আপুনি ভাতকেৰেলা খাই ভাল পায় নেকি ? তেনেহ’লে জানো আহক ভাত কেৰেলাৰ ঔষধি গুণবোৰ

ভাতকেৰেলাৰ আছে বহুতো ঔষধি গুণ। ই এনে এক পাচলি যাক পৃথিৱীৰ আটাইতকৈ বেছি ঔষধি গুণসম্পন্ন পাচলি বুলি কোৱা হয়। এই পাচলিৰ ইমান গুণ আছে যে মাত্ৰ কেইদিনমান খালেই আপোনাৰ শৰীৰ স্বাস্থ্যৱান হৈ উঠিব। ইয়াৰ ইংৰাজী নাম Spiny Gourd। ইয়াক দৈনন্দিন আহাৰত অন্তৰ্ভুক্ত কৰিলে ই আমাৰ শৰীৰৰ আন আন উপাদানৰ লগতে ফাইবাৰৰো অভাৱো পূৰ্ণ কৰে।

ভাৰতীয় আয়ুৰ্বেদতো ই আটাইতকৈ শক্তিশালী পাচলি হিচাপে স্থান লাভ কৰিছে। এই পাচলি বিধ সুস্বাদু হোৱাৰ লগতে প্ৰ’টিনসমৃদ্ধও হয়। সেইবাবে ভাতকেৰেলাক স্বাস্থ্যকৰ পাচলি বুলি গণ্য কৰা হয়। প্ৰতিদিনে নহ’লেও মাজে সময়ে ইয়াক খালে আপোনাৰ শৰীৰ শক্তিশালী কৰি ৰখাত সহায় কৰিব। ভাতকেৰেলাত থকা ফাইটোকেমিকেলবোৰ আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। ই এণ্টিঅক্সিডেণ্টসমৃদ্ধ পাচলি। আহক ভাতকেৰেলাৰ ৭ টা গুণৰ বিষয়ে জানো।

ওজন হ্ৰাসত কৰাত সহায় কৰে
ওজন হ্ৰাস কৰাৰ বাবে ভিটামিন ‘C’ আৰু কম কেলৰি থকা খাদ্য অতি বেছি প্ৰয়োজনীয় আৰু ভাত কেৰেলাত ভিটামিন ‘চি’ প্ৰচুৰ পৰিমাণে থাকে৷ আকৌ ভাত কেৰেলাত অতি কম পৰিমাণৰ কেলৰি থাকে। ১০০ গ্ৰাম ভাতকেৰেলাৰ বিপৰীতে মাত্ৰ ১৭ গ্ৰাম হে কেলৰি পোৱা যায়। গতিকে ওজন হ্ৰাস কৰিব বিচৰা লোকসকলৰ বাবে এইটো এটা ভাল বিকল্প।

কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে
ভাট কেৰেলাত থকা লুইটেইনৰ (Lutein) দৰে কেৰোটোনইডবোৰে বিভিন্ন চকুৰ ৰোগ, হৃদৰোগ আৰু কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

উচ্চ ৰক্তচাপৰ পৰা মুক্তি
ভাতকেৰেলাত থকা মোমাৰ্ডিচিন উপাদান আৰু ফাইবাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী। মোমাৰ্ডিচিন উপাদানবোৰে এণ্টিডায়েবেটি আৰু এন্টিষ্ট্ৰেছ দৰে কাম কৰে লগতে ওজন আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে।

অৰ্শ্বৰোগ নিৰাময় কৰাত সহায় কৰে
ভাতকেৰেলাৰ মূলৰ ৰস অৰ্শ্বৰোগৰ নিৰাময়ৰ বাবেও ব্যৱহাৰ কৰা হয়।

পাচন (Digestion) প্ৰক্ৰিয়াত সহায়ক
আয়ুৰ্বেদতো ইয়াক বহুতো ৰোগৰ চিকিৎসাত ঔষধ হিচাপে ব্যৱহাৰ কৰে। ই পাচন ক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এণ্টি-এলাৰ্জিক:
ভাতকেৰেলাত থকা এণ্টি-এলাৰ্জেন্টে এলাৰ্জেটিক চৰ্দি আৰু কাহৰ পৰা সকাহ দিয়াত আৰু ইয়াক প্ৰতিৰোধ কৰাত যথেষ্ট সহায় কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
ৰোগৰ বিৰুদ্ধে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। সাধাৰণ চৰ্দি, ফ্লু আৰু অন্যান্য ভাইৰাছ বা বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা অতি প্ৰয়োজনীয়।

আমি বহুতেই খাবলৈ বেয়া পোৱা এই ভাতকেৰেলাৰ আছে এনে বহু গুণ। তেন্তে অপেক্ষা নকৰি আজিৰে পৰা আপোনাৰ খাদ্য তালিকাত এই বহু গুণেৰে সমৃদ্ধ ভাতকেৰেলা অন্তৰ্ভুক্ত কৰক ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...