কাইলৈৰ পৰা মহানগৰীত ক’ভিড প্রতিষেধক প্ৰদানৰ বৃহৎ কাৰ্যসূচী

মহামাৰী ক’ভিডৰ পৰা সকলােকে সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্য আগত ৰাখি কামৰূপ মহানগৰ জিলাত শনি আৰু দেওবাৰে ১৮ বছৰৰ পৰা ৪৪ বছৰৰ বয়সৰ লােকসকলৰ প্ৰথমপালি ক’ভিড টিকাকৰণ এক বৃহৎ কাৰ্যসূচী গ্রহণ কৰা হৈছে। জিলাখনত মুঠ ৫৮টা কেন্দ্ৰত এই টিকাকৰণ কৰা হ’ব। কেন্দ্ৰ সমূহত অনলাইন বুকিং আৰু প্ৰতিষেধক কেন্দ্ৰত পঞ্জীয়নৰ জৰিয়তে প্রতিষেধক ল’ব পাৰিব। চৰকাৰী স্বীকৃতিপ্রাপ্ত পৰিচয়পত্ৰ লৈ ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লােকসকলে নির্দিষ্ট কেন্দ্রসমূহত প্রতিষেধক ল’ব পাৰিব। আনহাতে ৫ মে’ আৰু ৭ মে’ তাৰিখে ক’ভাক্সিনৰ প্ৰথম পালি লােৱা জিলাখনৰ ব্যক্তিসকলক অহা ১৪ জুনত একে কেন্দ্রতে একেই সময়তে দ্বিতীয় পালি ল’বলৈ আহ্বান জনােৱা হৈছে। এইক্ষেত্ৰত ক’ভাক্সিনৰ প্ৰথম পালি প্রতিষেধক লােৱা প্ৰমাণ আৰু ফটো পৰিচয়পত্ৰ নিব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...