ছেল্ফী উঠোতেই পানী ভৰ্তি ৰিজাৰ্ভাৰত পৰিল মোবাইল

এজন চৰকাৰী বিষয়াক ২১ লাখ টকাৰ জৰিমনা

কাৰণ শুনিলে চকু কপালত উঠিব আপোনাৰ

২১ লাখ লিটাৰ পানী সিঁচি খালী কৰি দিছিল ৰিজাৰ্ভাৰ

পূৰ্বে আমিয়েই প্ৰকাশ কৰিছিলো এক প্ৰতিবেদন। এজন চৰকাৰী বিষয়াৰ আজৱকাণ্ড। হাতৰ পৰা ৰিজাৰ্ভাৰত পৰা মোবাইল উদ্ধাৰৰ বাবে বিষয়াজনে ৩ দিন ধৰি পাম্প চলাই সিঁচি পেলাইছিল ২১ লাখ লিটাৰ পানীৰে ভৰি থকা ৰিজাৰ্ভাৰ। চৰকাৰী বিষয়াৰ এই কাণ্ডই তোলপাৰ লগাগে দেশ।

অৱশেষত চৰকাৰী বিষয়াৰ বিৰুদ্ধে শাস্তি ঘোষণা হ’ল

বিষয়াই জৰিমনা হিচাপে দিব লাগিব ২১ লাখ টকা

এতিয়া বিষয়াৰ মূৰে–কপালে হাত দিয়াৰ পৰ। ১ লাখ টকীয়া IPHONEলৈ বন্ধুৰ সৈতে ছেল্ফী উঠিবলৈ গৈছিল বিষয়াজন।

ছেল্ফী উঠোতেই পানী ভৰ্তি ৰিজাৰ্ভাৰত পৰিল মোবাইল

১০ ফুট দ’ জলভাণ্ডাৰৰ পৰা মোবাইল উলিয়াবলৈ অদ্ভুত কৌশল

তিনিদিন ধৰি পাম্প লগাই সিঁচি পেলালে ৰিজাৰ্ভাৰৰ পানী। এই ঘটনা ঘটে ছত্তিশগড়ত। এই বিষয়াজনৰ নাম ৰাজেশ বিশ্বাস। ছত্তিশগড়ৰ কাকেৰ জিলাৰ কুইলিবেৰাত খাদ্য বিভাগত কৰ্মৰত। দেওবৰীয়া ছুটি উদযাপন কৰিবলৈ গৈ কৰিলে অদ্ভুত কাণ্ড। ১৫শ একৰ ভূমিত থকা জলভাণ্ডাৰ নষ্ট কৰি পেলোৱা দায়িত্বহীন বিষয়াজনক চাকৰিৰ পৰা নিলম্বিত কৰাৰ লগতে দৰমহাৰ পৰা ধন কৰ্তন কৰিবলৈ নিৰ্দেশ দিলে মহকুমা প্ৰশাসনে। যিমান পৰিমাণৰ পানী নষ্ট কৰিলে সিমান পৰিমানৰ ধন কৰ্তনৰ নিৰ্দেশ দিয়া হয়। এতিয়া বেচেৰাই হাঁহিব নোৱাৰা অৱস্থা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...