CBSEৰ দ্বাদশ-দশম শ্ৰেণীৰ ফলাফলত পাণবজাৰৰ ডনবস্কো বিদ্যালয়ৰ চমক

১০০% উৰ্ত্তীণৰে CBSEৰ দ্বাদশ শ্ৰেণীৰ ফলাফলত উজলিল গুৱাহাটীৰ পাণবজাৰৰ ডনবস্ক’ বিদ্যালয়

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ(CBSE)-এ শুকুৰবাৰে ঘোষণা কৰা দ্বাদশ শ্ৰেণীৰ ফলাফলত পাণবজাৰৰ ডনবস্কো বিদ্যালয়ে সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। সদ্যঘোষিত দশম শ্ৰেণীৰ পৰীক্ষাত পাণবজাৰৰ ডনবস্কো বিদ্যালয়ৰ ১৮৬জন শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ৮৩জন শিক্ষাৰ্থীয়ে ৯০%তকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে, ৬৯জন শিক্ষাৰ্থীয়ে ৮০%ৰ পৰা ৮৯% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ৭০ শতাংশৰ পৰা ৭৯ শতাংশ নম্বৰ লাভ কৰিছে ২০জন শিক্ষাৰ্থীয়ে। তাৰ বিপৰীতে ৬০-৬৯ শতাংশ নম্বৰ লাভ কৰিছে ১২গৰাকী ছাত্ৰ-ছাত্ৰীয়ে। বিদ্যালয়খনৰ মাত্ৰ দুজন শিক্ষাৰ্থীয়েহে ৬০%ৰ তলত নম্বৰ লাভ কৰিছে সদ্যঘোষিত ফলাফলত।

আনহাতে, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ (CBSE) দ্বাদশ শ্ৰেণীৰ ফলাফলত পাণবজাৰৰ ডনবস্কো বিদ্যালয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ২০৭জন শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে। ইয়াৰে ৮৩জন শিক্ষাৰ্থীয়ে ৯০% তকৈ অধিক নম্বৰ লাভ কৰে। আনহাতে ৭৫জন শিক্ষাৰ্থীয়ে ৮০% ৰ পৰা ৮৯% ৰ ভিতৰত নম্বৰ লাভ কৰে। ৭০ৰ পৰা ৭৯ শতাংশ নম্বৰ লাভ কৰে ৩৪জন শিক্ষাৰ্থীয়ে। একেদৰে ৬৫-৬৯ শতাংশ নম্বৰ লাভ কৰে ১৫গৰাকী ছাত্ৰ-ছাত্ৰীয়ে।

এই ফলাফলৰ পিছতে বিদ্যালয়খনৰ অধ্যক্ষ ফাদাৰ চেবাষ্টিয়ান মেথিউৱে সফল শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰি কয় যে এই ফলাফলৰ আঁৰৰ কাৰক হৈছে কঠোৰ পৰিশ্ৰম, আন্তৰিকতা আৰু অনুশাসন। এই ফলাফলৰ বাবে শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীৰ প্ৰতি সমৰ্পণৰ বাবে ধন্যবাদ জনায়। উল্লেখ্য যে, দশম আৰু দ্বাদশ দুয়োটা পৰীক্ষাতে ডনবস্কো বিদ্যালয়ৰ ১০০ শতাংশ শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...