সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক সকলো দিশৰ পৰাই দৰং জিলাৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে : মুখ্যমন্ত্রী

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রণালয়ৰ অধীনত বিভিন্ন ঘাইপথ প্ৰকল্প আভাষীয়ভাৱে শিলান্যাস আৰু উদ্বোধন কৰিলে কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে

দৰং জিলাৰ উন্নয়নত বিশেষ মাত্রা সংযোজনেৰে মুখ্যমন্ত্ৰীয়ে শিলান্যাস তথা উদ্বোধন কৰিলে কেইবাটাও আন্তঃগাঁথনিমূলক প্রকল্প

সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক সকলো দিশৰ পৰাই দৰং জিলাৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে – মুখ্যমন্ত্রী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ৰ অধীনত ৰাজ্যখনৰ দৰং, নগাঁও আৰু কাৰ্বি আংলং জিলাৰ বিভিন্ন ঘাইপথ প্রকল্প আভাষীয়ভাবে শিলান্যাস আৰু উদ্বোধন কৰে পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্রী নীতিন গাডকাৰীয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডবকা-পাৰখোৱা খণ্ডৰ (ইষ্ট-ৱেষ্ট কৰিডৰ)ৰ ১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত পথ, দৰং জিলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মঙলদৈ বাইপাছ অংশৰ ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত পথৰ নিৰ্মাণ কাৰ্যৰ শিলান্যাস কৰে। আনহাতে নগাঁও জিলাৰ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেলীয়া গাঁৱৰ পৰা ৰঙাগড় অংশৰ চাৰিলেনযুক্ত ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ আৰু ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নগাওঁ বাইপাছৰ পৰা তেলীয়া গাঁও অংশৰ চাৰিলেনযুক্ত ১০ কিলোমিটাৰ পথ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আভাষীয়ভাবে উদ্বোধন কৰে।

আনহাতে মুখ্যমন্ত্ৰীয়ে আজি ১০ কোটি টকা ব্যয় সাপেক্ষ নৱনিৰ্মিত ছিপাঝাৰ ক্ৰীড়া উন্নয়ন প্রকল্প, ৭.৮৮ কোটি টকা ব্যয় সাপেক্ষ মেনাপাৰা ভকতপাৰা লোক নিৰ্মাণ পথৰ বিকাশ উন্নীতকরণ প্রকল্প, ৫.৮৪ কোটি টকা ব্যয় সাপেক্ষ মঙলদৈ ক্রীড়াংগণত স্থাপিত হাই মাষ্ট লাইট আৰু পেভিলিয়ন, ২ কোটি টকা বায় সাপেক্ষ নবনির্মিত ধলপুৰ শিৱধাম মন্দিৰ তথা সংলগ্ন নিৰ্মাণকাৰ্য আৰু ৫০ লাখ টকা ব্যয় সাপেক্ষে মঙলদৈ ধূলা আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভবন উদ্বোধন কৰে। তদুপৰি ২৮২.৮৫ কোটি টকা ব্যয় সাপেক্ষে ছিপাঝাৰ-টংলা পথৰ বিকাশ আৰু উন্নীতকৰণ, ২০৪.৬১ কোটি টকা ব্যয় সাপেক্ষে দলগাঁও-ধূপগুৰি পথৰ বিকাশ আৰু উন্নীতকৰণ, ৫.৪১ কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্রী উন্নত পকী পথ নিৰ্মাণ আঁচনিৰ প্ৰকল্প, ২৫.৩৩ কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ পকী পথ নির্মাণ আঁচনিৰ ১৫ টা প্রকল্প, ৫.২৭ কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনিৰ ৬ টা প্রকল্প আৰু ৬.৩০ কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ মথাউৰি পকীকৰণ আঁচনিৰ দুটা প্ৰকল্পৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰীয়ে।

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন পথ প্ৰকল্পৰ শুভ উদ্বোধন তথা শিলান্যাস কৰাৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্রী নীতিন গোডকাৰীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে আজিৰ দিনটোৰ এক ঐতিহাসিক গুৰুত্ব আছে। অসমীয়া জাতিৰ অন্যতম প্ৰাণ প্রতিষ্ঠাতা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আজি জন্ম উৎসৱ। অসমৰ ভক্তি আন্দোলনৰ মাধ্যমেৰে যি এক নৱজাগৰণৰ সূচনা হৈছিল তাৰ অন্যতম হোতা আছিল মহাপুৰুষ মাধৱদেৱ। মুখ্যমন্ত্ৰীয়ে মহাপুৰুষ মাধৱদেৱৰ প্ৰতি সশ্রদ্ধ ভক্তি আগবঢ়ায়। মুখ্যমন্ত্রীয়ে কয় যে পৰিবহণৰ যোগেদি ৰূপান্তৰ আছিল প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অমোঘ বাণী। তেওঁ কয় যে ৰাজ্যখনৰ বিভিন্ন জিলাত ১৫ হাজাৰ কোটি টকাৰে বিকাশৰ এক নতুন যাত্ৰা আৰম্ভ কৰা হৈছিল। পৰৱৰ্তী পৰ্যায়ত কামৰূপ (মহানগৰ), ৰঙিয়া, ওদালগুৰিত কেইবাশ কোটি টকা ব্যয় সাপেক্ষ প্রকল্পৰ শিলান্যাস বা শুভ উদ্বোধন কৰা হৈছিল। আজি দৰং জিলাত ১ হাজাৰ কোটি টকাতকৈও অধিক ব্যয় সাপেক্ষ প্রকল্প আৰম্ভ কৰা হৈছে। আনহাতে বিভিন্ন প্রকল্প শুভ উদ্বোধনে ঐতিহ্যমণ্ডিত দৰং জিলাক আৰু এখোজ আগুৱাই লৈ গ’ল বুলি মুখ্যমন্ত্রীয়ে কয়।

ঐতিহাসিক, সাংস্কৃতিক আৰু ৰাজনৈতিক সকলো দিশৰ পৰাই দৰং জিলাৰ এক গৌৰৱোজ্জ্বল ঐতিহ্য, ভৌগোলিক গুরুত্ব আৰু বিশেষত্ব আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে খ্রীষ্টীয় নরম শতিকাৰ প্রাচীন দৰং অঞ্চল সুবৰ্ণপীঠ আৰু সৌমাৰপীঠৰ অন্তৰ্ভুক্ত আছিল। দৰং জিলাত উদ্ধাৰ হোৱা প্রাচীন শিলত খোদিত মূৰ্তি আৰু বিভিন্ন কাৰুকাৰ্যবোৰে এক স্পষ্ট ধাৰণা দিয়ে যে এই জিলাখন এসময়ত বানজাৰ অধীনত আছিল বা তেওঁৰ প্ৰভাৱ ইয়াত পৰিছিল। মুখ্যমন্ত্ৰীয়ে কয় যে কোঁচৰজা নৰনাৰায়ণৰ নির্দেশ মতে ভাতৃ গোহাইকমলে নিৰ্মাণ কৰা পথটো গোহাইকমল আলি নামেৰে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। তেওঁ কয় যে অসমৰ বৌদ্ধিক, আধ্যাত্মিক আৰু সাংস্কৃতিক দিশত দৰঙে প্রাচীন কালৰে পৰা বিশেষ অৱদান আগবঢ়াই আহিছে। দৰঙৰ সাংস্কৃতিক ঐতিহ্যই অসমীয়া সংস্কৃতিৰ প্ৰাণ সঞ্চাৰিত কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় এই সাংস্কৃতিক ঐতিহ্য জনজাতীয় আৰু অজনজাতীয় উপাদানেৰে পৰিপূর্ণ।

মুখ্যমন্ত্ৰীয়ে দৰং জিলাত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে থকা ইচ্ছাৰ কথা প্ৰকাশ কৰি কয় যে ভূমিৰ স্থান নিৰ্দ্ধাৰণ হ’লে এখন মেডিকেল কলেজ স্থাপন কৰা হ’ব। মুখ্যমন্ত্রীয়ে কয় যে নির্বাচনৰ সময়ত এক লাখ যুৱক-যুৱতীক চাকৰি দিয়াৰ লগতে দুই লাখ যুৱক-যুৱতীক কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। ৮৭ হাজাৰ যুৱক-যুৱতীক অতি স্বচ্ছতাৰে নিযুক্তিপত্ৰ প্ৰদান কৰা হৈছে আৰু এইটো অসমৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব। অহা কিছু দিনৰ ভিতৰত ২২ হাজাৰ চাকৰি মুকলি কৰি দিয়াৰ লগতে প্ৰতিবছৰে নিৰ্দিষ্ট হিচাপত নিযুক্তি প্রক্রিয়া চলি থাকিব। বেংকত কোনোধৰণৰ বন্ধক নিদিয়াকৈ কৰ্মসংস্থাপনৰ বাবে যুৱক-যুৱতীসকলক ২ লাখ টকাকৈ প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। আমাৰ দৃষ্টিভংগী অসমৰ উন্নয়ন হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰকৃত আঁচনিৰ জৰিয়তে এই সুবিধা গ্ৰহণ কৰিবলৈ যুৱক-যুৱতীসকলক আহ্বান জনায়। অৰুণোদয় আঁচনিৰ অধীনত অধিক হিতাধিকাৰীক সামৰি ল’ব পৰাকৈ এফিডেফিটৰ কাম শীঘ্ৰে সমাপন কৰিবলৈ জিলা প্ৰশাসনক কয়। অৰুণোদয় আঁচনিৰ ধন ১২৫০ টকাৰ পৰা ১৪০০ টকালৈ বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। ছেপ্টেম্বৰৰ শেষত অথবা অক্টোবৰৰ আৰম্ভণিতে ৰাজ্যখনত নতুনকৈ ৪০ লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মুখমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। নিম্ন মধ্যবিত্ত সমাজৰ লোকেও যাতে ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে বছৰি আয়ৰ সীমা ২.৫০ লাখ টকাৰ পৰিবৰ্তে ৪ লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমত ৩ লাখ আত্মসহায়ক গোট আছে। ৩ লাখ আত্মসহায়ক গোটত থকা ৩০ লাখ মহিলাক স্বাবলম্বী হ’ব পৰাকৈ প্ৰতিগৰাকীক ১০ হাজাৰ টকাকৈ প্ৰদান কৰা পৰিকল্পনা গ্ৰহণ কৰা হৈছে।

আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে সাংসদ দিলীপ শ‍ইকীয়া, হৰেণ সিং বে’, বিধায়কবৃন্দ বসন্ত দাস, পৰমানন্দ ৰাজবংশী, দুর্গা দাস বড়ো, মজিবুৰ ৰহমান, দৰসিং ৰংহাং, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, অসম মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱী প্ৰমুখ্যে গণ্য-মান্য ব্যক্তি সকল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশাল ফুকন আৰু স্বপ্ননীল দাসৰ জামিন মঞ্জুৰ

বিশাল ফুকন আৰু স্বপ্ননীল দাসৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ...

সোণাৰিৰ নামতোলাৰ অপহৰণ কাণ্ডই জোকাৰিছে ৰাজ্য

ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত পুনৰ নগা দুৰ্বৃত্তৰ সন্ত্ৰাস। সোণাৰিৰ নামতোলাত...

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পদত্যাগ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পদত্যাগ। ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ...

শিৱসাগৰৰ ডিমৌত চাঞ্চল্যকৰ অপহৰণ-ধৰ্ষণ

এনকাউন্টাৰতো ভীতিগ্ৰস্ত নহয় একাংশ। আৰক্ষীৰ গুলীয়ে ৰোধ কৰিব পৰা...