প’ৰ্ট ছুডানত গৈ উপস্থিত ভাৰতীয় নৌসেনাৰ জাহাজ INS SUMEDHA

গৃহযুদ্ধতপীড়িত ছুডানত আৱদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে ‘অপাৰেশ্যন কাবেৰী’

আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ ভাৰত চৰকাৰৰ এই অভিযান

প’ৰ্ট ছুডানত গৈ উপস্থিত ভাৰতীয় নৌসেনাৰ জাহাজ INS SUMEDHA

৫০০ ভাৰতীয় নাগৰিকে আশ্ৰয় লৈছে জাহাজখনত

জানিবলৈ দিলে কেন্দ্ৰীয় বিদেশমন্ত্ৰী এছ জয়শংকৰে

সংঘৰ্ষজৰ্জৰ ছুডানত আৱদ্ধ হৈ আছে প্ৰায় ৩ সহস্ৰাধিক ভাৰতীয় নাগৰিক। ছুডান সেনা আৰু দেশখনৰ অৰ্ধসামৰিক বাহিনী RSFৰ মাজত আৰম্ভ হোৱা গুলীয়াগুলী বিগত ১১ দিনেও অব্যাহত আছে। ৰাজধানী খাৰ্টুমৰ পৰিস্থিতি অধিক জটিল হৈ পৰিছে। ছুডানৰ আকাশমাৰ্গ বিদেশী বিমানৰ বাবে নিষিদ্ধ হৈ থকাৰ ফলত তাত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ বাবে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আৰম্ভ কৰিছে অপাৰেশ্যন কাবেৰী। খাৰ্টুমৰ পৰা ৮৫০ কিলোমিটাৰ নিলগত অৱস্থিত প’ৰ্ট ছুডানত ইতিমধ্যে উপস্থিত হৈছেগৈ ভাৰতীয় নৌ সেনাৰ জাহাজ INS SUMEDHA। বৰ্তমান দক্ষিণ আফ্ৰিকাৰ গিয়ানাত বাহৰ পাতি থকা বিদেশ মন্ত্ৰী জয়শংকৰে জানিবলৈ দিয়া মতে আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ বাবে ভাৰতে জাহাজৰ লগতে ভাৰতীয় সেনাৰ কেই‍বাখনো পৰিবহণ বিমানো সাজু কৰি ৰাখিছে।

সোমবাৰে ফ্ৰান্সে বিমানেৰে উদ্ধাৰ কৰিছিল ৫ গৰাকী ভাৰতীয় নাগৰিকক

ছৌদি আৰৱেও দেওবাৰে উদ্ধাৰ কৰি আছিল ৩ ভাৰতীয়ক

বৰ্তমান ছুডানত খাদ্য, ইন্ধনৰ তীব্ৰ সংকটে দেখা দিছে। লগতে ছুডানৰ পৰিৱেশ বিপজ্জনক হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত তাত আৱদ্ধ ভাৰতীয় সকলক যথাসম্ভৱ শীঘ্ৰে উদ্ধাৰ কৰাটো নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে। অপাৰেশ্যন কাবেৰীৰ জৰিয়তে ছুডানত আবদ্ধ ভাৰতীয়ই নতুন জীৱন পাব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...