৪.২ কোটি টকাৰ Lamborghini Urus S ক্ৰয় কৰা প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰ

বিৰাট কোহলী, এম এছ ধোনী, হাৰ্দিক পাণ্ডিয়াৰ দৰে তাৰকা ক্ৰিকেটাৰসকলক Car collectionৰ বাবে জনা যায়, য’ত BMW, ৰ’লছ ৰয়েচ, ৰেঞ্জ ৰভাৰ আদি কেইবাখনো বিলাসী গাড়ীও আছে। অৱশ্যে ভাৰতত বিলাসী গাড়ী Lamborghini Urus ক্ৰয় কৰা তেওঁলোক প্ৰথম নাছিল।

ৰোহিত শৰ্মা আৰু শচীন তেণ্ডুলকাৰ সমগ্ৰ দেশৰ একমাত্ৰ দুজন ক্ৰিকেটাৰ যি বিলাসী গাড়ী Lamborghini Urusৰ মালিক। ২০২২ চনত ৰোহিত শৰ্মাই Lamborghini Urus ক্ৰয় কৰাৰ বিপৰীতে ২০২৩ চনত এই গাড়ীৰ বিলাসী সংস্কৰণ ক্ৰয় কৰা প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় টেণ্ডুলকাৰ।

শচীন টেণ্ডুলকাৰে ২০২৩ চনৰ জুন মাহত Lamborghini Urus S ৪.২ কোটি টকাত ক্ৰয় কৰিছিল, যি তেওঁৰ ইতিমধ্যে ভৰপূৰ বিলাসী গাড়ীৰ সংগ্ৰহত যোগ হৈছে। ইফালে, ২০২২ চনত ৰোহিত শৰ্মাই নিজৰ Lamborghini Urus গাড়ীখন ক্ৰয় কৰিছিল আৰু পত্নী ঋতিকা সাজদেহৰ সৈতে কেইবাবাৰো গাড়ীখনত ক্ৰুজিং কৰা দেখা গৈছে।

শচীন টেণ্ডুলকাৰৰ Lamborghini Urus Sৰ মূল্য ৪.১৮ কোটি টকা, আনহাতে ৰোহিত শৰ্মাৰ বিলাসী বাহনখনৰ মূল্য ৩.১৫ কোটি টকা। বাতৰি অনুসৰি এই গাড়ীখন দেশৰ ভিতৰতে একমাত্ৰ দুজন ভাৰতীয় ক্ৰিকেটাৰৰহে আছে।

Lamborghini Urus S হৈছে সমগ্ৰ বিশ্বৰ অন্যতম ব্যয়বহুল আৰু বিলাসী বাহন, এখন উচ্চ কাৰ্যক্ষম SUV…, যিয়ে মাত্ৰ ৩.৫ ছেকেণ্ডত ঘণ্টাত ০ৰ পৰা ৬০ মাইল গতিবেগ লাভ কৰিব পাৰে আৰু ইয়াৰ সৰ্বোচ্চ গতিবেগ ঘণ্টাত ১৯০ মাইল।

কেৱল এই বিলাসী গাড়ীখনেই নহয়, শচীন টেণ্ডুলকাৰৰ গেৰেজত BMW i8, Ferrari 360 Modena, BMW M6 Gran Coupe, BMW M5 30 Jahre edition, আৰু বহুতো বহু কোটিটকীয়া বাহন আছে বুলি জনা যায়।

ইফালে, ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাও বহু পিছ পৰি থকা নাই, তেওঁৰ ব্যক্তিগত গাড়ী সংগ্ৰহত Lamborghini Urus, মাৰ্চিডিজ-বেঞ্জ জিএলএছ ৪০০ডি, বিএমডব্লিউ এক্স৩, বিএমডব্লিউ এম৫ (ফৰ্মুলা ৱান এডিচন), আৰু অ’ডি এ৬কে ধৰি কেইবাখনো বিলাসী বাহন আছে।

NKTV Digital
Author: NKTV Digital

333 COMMENTS

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...