাৰ

অৱশেষত ক’কৰোছৰ জয়। যন্তৰ মন্তৰসহ সমগ্ৰ দেশ জুৰি হোৱা...

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা। কপিলী নৈত গা...

CJPৰ সকলো দাবী মানি ল’লে চৰকাৰে

সফলতাৰে অন্ত পৰিল চৰকাৰ-CJPৰ তৃতীয়লানি আলোচনা। CJPৰ সকলো দাবী...