লেঙা-কুৰুৱা আদৰ্শ হাইস্কুলত চোৰৰ উপদ্ৰৱ

ৰাজ্যত প্ৰতিদিনাই আহি আছে চুৰিৰ খবৰ। কৰ’বাত মানুহ নথকাৰ সুযোগ লৈ, কৰবাত আন্ধাৰৰ সুৰুঙাৰে চোৰে চলাইছে উপদ্ৰৱ। এইবাৰ চোৰে উপদ্ৰৱ চলালে দৰঙৰ সীমামূৰীয়া লেঙা কুৰুৱা আদৰ্শ হাইস্কুলত। কেৱল চুৰিয়েই নহয়, এই আজৱ চোৰে মৰমেৰে এশাৰী বাক্যও লিখি থৈ গল বিদ্যালয়ৰ ব’ৰ্ডত। চাওক এক প্ৰতিবেদন।

আজৱ চোৰ!
কহয় মাধৱ দাসে, চোৰে চোৰে আছে!
টকা চোৰ, টিভি চোৰ, চাইকেল চোৰ, গাড়ী চোৰ, ছোৱালী চোৰকে আদি কৰি বিভিন্ন ধৰণৰ চোৰ আপুনি দেখিছে। এইবাৰ স্কুলত সোমাল চোৰ।
লেঙা-কুৰুৱা আদৰ্শ হাইস্কুলত চোৰৰ উপদ্ৰৱ
চোৰে বিদ্যালয়ৰ ব’ৰ্ডত লিখিলে ‘I love you, মই চোৰ’
সেয়ে আমি কবলৈ বাধ্য হৈছোঁ যে আজৱ চোৰ! দৰঙৰ সীমামূৰীয়া লেঙা কুৰুৱা আদৰ্শ হাইস্কুলত এইদৰেই চোৰে চলালে উপদ্ৰৱ। চাওক ফিল্মী কায়দাৰে চোৰ কৰি বিদ্যালয়ৰ ব’ৰ্ডত চোৰে লিখি গল কি। চোৰে লিখিলে ‘I love you, মই চোৰ’। লুটি নিলে বিদ্যালয়খনৰ কেইবালাখ টকাৰ সামগ্ৰী । ১১ খন চিলিং ফেন, ৪ টা কম্পিউটাৰ, ৪ টা পানী মটৰ । ১.৫ লাখ টকাৰ বাচন বৰ্তন, ২ টা পানী ফিল্টাৰ চুৰি কৰিলে চোৰে। ২ টা গেছ চিলিণ্ডাৰ, খেলৰ সামগ্ৰী, হাৰমণিয়াম, তবলাৰ লগতে কুৰুৱা ৰাস মহোৎসৱৰ সকলো সামগ্ৰীও লুটপাত কৰিলে চোৰে। কেৱল সেয়াই নহয়, সমান্তৰাল ভাৱে বিদ্যালয়ৰ সমীপৰ যুৱক সংঘৰ পুথি ভঁৰাল আৰু অংগনবাদী কেন্দ্ৰটো চোৰে চলালে লুট পাত। চুৰিকাণ্ডক লৈ লেঙা কুৰুৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে ঘটনা স্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাত ভাৰতৰ ২৮ বছৰীয়া যুৱকক গুলীয়াই হত্যা

পুনৰ আমেৰিকাত ভাৰতীয় যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। আমেৰিকাৰ ফেলাডেলফিয়াৰ...

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...