সুৰাপান কৰি গাড়ী চলোৱা, হেলমেটবিহীনভাৱে দুচকীয়া বাহন চলোৱা সকলৰ বিৰুদ্ধে চলিব অভিযান

জিলা পৰিবহণ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

জিলা পৰিবহণ বিষয়াসকলক যান-বাহন আইন কঠোৰভাৱে বলবৎকৰণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় সভাগৃহত জিলা পৰিবহণ বিষয়াসকলৰ লগত এক পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত পৰিবহণ বিভাগৰ দ্বাৰা জনসাধাৰণলৈ আগবঢ়োৱা শাৰীৰিক উপস্থিতিবিহীন সেৱাই জনসাধাৰণক কিদৰে উপকৃত কৰিছে, জনসাধাৰণৰ ওজৰ-আপত্তি নিষ্পত্তিৰ দিশত লোৱা ব্যৱস্থাৱলী, বিগত সময়ছোৱাত হোৱা গাড়ী পঞ্জীয়নৰ সংখ্যা, ৰাজহ সংগ্ৰহ, পুৰণি যান-বাহন নষ্ট কৰাৰ ব্যৱস্থা আদিকে ধৰি বিষয়সমূহ বিতংভাৱে পর্যালোচনা কৰা হয়। তদুপৰি এই বৈঠকতে পথ সুৰক্ষাৰ বিষয়টো গুৰুত্বসহকাৰে আলোচনা কৰা হয় । বৈঠকত মুখ্যমন্ত্ৰীয়ে জনসাধাৰণে জিলা পৰিবহণ বিষয়াক যিকোনো বিষয়ৰ ওজৰ আপত্তি আগবঢ়ালে সেই বিষয়সমূহ তৎকালীনভাৱে সমাধান কৰাৰ বাবেও নির্দেশ দিয়ে। তেওঁ কয় যে জনসাধাৰণে যাতে ঘৰতে বহি পৰিবহন বিভাগৰ সেৱাসমূহ লাভ কৰিব পাৰে সেই দিশত সমগ্ৰ প্ৰক্ৰিয়াটো ডিজিটেলাইছেশ্যন কৰা হৈছে। এই সেৱাসমূহ স্বয়ংক্রিয়ভাৱে শাৰীৰিক উপস্থিতিবিহীনভাৱে নিশ্চিত ৰূপত লাভ কৰিব পাৰে তাক সুনিশ্চিত কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে জিলা পৰিবহণ বিষয়াসকলক নির্দেশ দিয়ে।

মুখ্যমন্ত্রীয়ে কয় যে বিগত সময়ছোৱাত ৰাজ্যখনত হোৱা শোকাৱহ দুৰ্ঘটনাৰ কাৰণসমূহ বিশ্লেষণ কৰাৰ লগতে ৰাজ্যিক পথ সুৰক্ষা সমিতিৰ দ্বাৰা ইতিমধ্যে চিনাক্ত কৰা সঘনাই দুর্ঘটনা হোৱা স্থানসমূহত ল’বলগীয়া প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰতিগৰাকী জিলা পৰিবহণ বিষয়াক নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে বৈঠকত জিলা পৰিবহণ বিষয়াসকলক যান-বাহন আইনসমূহ কঠোৰভাৱে বলবৎ কৰি আইন উলংঘাকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যৰ যিসমূহ গাড়ী বহিঃৰাজ্যৰ পঞ্জীয়নভুক্ত হৈ চলি আছে সেই গাড়ীসমূহৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ লগতে ৰাজ্যখনৰ ভিতৰুৱা অঞ্চলত পঞ্জীয়নবিহীন আৰু বিমাবিহীনভাৱে চলি থকা ডাম্পাৰসমূহৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা পৰিবহণ বিষয়াসকলক নির্দেশ দিয়ে। ৰাজ্যখনত সংঘটিত হৈ থকা দুৰ্ঘটনাৰ হাৰ ৰোধ কৰিবৰ বাবে সুৰাপান কৰি গাড়ী চলোৱা, হেলমেটবিহীনভাৱে দুচকীয়া বাহন চলোৱা আৰু চিট বেল্টবিহীনভাবে গাড়ী চলোৱা চালকসকল তথ্য যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে তালচী অভিযান অব্যাহত ৰাখিবলৈ জিলা পৰিবহণ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। ৰাজ্যখনৰ থানাসমূহত বাজেয়াপ্ত কৰা বাহনসমূহ ৯০ দিন উকলি যোৱাৰ পিছত বিভাগীয় মন্ত্ৰীৰ লগত আলোচনা কৰি নিলামৰ ব্যৱস্থা কৰিবলৈ পৰিবহণ বিভাগক তেওঁ নির্দেশ দিয়ে।

আজিৰ এই বৈঠকত পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, পৰিবহণ বিভাগৰ সচিব আদিল খান প্ৰমুখ্যে পৰিবহন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থকাৰ লগতে নৱনিযুক্ত যান-বাহন পৰিদৰ্শকসকলো উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

প্ৰথমবাৰলৈ ভাগ্য পৰীক্ষাত নামিয়েই সফল হ’ল প্ৰিয়ংকা

প্ৰথমবাৰলৈ ভাগ্য পৰীক্ষাত নামিয়েই সফল হ’ল প্ৰিয়ংকা। সংসদীয় ৰাজনীতিত...

ৰকিবুলৰ দুৰ্গত উৰিল গেৰুৱা বাহিনীৰ বিজয় ধ্বজা

অন্ত পৰিল সকলো জল্পনা–কল্পনা, সমীকৰণৰ। গেৰুৱাৰ ধুমুহাত তচনচ হৈ...

ৰাজ্যৰ উপ-নিৰ্বাচনত মুখ ঠেকেছা খাইছে বিৰোধীয়ে

ৰাজ্যৰ উপ-নিৰ্বাচনত মুখ ঠেকেছা খাইছে বিৰোধীয়েআন সমষ্টিৰ লগতে ধলাই...

কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ মহাযুটিত টনা-আঁজোৰা। বিজেপি নেতা দেবেন্দ্ৰ...