এইবাৰ অম্বুবাচী মেলাত ভক্তৰ বাবে কি কি ব্যৱস্থা থাকিব?

অম্বুবাচী মহাযোগলৈ মাজত আৰু কেইটামান দিন। বিগত বৰ্ষৰ দৰে এইবৰ্ষটো নীলাচললৈ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ ক্ৰমাৎ আগমন ঘটিছে। অম্বুবাচীক লৈ পৰ্যটন বিভাগ আৰু জিলা প্ৰশাসনে চলাইছে ব্যাপক প্ৰস্তুতি। উল্লেখযোগ্য যে, এইবাৰ সোণাৰাম খেলপথাৰৰ পৰিৱৰ্তে কামাখ্যা ষ্টেচনত হ’ব অম্বুবাচীৰ শুভাৰম্ভণি অনুষ্ঠান। অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’ব এইবাৰৰ শুভাৰম্ভণি অনুষ্ঠান। শুকুৰবাৰে অম্বুবাচীৰ প্ৰস্তুতিৰ বুজ ল’বলৈ আহি সংবাদ মাধ্যমক এই কথা জনাইছিল পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অম্বুবাচী উপলক্ষে সোণাৰাম খেলপথাৰ কেৱল পাৰ্কিঙৰ বাবে ৰখা হ’ব। অন্য স্থানৰ পৰিৱৰ্তে পাণ্ডুত হ’ব চাৰিটাকৈ ভক্তৰ শিবিৰ। কামাখ্যা ৰে’ল ষ্টেচনত হ’ব ভক্তৰ ট্ৰানজিট কেম্প। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তক ষ্টেচনৰ পৰা বাছেৰে অনা হ’ব পাণ্ডুৰ কেম্পলৈ। ভক্তৰ সুবিধাৰ্থে শিবিৰসমূহত সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইতিমধ্যে কামাখ্যা ৰে’ল ষ্টেচন আৰু সোণাৰাম খেলপথাৰত প্ৰয়োজনীয় কাম আৰম্ভ কৰিছে প্ৰশাসনে।

২২ জুনৰ নিশা ২.৩০ বজাত হ’ব অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি। ২৩ জুনৰ পৰা ২৫ জুনলৈকৈ বন্ধ থাকিব মন্দিৰৰ দ্বাৰ। ২৬ জুনৰ নিত্য পূজাৰ পাছত খুলি দিয়া হ’ব কামাখ্যাৰ দ্বাৰ। অম্বুবাচী উপলক্ষে ২৬ জুনত কামাখ্যা মন্দিৰত নাথাকিব কোনো VVIP-VIPৰ ব্যৱস্থা। অম্বুবাচীৰ দিনকেইটাত পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈহে নীলাচলত প্ৰৱেশ কৰিব পাৰিব ভক্তসকল।

অম্বুবাচীৰ সময়ত ভক্তসকলৰ নিৰাপত্তাৰ বাবে স্থাপন কৰা হ’ব ৪০০ৰো অধিক CCTV। সেৱা আগবঢ়াব স্কাউট-গাইড, NCCৰ বহুসংখ্যক স্বেচ্ছাসেৱকে। অম্বুবাচীৰ সময়ত ভক্তসকলক জোতা, চেণ্ডেল নানিবলৈ আহ্বান মন্দিৰ কৰ্তৃপক্ষ তথা প্ৰশাসনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...