আইতাকৰ ঘৰৰ কাষত সংগীত পৰিৱেশন কৰি নষ্টালজিক জুবিন

কিছু গীত, কিছু ৰগৰৰ মাজেৰে ক্ৰমাত শেষাংশলৈ গতি কৰিছে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। তাৰ মাজতে যোৰহাটৰ সৰুচৰাইত জুবিনৰ সংগীতানুষ্ঠান। ঘৰুৱা জিলাত গীত গাই নষ্টালজিক হৈ পৰিল জুবিন। বিৰামহীন সংগীতানুষ্ঠানৰ মাজতো যেন আইৰ কোলাত কিছু জিৰণি ললে জুবিনে।
……………………………..
এই যে আমি এইবাৰৰ বিহু মঞ্চত জুবিনৰ অনন্য ৰূপৰ কথা কৈছোঁ, সেই জুবিন গাৰ্গৰো কেতিয়াবা ভাগৰ লাগিব পাৰে। মই ভাগৰা নাই, জীৱন হেৰোৱা নাই বুলি কোৱাৰ পিছতো।
ঘৰুৱা জিলাত সংগীতানুষ্ঠানত যেন ভাগৰ জুৰালে জুবিনে!
গীতৰ মাজে মাজেই উভটি গ’ল ল’ৰালিৰ জুৰণিলৈ
ৰোমন্থন কৰিলে বহু ফুটুকীয়া স্মৃতি

শুকুৰবাৰৰ নিশা যোৰহাটৰ সৰুচৰাইত সংগীতানুষ্ঠান আছিল জুবিন গাৰ্গৰ। গতানুগতিক ভংগীমাৰেই জুবিনে গালে ইটোৰ পিছত সিটো জনপ্ৰিয় গীত।

নিজৰ আইতাকৰ ঘৰৰ কাষত সংগীত পৰিবেশন কৰি নষ্টালজিক জুবিন

কেৱল সিমানেই নহয়। জুবিন নষ্টালজিক হৈ পৰিল পুৰণি দিনৰ দুষ্টামিবোৰ সুঁৱৰিও। পাখি মেলি মন উৰি যোৱাৰ বয়সত জুবিনে কলে-
‘সৰুতে দোকানলৈ আহি বৈয়াম খুলি মৰ্টন উলিয়াই খাওঁ’
‘আগতে হিৰ’ৰ নিচিনা আছিলোঁ’

চৰকাৰে পেটুৱা আৰু সুৰাসক্ত পুলিচক কামৰ পৰা অব্যাহতি দিয়া বিষয়কলৈও ৰগৰ কৰিলে জুবিনে। ক’লে মোৰ অনুষ্ঠানত পুলিচসকলৰ বৰ কষ্ট হয়। পুলিচসকলক অব্যাহতি দিলে অসুবিধাহে হ’ব।

এনেদৰেই আকৌ কিছু গীত, দৰ্শকৰ সঁহাৰি, বিহু, মায়াবিনী, মায়া ইত্যাদি ইত্যাদি। নিজৰ ঘৰুৱা ঠাই যোৰহাটত গীত পৰিৱেশ কৰি নিজেও বহু ফুটুকীয়া স্মৃতি ৰোমন্থন কৰিলে শিল্পী জুবিন গাৰ্গে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...

কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে...