ৰাজ্যৰ ৫ পৰিৱেশ কৰ্মীলৈ বিজ্ঞান- প্ৰযুক্তি পৰিষদৰ ‘পৰিৱেশ মিত্ৰ’ সন্মান

সমগ্ৰ ৰাজ্যজুৰি পালিত হোৱা বিশ্ব পৰিৱেশ দিৱসৰ দিনাই অসম বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন পৰিষদে অসমৰ ৫গৰাকী ব্যক্তিলৈ আগবঢ়াইছে চলিত বৰ্ষৰ পৰিৱেশ মিত্ৰ সন্মান। ৰাজ্যৰ পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহনাৰ বাবে তেওঁলোকক এই সন্মানৰ বাবে নিৰ্বাচিত কৰা হৈছে। এইসকলৰ ভিতৰত আছে নদী বিশেষজ্ঞ ডাঃ যোগেন্দ্ৰ নাথ শৰ্মা, পুনৰ ব্যৱহাৰযোগ্য শক্তি সম্পৰ্কীয় বিশেষজ্ঞ ফণীন্দ্ৰ চন্দ্ৰ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ প্ৰবাল শইকীয়া, অসমত পৰিৱেশ সাংবাদিকতাৰ বাটকটীয়া প্ৰণয় বৰদলৈ আৰু বন বিভাগৰ গৱেষণা বিষয়া ড০ দিলীপ চেত্ৰী। অনাগত দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বন-পৰিৱেশ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...