আলুৰে কৰক সৌন্দৰ্য চৰ্চা…

ভাজি হওক বা সিদ্ধ হওক, আমিষ হওক বা নিৰামিষ হওক, সকলোতে আলুৰ ভূমিকা অনন্য। আলুৰে বনোৱা FRENCH FRIES, SPIRAL POTATO, আলুৰ চপ আদি আমাৰ সকলোৰে প্ৰিয়।

আলু অবিহনে ৰান্ধনি ঘৰ অচল। আমিষ-নিৰামিষ সকলো ব্যঞ্জনতেই আলুৱে পালন কৰে মুখ্য ভূমিকা। যিসকলে কোনো শাক-পাচলি খাব নিবিচাৰে তেওঁলোকৰো প্ৰিয় আলু। সকলোৱে খাই ভালপোৱা এই আলুৰো আছে বহু গুণ, আলুৰে কৰিব পাৰি ৰূপ চৰ্চা। এই আলু ব্যৱহাৰ কৰি আপুনিও আপোনাৰ হেৰাই যোৱা সৌন্দৰ্য ঘূৰাই আনিব পাৰে। কিন্তু কেনেকৈ? জানো আহক…

আলুৰে ৰূপ চৰ্চা…

চকু সতেজ কৰি ৰাখিবলৈ আলু : তিয়হ গোল গোলকৈ কাটি চকুত লগাই সকলোৱে ক্লান্তি দূৰ কৰে, কিন্তু জানেনে আলুতো আছে সেই একেই গুণ। আলু পাতলকৈ কাটি চকুত ১০মিনিট মান লগাই থলে চকুৰ ফুলা ভাৱ আতৰ হয় আৰু চকু সতেজ লাগে। আলুৰ পেষ্ট লৈ চকুৰ তলত মলমৰ দৰে লগালে ডাৰ্ক চাৰ্কলো কমে।

মুখৰ দাগ আতৰাবলৈ আলু : আলু ৰুকি লৈ ৰস উলিয়াই সেই ৰস মুখত ১০মিনিট মান লগাই থওক। শুকাই যোৱাৰ পাছত পৰিষ্কাৰ পানীৰে মুখ খন ধুই দিয়ক। এনেদৰে নিয়মিতভাবে ২মাহ মান লগালেই সকলো দাগ লাহে লাহে আতৰি যাব।

ছালৰ উজ্জলতা বৃদ্ধিত আলু : আলুৰ ৰসত আছে এনেকুৱা গুণ যিয়ে খুব সহজতেই ছালৰ উজ্জলতা বৃদ্ধিত সহায় কৰে। আলুৰ ৰস উলিয়াই লৈ সেই ৰসৰ সৈতে এক চামুচ নেমুৰ ৰস আৰু ২চামুচ মৌ মিহলাই মুখত ১৫ মিনিট মান লগাই থওক। শুকাই যোৱাৰ পাছত ধুই দিয়ক। এনে কৰিলে মুখৰ উজ্জলতা বৃদ্ধি পায় আৰু ছাল পৰিষ্কাৰ হয়।

ছালৰ বয়স বৃদ্ধিত বাধা দিয়ে : আলুত থকা এন্টি অক্সিডেন্ট আৰু ভিটামিন Cয়ে ছালৰ বয়স বৃদ্ধিত বাধা দিয়ে। আলুৰ বাকলি গুচাই পেষ্ট কৰি মুখত লগাওঁক। ২০মিনিট মান পাছত ঠাণ্ডা পানীৰে ধুই দিয়ক। নিয়মিতভাৱে লগালে আচৰিতজনকভাবে সুফল পাব।

ইফালে এই গ্ৰীস্মৰ বতৰত আপুনি মই সন্মুখীন হোৱা এটা সমস্যা হৈছে SUN TAN। এই সমস্যাটো আলুৱে দিব পাৰে আচৰিত লাভালাভ। আলুৰ পেষ্ট ব্যৱহাৰ কৰি আপুনিও SUN TAN আতৰাব পাৰিব।

আপুনিও যদি হেৰাই যোৱা সৌন্দয্য ঘূৰাই আনিব বিচাৰে, তেন্তে আপুনিও এনেদৰে আলু ব্যৱহাৰ কৰিব পাৰে। গতিকে আলু ব্যৱহাৰ কৰক, এখন সুন্দৰ ছালৰ গৰাকী হৈ থাকক।

NKTV Digital
Author: NKTV Digital

375 COMMENTS

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...