বুকুত বাজিছে ৰাণা দাৰ সুৰ… কৃষ্ণচূড়া, কৃষ্ণচূড়া, কৃষ্ণচূড়া

মানুহৰ হাই উৰুমি, ক্ষন্তেকীয়া ঔদ্ধত্যক নস্যাত কৰি, প্ৰকৃতিয়ে পালন কৰিছে চিৰাচৰিত নিয়ম। সৰ্বত্ৰ পাতিছে সুন্দৰৰ মেলা। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে এতিয়া সৰগীয় ৰহণ চৰিছে। কলিয়াবৰত কলিজাৰ ৰঙৰ দৰে ৰঙা হৈ ফুলিছে কৃষ্ণচূড়া।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে এতিয়া সৰগীয় ৰহণ চৰিছে। ফুলিছে কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ, সোণাৰু। বাৰিষাৰ প্ৰাকক্ষণত প্ৰকৃতিৰ এই অপৰূপ সৌন্দৰ্যই আকাশ কৰি তুলিছে ভিন্নৰঙী। কলিয়াবৰৰ পৰা কাজিৰঙা নতুবা কাজিৰঙাৰ পৰা কলিয়াবৰৰ দিশে যাত্ৰা কৰা প্ৰতিগৰাকী যাত্রীক প্ৰকৃতিৰ এই মনোৰম দৃশ্যই ৰোমাঞ্চিত কৰি তুলিছে। কলিয়াবৰৰ প্ৰকৃতিৰ এই অপৰূপ সৌন্দৰ্যই এতিয়া হাত-বাউলি মাতিছে অজস্ৰজনক।

প্ৰকৃতিৰ এই ন-ৰূপতেই প্ৰাণ পায় উঠে কবিৰ কবিতাই, সৃষ্টি হয় নতুন চিন্তা, নতুন সুৰৰ ,নতুন গীতৰ। অসমৰ কত কবি, গীতিকাৰে আপোন মাটিৰ গোন্ধতেই নিমজ্জিত হৈ ৰচি গৈছে এনে বহু কালজয়ী গীত। কৃষ্ণচূড়াৰ দৰেই ৰাধাচূড়াৰ ফুল খোপাত গুজি ৰাধাপুৰৰ ৰাধিকাই গাইছে বসন্তৰ গীত। সোণাৰুৰ হালধীয়া আব্দাৰ দেখি বাটৰ বাটৰুৱাই সুধিছে ফুল ফুলিছে কি?

এনেদৰেই এতিয়া মানুহৰ হাই উৰুমি, ক্ষন্তেকীয়া ঔদ্ধত্যক নস্যাত কৰি, প্ৰকৃতিয়ে পালন কৰিছে চিৰাচৰিত নিয়ম। সৰ্বত্ৰ পাতিছে সুন্দৰৰ মেলা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাত ভাৰতৰ ২৮ বছৰীয়া যুৱকক গুলীয়াই হত্যা

পুনৰ আমেৰিকাত ভাৰতীয় যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। আমেৰিকাৰ ফেলাডেলফিয়াৰ...

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...