নলবাৰীত সংঘটিত হ’ল এটা জঘন্য ঘটনা

নলবাৰীত সংঘটিত হ’ল এটা জঘন্য ঘটনা। সুৰামত্ত পুত্ৰই ঘূচিয়াই ঘূচিয়াই হত্যা কৰিলে মাতৃক। কেমেৰাৰ সন্মুখত হত্যাকাৰীয়ে স্বীকাৰ কৰিলে নৃশংস ঘটনাৰ কথা। জামগুৰিহাটতো ভয়ানক কাণ্ড। সমন্ধীয় ভাতৃৰ দাৰ ঘাপত প্ৰাণ হেৰুৱালে এজনে।

সুৰামত্ত পুত্ৰই ঘটালে এটা জঘন্য ঘটনা
ঘূচিয়াই ঘূচিয়াই হত্যা কৰিলে মাতৃক
অন কেমেৰা স্বীকাৰোক্তি
ময়েই মাৰিছিলো

নলবাৰীৰ ঘগ্ৰাপাৰৰ কয়াকুছিত সংঘটিত হ’ল এটা নৃশংস ঘটনা৷ এইটো সুৰাপায়ী ৰাকেশ কলিতাই ঘূচিয়াই ঘূচিয়াই হত্যা কৰিলে জন্মদাত্ৰীক। ৰোগীয়া মাতৃৰ সৈতে প্ৰায়ে সুৰাপান কৰি আহি কাজিয়াত লিপ্ত হৈছিল ৰাকেশ। শনিবাৰে নিশাও ৰাকেশে সুৰাপান কৰি কাজিয়া লাগিছিল বৰ্ষিয়ান মাতৃৰ লগত। কাজিয়া লাগিয়েই সুৰাপায়ী ৰাকেশে হত্যা কৰিলে মাতৃক। কেমেৰাৰ সন্মুখত স্বীকাৰ কৰিলে হত্যাকাণ্ডৰ কথা।

হত্যাকাৰী ৰাকেশ কলিতাক গ্ৰেপ্তাৰ কৰিছে ঘগ্ৰাপাৰ আৰক্ষীয়ে। কঠোৰ শাস্তি দাবী কৰিছে ওচৰ-চুবুৰীয়াই।

জামুগুৰিহাটৰ ৪নং জয়পুৰতো জঘন্য ঘটনা
বাবুল মুণ্ডা নামৰ যুৱকে ঘপিয়াই হত্যা কৰিলে সম্বন্ধীয় ভাতৃক

সঞ্জয় মুণ্ডা নামৰ লোকজনক ঘৰৰ সমীপতেই দাৰে ঘপিয়াই হত্যা কৰিলে বাবলুৱে। ঘৰুৱা সংঘাতৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছিল যদিও কেমেৰাৰ সন্মুখত হত্যাকাৰী বাবলুৱে স্বীকাৰ কৰিছে – ডাইনীৰ সন্দেহতেই সঞ্জয়ক হত্যা।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী বাবলুক। অব্যাহত ৰাখিছে সোধা-পোছা। নৃশংস ঘটনাক লৈ নলবাৰী, জামুগুৰিহাটত চাঞ্চল্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...