জুবিনৰ উদাত্ত কণ্ঠ; ড্ৰামাৰৰ ৰূপত হিমা দাস

জুবিন ভক্ত এগৰাকী আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৌৰবিদ। জুবিন গাৰ্গ কেৱল তেওঁৰ প্ৰিয় শিল্পীয়েই নহয়, জুবিন গাৰ্গ তেওঁৰ জীৱনৰ অন্যতম এক আদৰ্শও। জুবিনৰ প্ৰখ্যাত ‘মন যায়’ শীৰ্ষক গীতটোৰ কথাকে সাৰোগত কৰি জীৱনত আগবাঢ়িছে তেওঁ। ট্ৰেকত বিজয়ৰ বহু মুহূৰ্তত চিঞৰি চিঞৰি কৈছে তেওঁ সেই দুটা প্ৰিয় শব্দ– মন যায়। মেগাষ্টাৰ অমিতাভ বচ্চনকো ক’বলৈ বাধ্য কৰাইছে– মন যায়। বিশ্বৰ বিভিন্ন প্ৰান্তত গৌৰৱেৰে, উৎসাহেৰে কৈ গৈছে তেওঁ– মন যায়। হয় আমি কৈছোঁ ধিং এক্সপ্ৰেছ হিমা দাসৰ কথা। সেই হিমা দাসকে এইবাৰ বিহু মঞ্চত তেওঁৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ সৈতে দেখা গ’ল এক ব্যতিক্ৰমী ৰূপত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...