দেৱীপ্রসাদ বাগড়োদিয়ালৈ অসম সাহিত্য সভাৰ বাসুদেৱ জালান সোঁৱৰণি বঁটা-২০২২

অসম সাহিত্য সভাই প্রতি দুবছৰৰ মূৰে মূৰে পাঠশালা তথা বৃহত্তৰ বজালী অঞ্চলৰ সমাজ-সংস্কৃতিৰ লগত ওতপ্ৰোতঃভাৱে জড়িত বিশিষ্ট সমাজসেৱী, মানৱতাবাদী, পৰোপকাৰী ব্যক্তি প্রয়াত বাসুদেৱ জালানৰ সোঁৱৰণত ‘বাসুদেৱ জালান সোঁৱৰণি বঁটা’ প্রদান কৰি আহিছে। এইবাৰ ‘বাসুদেৱ জালান সোঁৱৰণি বঁটা- ২০২২, ডিব্ৰুগড়ৰ বিশিষ্ট লেখক, অনুবাদক, সমাজসেৱী দেৱীপ্রসাদ বাগড়োদিয়াক প্ৰদান কৰা হ’ব। দেৱীপ্রসাদ বাগড়োদিয়া ডাঙৰীয়াই শ্ৰীমন্ত শংকৰদেৱ ৰচিত ধৰ্মীয় গ্রন্থ ‘গুণমালা’, বৰগীত’ আৰু শ্ৰীশ্ৰীমাধৱদেৱ ৰচিত ধৰ্মীয় গ্রন্থ ‘নামঘোষা’ৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গ্ৰন্থ সহ ভালেসংখ্যক অসমীয়া গ্রন্থ হিন্দী ভাষালৈ অনুবাদ কৰি ৰাইজৰ সমাদৰ লাভ কৰাৰ লগতে অসমৰ সমাজ জীৱনলৈ বিশেষ অৰিহণা আগবঢ়াই আহিছে।

৭ মে’ তাৰিখে দিনৰ ১১-০০ বজাত ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সভাৰ মাননীয় সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকাদেৱৰ পৌৰোহিত্যত অনুষ্ঠিতব্য এই গাম্ভীর্যপূর্ণ বঁটা প্রদানঅনুষ্ঠানত তেখেতক এই বঁটাটি প্ৰদান কৰা হ’ব বুলি প্ৰধান সম্পাদক ড° উপেন্দ্রজিৎ শর্মাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...