জোনবাইৰ বহু গোপন ৰহস্য উদঘাটনত ব্যস্ত প্ৰজ্ঞান ৰ’ভাৰ

জোনবাইত মৌল ৰূপত অক্সিজেন আছে। জোনবাইত আছে ছালফাৰো। আছে আৰু বহু ৰাসায়নিক পদাৰ্থ। এই আকৰ্ষণীয় তথ্যৰ সন্ধান দিছে যোৱা এসপ্তাহ ধৰি চন্দ্ৰপৃষ্ঠত বৈজ্ঞানিক গৱেষণাত ব্যস্ত প্ৰজ্ঞান ৰ’ভাৰে। ইয়াৰ লগতে বিক্ৰম লেণ্ডাৰৰ আকৰ্ষণীয় চিত্ৰ তুলি পৃথিৱীলৈ প্ৰেৰণ কৰিছে প্ৰজ্ঞান ৰ’ভাৰে। ইয়াৰ মাজতে বুধবাৰৰ দিনটোত ব্লু মুনৰ পৰিঘটনাই জোনবাইৰ প্ৰতি ভাৰতীয় মানুহৰ আকৰ্ষণ অধিক বৃদ্ধি কৰিছে।

জোনবাইৰ বহু গোপন ৰহস্য উদঘাটনত ব্যস্ত প্ৰজ্ঞান ৰ’ভাৰ
জোনবাইৰ বক্ষত যৌগ ৰূপত অক্সিজেনৰ উপস্থিতিৰ সন্ধান দিছে প্ৰজ্ঞান ৰ’ভাৰে
চন্দ্ৰপৃষ্ঠত প্ৰজ্ঞান ৰ’ভাৰে ছালফাৰৰ উপস্থিতি নিশ্চিত কৰাটো বৃহৎ সাফল্য হিচাপে চিহ্নিত
চন্দ্ৰপৃষ্ঠত এলুমিনিয়াম, কেলছিয়াম, আইৰণ, ক্ৰমিয়াম, টাইটানিয়াম, মেংগানিছ, ছিলিকন থকাৰো সন্ধান পাইছে প্ৰজ্ঞানে
চন্দ্ৰত এসপ্তাহ অতিক্ৰম কৰা প্ৰজ্ঞানৰ এই তথ্য আহৰণে উৎফুল্লিত কৰিছে ইছৰ’ৰ বিজ্ঞানীক
এতিয়া প্ৰজ্ঞান ৰ’ভাৰ ব্যস্ত চন্দ্ৰত জীৱৰ খবৰ দিব পৰা হাইড্ৰ’জনৰ সন্ধান উলিওৱাত

কাৰণ হাইড্ৰ’জেনৰ উপস্থিতি হ’লেহে অক্সিজেনৰ সৈতে পানীৰ অস্তিত্বৰ সম্ভেদ পোৱা যাব পাৰে।
জোনবাইৰ পৃষ্ঠত এসপ্তাহ অতিক্ৰম কৰা প্ৰজ্ঞান ৰ’ভাৰ সম্প্ৰতি ব্যস্ত আছে চন্দ্ৰপৃষ্ঠত বিভিন্ন খনিজ পদাৰ্থৰ সন্ধান। একে সময়তে বিক্ৰম লেণ্ডাৰো ব্যস্ত আছে আন কেতবোৰ তথ্যৰ অনুসন্ধানত। প্ৰজ্ঞানত থকা পেল’ড অৰ্থাৎ লেইজাৰ ইনডিউজ ব্ৰেকডন স্পেকট্ৰ’স্কপি অৰ্থাৎ লিবছ শীৰ্ষক যন্ত্ৰই এই তথ্যৰ সন্ধান দিছে। যানখনে প্ৰেৰণ কৰা তথ্যৰ ভিত্তিত জানিব পৰা মতে চন্দ্ৰৰ দক্ষিণ মেৰু এলেকাত মৌল ৰূপত অক্সিজেন আছে। চন্দ্ৰপৃষ্ঠত চলোৱা প্ৰথমটো ইনছিটু পৰীক্ষাত ছালফাৰ, অক্সিজেনৰ লগতে মেংগানিজ, ছিলিকনৰো উপস্থিতি ধৰা পৰিছে। লিবছ নামৰ যন্ত্ৰটোৱে চন্দ্ৰপৃষ্ঠত লেজাৰ ৰশ্মি নিৰ্গত কৰি তাৰ ফলত উদ্ভৱ হোৱা প্লাজমাৰ জৰিয়তে চন্দ্ৰপৃষ্ঠত থকা ৰাসায়নিক পদাৰ্থৰ সন্ধান কৰিছে।

চন্দ্ৰপৃষ্ঠত প্ৰজ্ঞান ৰ’ভাৰে তুলিলে বিক্ৰম লেণ্ডাৰৰ আকৰ্ষণীয় ফটো
ৰ’ভাৰত থকা নেভিগেশ্যন কেমেৰাৰে তুলিলে ফটো
Laboratory for Electro-Optics Systems (LIOS)-এ প্ৰস্তুত কৰা কেমেৰাৰে তুলিলে ফটো
প্ৰজ্ঞান ৰ’ভাৰ–বিক্ৰম লেণ্ডাৰে এসপ্তাহ পূৰ্ণ কৰি অব্যাহত ৰাখিছে গৱেষণা
সৌৰশক্তিৰ সহায়ত সক্ৰিয় হৈ ৰৈছে বিক্ৰম লেণ্ডাৰ, প্ৰজ্ঞান ৰ’ভাৰ

চন্দ্ৰপৃষ্ঠত বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰ’ভাৰৰ অনুসন্ধান অব্যাহত থকাৰ মাজতে বুধবাৰে আন এক মহাজাগতিক পৰিঘটনাৰ সাক্ষী হৈছে পৃথিৱী।

বুধবাৰে নিশা মহাকাশত দেখা গৈছে ‘BLUE MOON’
পূৰ্ণিমাৰ জোনবাইক অধিক ডাঙৰ আৰু উজ্বল ৰূপত দেখা গৈছে
ভাৰতত নিশা ৮ বাজি ৩৭ মিনিটত জোনবাইয়ে আটাইতকৈ উজ্বল ৰূপত ধৰা দিব
আজি চন্দ্ৰ আৰু পৃথিৱীৰ মাজত দূৰত্ব হ্ৰাস পাই হয়গৈ ৩,৫৭,২৪৪ কিলোমিটাৰ

যোৱা ১ আগষ্টত ভাৰতত ছুপাৰমুন দেখিবলৈ পোৱাৰ পিছত আজি ৩০ আগষ্টত ব্লু মুন দেখিবলৈ পোৱাটো এক বিৰল ঘটনা হিচাপে চিহ্নিত হৈছে। আজি পূৰ্ণিমাৰ দিনা চন্দ্ৰ–পৃথিৱীৰ অধিক কাষ চাপি অহাৰ বাবে জোনবাইক ডাঙৰ আৰু উজ্বল ৰূপত দেখাটো ব্লুমুন পৰিঘটনা হিচাপে চিহ্নিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...