আজি ১২ ঘন্টীয়া বৰাক বন্ধ, AIUDFৰ ও পৃথককৈ বন্ধৰ আহ্বান

আজি ১২ ঘন্টীয়া বৰাক বন্ধ, AIUDFৰ ও পৃথককৈ বন্ধৰ আহ্বান

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ প্ৰতিবাদত আজি ১২ ঘন্টীয়া বৰাক বন্ধৰ আহ্বান কেইবাটাও দল-সংগঠনৰ। কংগ্ৰেছ আৰু AIUDF এ পৃথক পৃথকে এই বন্ধৰ আহ্বান কৰিছে। মঙলবাৰে পুৱা ৫ বজাৰ পৰা আহ্বান কৰা এই বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে এতিয়া বৰাক উপত্যকাত।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতাৰে BDFএ আহ্বান কৰা বৰাক বন্ধক কংগ্ৰেছৰ লগতে আন দলসমূহে সমৰ্থন কৰিছে। আনহাতে, AIUDF দলেও বেলেগকৈ বন্ধৰ আহ্বান কৰিছে। কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দিত ব্যাপক উত্তেজনা দেখিবলৈ পোৱা গৈছে।

বৰাকৰ দুটা বিধানসভা সমষ্টি কৰ্তনৰ প্ৰস্তাৱৰ বিৰোধিতাৰে বন্ধৰ আহ্বান কৰা হৈছে। এই বন্ধৰ সময়ত যাতে কোনো অনৈতিক কাৰ্য বা পৰিস্থিতি অশান্ত নহয়, সেই উপলক্ষে ৰাজপথসমূহত আৰক্ষী-নিৰাপত্তাৰক্ষী নিয়োজিত কৰা হৈছে।

বিডিএফৰ মুখ্য আহ্বায়কে কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱৰ প্ৰতিবাদত ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনোৱা হৈছে, য’ত দুটা বিধানসভা সমষ্টি বিলোপ কৰা হৈছে- এটা হাইলাকান্দিত (কাটলিচেৰা) আৰু আনটো কৰিমগঞ্জ জিলাত (পাথাৰকান্দি)। প্ৰস্তাৱিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰিকল্পনাই বৰাক উপত্যকাৰ বিধানসভা আসনৰ সংখ্যা ১৫ ৰ পৰা ১৩ লৈ হ্ৰাস কৰিছে, যাৰ ফলত ইয়াৰ প্ৰতিনিধিত্বৰ সংখ্যাও হ্ৰাস পাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...