চানডুবিত অমৃত গছপুলি ৰোপণ অনুষ্ঠানত অংশগ্ৰহণ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ
গছপুলি ৰোপণ আৰু বনভূমি সংৰক্ষণৰ জৰিয়তেহে ৰাজ্যখনক ভৱিষ্যৎ প্ৰজন্মৰ বাবে ৰক্ষা কৰিব পৰা যাব : মুখ্যমন্ত্রী
ৰাজ্যখনৰ মুঠ ভৌগোলিক অঞ্চলৰ বনভূমি ৩৬ শতাংশৰ পৰা ৩৮ শতাংশলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা
অহা ২ অক্টোবৰত ৰাজ্যজুৰি এক কোটি গছ পুলি ৰোপণৰ পদক্ষেপ
অসমত এক বনকেন্দ্রিক সমান্তৰাল অর্থনীতি গঢ়াৰ প্ৰচেষ্টা ৰাজ্য চৰকাৰৰ
পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত আজি কামৰূপ জিলাৰ চানডুবিত আয়োজিত অমৃত গছপুলি ৰোপণ কাৰ্যসূচীত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ লগতে এখন জনসভাও সম্বোধন কৰে।
এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰীয়ে বনভূমিৰ সংৰক্ষণ কেৱল মাত্র সামাজিক কাৰণতে নহয়, ব্যক্তিগত অর্থনীতিৰ লগতে ৰাজ্যৰ অৰ্থনীতি তথা ৰাজ্যৰ ভৱিষ্যতৰ বাবে আৰু ভৱিষ্যৎ প্রজন্মৰ বাবে বনভূমি সংৰক্ষণৰ ওপৰত সকলোৱে গুৰুত্ব আৰোপ কৰিব লাগিব বুলি মত পোষণ কৰে। তেওঁ কয় যে অসমৰ প্ৰায় ২০ শতাংশ বনভূমি বেদখলকাৰীৰ কবলত আছে, যাৰ কু-প্ৰভাৱ সকলোৱে প্ৰত্যক্ষ কৰিছে। তদুপৰি, বনাঞ্চল আৰু পাহাৰাঞ্চল ধ্বংস কৰি মানুহে বাসস্থান নিৰ্মাণ কৰিছে। ইয়াৰ সমান্তৰালকৈ ডিজেল, পেট্ৰ’ল আদিৰ অত্যাধিক ব্যৱহাৰ বা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ ফলস্বৰূপে সম্প্ৰতি গোলকীয় উষ্ণতা এক ভয়াৱহ সমস্যাৰূপে থিয় দিছে। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, বন সংৰক্ষণ তথা সংবৰ্দ্ধন আৰু জীৱাশ্ম ইন্ধনৰ জৰিয়তে উৎপাদিত শক্তিৰ পৰিৱর্তে নৱীকৰণযোগ্য শক্তিৰ যথাসম্ভব ব্যৱহাৰেই হৈছে এই অৱস্থাৰ পৰা মুক্তি পোৱাৰ একমাত্র উপায়। মুখ্যমন্ত্রীয়ে কয় যে, প্রধানমন্ত্রী নবেন্দ্ৰ মোদীয়ে ২০২১ চনৰ ১ নৱেম্বৰত মাছগোত অনুষ্ঠিত হোৱা কপ ২৬ শীর্ষ সন্মিলনত বিশ্ববাসীৰ সন্মুখত ‘লাইফ’ অর্থাৎ ‘পৰিবেশৰ বাবে জীৱনশৈলী’ শীৰ্ষক এক অভিযানৰ বাৰ্তা তুলি ধৰিছে। প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ ৰাষ্ট্ৰসমূহক একত্ৰিত হৈ এই অভিযানক এক আন্দোলন হিচাপে আগুৱাই নিবলৈ আহ্বান জনাইছিল আৰু প্ৰাকৃতিক সম্পদসমূহৰ অপচয়মূলক ব্যৱহাৰৰ পৰিৱৰ্তে মননশীল আৰু উচিত চিন্তাধাৰাৰে বহনক্ষম ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে জলবায়ু পৰিৱৰ্তনৰ দিশত থকা ভাৰতৰ দায়বদ্ধতাৰ কথা ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে কৈছিল যে ভাৰতে ২০৩০ চনৰ ভিতৰত জীৱাশ্ম ইন্ধনৰ বিপৰীতে অ-জীৱাষ্ম শক্তি ক্ষমতা ৫০০ গিগাৱাটলৈ বৃদ্ধি কৰা, চাহিদাৰ ৫০ শতাংশ বিদ্যুৎ নৱীকৰণযোগ্য উৎসৰ পৰা আহৰণ কৰা, কার্বন নির্গমণৰ পৰিমাণ ১ বিলিয়ন টন হ্রাস কৰাৰ ক্ষেত্ৰত ভাৰতবৰ্ষই পদক্ষেপ গ্ৰহণ কৰিব। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে ২০৭০ চনৰ ভিতৰত কাৰ্বন নির্গমনৰ শূণ্যলৈ নমাই অনাৰ লক্ষ্যত উপনীত হ’ব বিচাৰিছে বুলিও তেওঁ কয়। প্রধানমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমত ৫০০০ মেগাৱাট শক্তি সৌরশক্তিৰ জৰিয়তে আহৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰে প্ৰায় ৩০০০ মেগাৱাট সৌরশক্তি উৎপাদনৰ পদক্ষেপ বর্তমান বিভিন্ন পর্যায়ত চলি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অতি সোনকালে এই কাম সম্পূৰ্ণ হৈ উঠিব।
ৰাজ্যখনৰ বনভূমিক সংৰক্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে বুলি ভাষণ প্রসংগত উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিগত দুটা বছৰত ৰাজ্য চৰকাৰে লামডিং সংৰক্ষিত বনাঞ্চল, পাভ সংৰক্ষিত বনাঞ্চল, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য, এবাং ৰাষ্ট্ৰীয় উদ্যান আৰু আন কেতবোৰ বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযান চলাইছে। এই অভিযানৰ কালছোৱাত ৬১,৩৭৫ বিঘা বনাঞ্চল বেদখল মুক্ত কৰা হৈছে। তেওঁ কয় যে, এই উদ্যোগে ৰাজ্যখনত বনাৱৰণ বৃদ্ধিত যথেষ্ট সহায় কৰিব। লামডিং সংৰক্ষিত বনাঞ্চল আৰু পাভ সংৰক্ষিত বনাঞ্চলৰ পৰিৱেশ সুৰক্ষিত কৰাৰ লগতে বন্যপ্ৰাণীৰ বাবে বাসস্থান গঢ়ি তুলিবলৈ গছপুলি ৰোপণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও তেওঁ কয়।
ভাষণ প্ৰসংগত ৰাজ্যখনৰ মুঠ ভৌগোলিক অঞ্চলৰ বনভূমি ৩৬ শতাংশৰ পৰা ৩৮ শতাংশলৈ বৃদ্ধি কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে বুলিও উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে সকলো শ্ৰেণীৰ লোকৰ অংশগ্ৰহণৰ জৰিয়তেহে এই প্ৰচেষ্টা বাস্তবায়িত হ’ব। কেরল গ্রীষ্মৰ সময়ছোৱাতে নহয়, বছৰৰ ৩৬৫ দিনৰ প্ৰতিটো দিনতে গছপুলি ৰোপণ, বৃক্ষ সংৰক্ষণ আৰু বনভূমিত নতুনকৈ যাতে কোনো বেদখল হ’ব নোৱাৰে তাৰ বাবে অকল বন বিভাগৰ দ্বাৰাই নহয়, জন ভাগীদাবিৰ জৰিয়তে কাম কৰাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। যোৱা তিনি দিনত ৰাজ্যখনৰ তাপমাত্রা ৩৮ ডিগ্রী ছেলচিয়াছতকৈও অধিক হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, গছপুলি ৰোপণৰ প্ৰতি সজাগতা তথা বনভূমি সংৰক্ষণৰ কাৰণে লোৱা ব্যৱস্থাৱলী আদিৰ দ্বাৰাহে ৰাজ্যখনক ভৱিষ্যৎ প্রজন্মৰ বাবে ৰক্ষা কৰিব পৰা যাব। তেওঁ এই ক্ষেত্ৰত নাগৰিকসকলক এই গুৰুত্বপূর্ণ আন্দোলনটোত অংশগ্রহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
মুখ্যমন্ত্রীয়ে ভাষণ প্ৰসংগত সদৰি কৰে যে ৰাজ্য চৰকাৰে অহা ২ অক্টোবৰত গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি সমগ্র বাজাতে এক কোটি গছপুলি ৰোপণ কৰিব। এই কাৰ্যসূচীত অংশ লোৱা প্ৰতিগৰাকী ব্যক্তিলৈ গছজোপাৰ প্ৰতিপালনত সহায়ক হোৱাকৈ ১০০ টকা কৃতজ্ঞতা হিচাপে আগবঢ়োৱা হ’ব। আনহাতে তিনি বছৰৰ পিছত যদি গছপুলিটো জীয়াই থাকে তেতিয়া পুনৰ ব্যক্তিগৰাকীলৈ ২০০ টকা আগবঢ়োৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ কয় যে অসমত যাতে এক বনকেন্দ্রিক সমান্তৰাল অর্থনীতি গঢ় লৈ উঠে তাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা লৈ শাল, চেগুণ আদিৰ দৰে বাণিজ্যিকভাৱে চাহিদা থকা গছপুলি ৰোপণত উদগণি যোগোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে।