নতুন অসমৰ বুনিয়াদ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আহিছে : মুখ্যমন্ত্রী

৮৫ কোটি টকা ব্যয়ৰে বোকাখাত মহকুমাত বিভিন্ন প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

ৰাজ্যজুৰি সৰ্বাত্মক মিশ্যন ইন্দ্ৰধনুষৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

নতুন অসমৰ বুনিয়াদ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আহিছে : মুখ্যমন্ত্রী

নৱম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

বোকাখাত ক্রীড়া প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে আৰু ৪০ কোটি টকা আগবঢ়াব

উমা ছেত্ৰীলৈ ৰাজ্য চৰকাৰে উপহাৰ স্বৰূপে প্ৰদান কৰিব ১০ লাখ টকা

গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ উন্নয়নৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সৰ্বমুঠ ৮৫ কোটি টকা ব্যয়ৰে বিভিন্ন প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে বোকাখাতত আজি ১০ কোটি টকা ব্যয় সাপেক্ষে সংহত ক্রীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ শুভ উদ্বোধন কৰাৰ লগতে প্ৰায় ১০ কোটি টকা ব্যয় সাপেক্ষে বোকাখাতত এটা নতুন পৰিদৰ্শন বঙলা, প্রায় ৯ কোটি টকা ব্যয় সাপেক্ষে পোহনীয়া পশুৰ অত্যাধুনিক চিকিৎসালয় আৰু ৫৬ কোটি টকা ব্যয় সাপেক্ষে কাজিৰঙাত সংহত হস্ততাঁত উদ্যানৰ আধাৰশিলা স্থাপন কৰে।

মুখ্যমন্ত্ৰীয়ে ইয়াৰ পিছতে নৱম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে বোকাখাতত ৰাজ্যিক ভিত্তিত আয়োজিত কেন্দ্রীয় অনুষ্ঠানতো অংশগ্ৰহণ কৰে। তদুপৰি তেওঁ আজি বোকাখাততে সর্বাত্মক মিশ্যন ইন্দ্ৰধনুষ ৫.০ৰ শুভাৰম্ভণি কৰে।

এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে বোকাখাতৰ এক গৌৰৱময় ঐতিহ্য আছে বুলি উল্লেখ কৰি কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপৰি নুমলীগড়, দেওপাহাৰ, কাকগোসাঁনী থান, বাবা থান, লখৌ গড় আদিয়ে বোকাখাত মহকুমাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। তদুপৰি এই মহকুমাত পৰ্যটনৰ যথেষ্ট থল আছে বুলি মন্তব্য কৰি তেওঁ কয় যে এখন জিলাত এটা উৎপাদন পৰিকল্পনাৰ অধীনত গোলাঘাট জিলাত জৈৱিক চাহ উৎপাদনৰ জিলা হিচাপে গঢ়ি তোলাৰ বাবে পদক্ষেপ লোৱা শৰ্মাই মন্তব্য কৰে যে গোলাঘাট জিলাত যথেষ্ট পৰিমাণে অগৰৰ খেতি কৰা হয়। কিন্তু এই অগৰ ঘৰতে সংসাধন কৰিব নোৱাৰা বাবে খেতিয়কসকলে এই কৃষিকৰ্মক লাভজনক দিশলৈ লৈ যাব পৰা নাছিল। সেয়ে গোলাঘাট জিলাত অগৰ সংসাধনৰ ক্ষুদ্ৰ উদ্যোগ চৰকাৰৰ পৰা অনুমতি বিশেষ অবিহনে স্থাপন কৰিব পৰাৰ ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে ইয়ে অগৰভিত্তিক উদ্যোগ গঢ়ি তোলাত সহায় কৰিব। হস্ততাঁতৰ লগত অসমৰ সম্পৰ্ক পুৰণি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰপেটাৰ তাঁতীকুছিত ১২০ হাত দীঘল আৰু ৬০ হাত বহল বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰিছিল। ইয়ে অসমৰ শিপিনীৰ বয়ন নিপুণতাকে তুলি ধৰে। হস্ততাঁত শিল্পক আগুৱাই নিয়াৰ লগতে ইয়াৰ লগত জড়িত শিল্পীসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে হস্ততাঁতৰ লগত জড়িত শিল্পীসকলক বিকশাই তোলাৰ বাবে বহিঃৰাজ্যৰ পৰা পাৱাৰলুমত প্ৰস্তুত কৰা গামোচা বিক্ৰী বন্ধ কৰাৰ বাবে যোৱা বছৰ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছিল। ইয়াৰ ফলত ব’হাগ বিহুৰ সময়ত গামোচা উদ্যোগটোৰ পৰিসৰ বৃদ্ধি পোৱাৰ লগতে আৰু শিপিনীসকলো লাভবান হ’বলৈ সক্ষম হৈছিল। অসমৰ বাহিৰত উৎপাদিত মেখেলা-চাদৰ, আৰোনাই আদি বস্ত্ৰ বহিঃৰাজ্যৰ পৰা আমদানী কৰাত প্রতিবন্ধকতা আৰোপ কৰাৰ ফলত অসমৰ শিপিনীসকলৰ বাবে এক বৃহৎ বজাৰ গঢ়ি উঠিছে বুলিও তেওঁ কয়। শিপিনীসকলৰ পৰা গামোচা ক্ৰয়ৰ বাবে ১০০ কোটি টকা নিৰ্দ্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰৰ এই পদক্ষেপে শিপিনীসকলক গামোচা বিক্রীত সুবিধা প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে গোলাঘাট জিলাত ৬৭ হাজাৰ শিপিনী আছে আৰু ৰাজ্য চৰকাৰে লোৱা আঁচনিৰ দ্বাৰা শিপিনীসকল উপকৃত হ’ব পাৰিব ।

কাজিৰঙাত এটা এলিভেটেড ক’ৰিডৰ নিৰ্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে চলোৱা প্ৰয়াসৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গোলাঘাট জিলাৰ কমাৰগাঁওৰ পৰা গহপুৰলৈ ব্ৰহ্মপুত্ৰৰ তলেৰে ৪ হাজাৰ কোটি টকা ব্যয় কৰি এটা সুংগ পথ নিৰ্মাণ কৰিব বিচৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত বিস্তৃত প্রকল্প প্রতিবেদন প্রস্তুতৰ কাম আৰম্ভ কৰিছে বুলিও তেওঁ সদৰি কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে দৰিদ্ৰ শ্ৰেণীৰ জনসাধাৰণলৈ ৰেচনকার্ড প্রদান, অৰুণোদয় আঁচনিৰ জৰিয়তে নতুন হিতাধিকাৰী সামৰি লোৱাৰ পদক্ষেপ, আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলালৈ ১০ হাজাৰ টকা প্রদান, প্রায় ৫ কোটিকে টকা ব্যয়ৰে হাইস্কুলসমূহৰ আন্তঃগাঁথনি উন্নীতকৰণ, আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ আদিকে ধৰি কল্যাণমুখী বিভিন্ন আঁচনি আৰু পদক্ষেপ গ্ৰহণৰ কথা উল্লেখ কৰি তেওঁ কয় যে এখন নতুন অসমৰ বুনিয়াদ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আহিছে।

আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে বোকাখাত ক্রীড়া প্ৰকল্পৰ ষ্টেডিয়ামখন সৰ্বাংগসুন্দৰকৈ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে আৰু ৪০ কোটি টকা আগবঢ়াব বুলিও ঘোষণা কৰে। তদুপৰি ভাৰতীয় ছিনিয়ৰ মহিলা ক্রিকেট দলত অসমৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে স্থান লাভ কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰা উমা ছেত্ৰীলৈ ৰাজ্য চৰকাৰে উপহাৰ হিচাপে ১০ লাখ টকা প্ৰদান কৰিব বুলিও তেওঁ কয়।

আজিৰ এই অনুষ্ঠানত অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত, বিত্ত আদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, হস্ততাঁত বস্ত্রশিল্প আদি বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিধায়কসকল ক্রমে বিদ্যাসিং ইংলেং, বিশ্বজিৎ ফুকন, ভৱেন্দ্ৰ নাথ ভৰালী, মৃণাল শ‍ইকীয়া, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব মণিষ ঠাকুৰ, হস্ততাঁত বস্ত্রশিল্প তথা ৰেচম বিভাগৰ সচিব দিলীপ কুমাৰ বৰাকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে কাজিৰঙাৰ সমীপত প্ৰস্তাৱিত প্রাকৃতিক সংগ্রহালয় আৰু একুৱাৰিয়াম প্ৰকল্পৰ বুজ লয়। উল্লেখ্য যে এই প্রকল্পত সংগ্ৰহালয়, একুৱাৰিয়ামৰ উপৰি অতিথিশালা, মুকলি মঞ্চ, পঁজাঘৰ আদিকে ধৰি বিভিন্ন উপাদান সংলগ্ন হৈ থাকিব। তদুপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে অহা পৰ্যটকৰ বাবেও এই প্রকল্প আকৰ্ষণৰ স্থলী হ’ব। মুখ্যমন্ত্ৰীয়ে আজি বোকাখাত ভ্রমণকালতে গেলেকীত প্ৰস্তাৱিত হেলিপোর্টৰ নিৰ্মাণস্থলীও পৰিদৰ্শন কৰে। উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰ ৰোধৰ সুবিধাৰ্থে ভ্ৰাম্যমান পহৰাৰ কামত ব্যৱহাৰৰ বাবে গার্গো টয়েটাই এখন বাহন মুখ্যমন্ত্ৰীৰ উপস্থিতিত আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগবঢ়ায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

প্ৰথমবাৰলৈ ভাগ্য পৰীক্ষাত নামিয়েই সফল হ’ল প্ৰিয়ংকা

প্ৰথমবাৰলৈ ভাগ্য পৰীক্ষাত নামিয়েই সফল হ’ল প্ৰিয়ংকা। সংসদীয় ৰাজনীতিত...

ৰকিবুলৰ দুৰ্গত উৰিল গেৰুৱা বাহিনীৰ বিজয় ধ্বজা

অন্ত পৰিল সকলো জল্পনা–কল্পনা, সমীকৰণৰ। গেৰুৱাৰ ধুমুহাত তচনচ হৈ...

ৰাজ্যৰ উপ-নিৰ্বাচনত মুখ ঠেকেছা খাইছে বিৰোধীয়ে

ৰাজ্যৰ উপ-নিৰ্বাচনত মুখ ঠেকেছা খাইছে বিৰোধীয়েআন সমষ্টিৰ লগতে ধলাই...

কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ মহাযুটিত টনা-আঁজোৰা। বিজেপি নেতা দেবেন্দ্ৰ...