ৰাজ্যৰ ১১,৮৮৬খন স্কুলে লাভ কৰিলে A+ গ্ৰেড

গুণোৎসৱ ২০২৩ত শিৱসাগৰ জিলাৰ প্ৰথম স্থান

স্কুল ৰেংকিঙত ২য় স্থানত চৰাইদেউ, ৩য় স্থানত গোলাঘাট

ৰাজ্যৰ ১১,৮৮৬খন স্কুলে লাভ কৰিলে A+ গ্ৰেড

আনহাতে ১৯,১৭২খন বিদ্যালয়লৈ A গ্ৰেড

B গ্ৰেডপ্ৰাপ্ত বিদ্যালয়ৰ সংখ্যা হৈছেগৈ ৭,৭১০খন

ৰাজ্যত Cগ্ৰেড প্ৰাপ্ত বিদ্যালয়ৰ সংখ্যা হৈছেগৈ ১,৯৭২খন

সেইদৰে D গ্ৰেড লাভ কৰিছে ৭৬৭খন বিদ্যালয়ে

৩,০২৪খন বিদ্যালয়লে লাভ নকৰিলে কোনো গ্ৰেড

যোৱা ১৮ জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত শিক্ষা বিভাগে অনুষ্ঠিত কৰা গুণোৎসৱ ২০২৩ৰ ফলাফল আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। সেই মতে মুঠ ৪১ হাজাৰ ৫০৭ খন বিদ্যালয়ে লাভ কৰিছে বিভিন্ন গ্ৰেড। জিলা হিচাপত গুণোৎসৱৰ ৰেংকিঙত ৮০০খন বিদ্যালয়ে লাভ কৰা A+ গ্ৰেডৰ সহায়ত শিৱসাগৰ জিলাই শীৰ্ষ স্থান অধিকাৰ কৰিছে। পূৰ্বতকৈ A+ গ্ৰেড বিদ্যালয় পোৱা সংখ্যা বৃদ্ধি পোৱাত মুখ্যমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে।

প্ৰতিখন A+ পোৱা বিদ্যালয়লৈ ২৫ হাজাৰ টকা ঘোষণা মুখ্যমন্ত্ৰীৰ

১০ মে’ত ৰাজ্যৰ প্ৰাথমিক, মাধ্যমিক বিদ্যালয়ত ৬ হাজাৰ শিক্ষকক দিয়া হ’ব নিযুক্তি

অহা ৩ বছৰৰ ভিতৰত C, D গ্ৰেডপ্ৰাপ্ত বিদ্যালয় নোহোৱা কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

চৰ অঞ্চল বা ধৰ্মীয় সংখ্যালঘু এলেকাত শৈক্ষিক উত্তৰণ ভাল হোৱা বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, গুণোৎসৱক পৰীক্ষালৈ ৰূপান্তৰ কৰিব পৰাটো শুভ লক্ষণ। বিদ্যালয়সমূহৰ আমূল পৰিৱৰ্তন সাধনৰ বাবে চৰকাৰে অহৰহ চেষ্টা অব্যাহত ৰাখিব। প্ৰাক্তন ছাত্ৰ–ছাত্ৰীক তেওঁলোকৰ বিদ্যালয়ত সপ্তাহত এদিনকৈ হ’লেও ক্লাছ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে।

গুণোৎসৱত শোচনীয় প্ৰদৰ্শন কামৰূপ মেট্ৰ’ জিলাৰ

গুণোৎসৱৰ ৰেংকিঙত কামৰূপ মেট্ৰ’ জিলা ২৯নং স্থানত

বিপৰীতে কামৰূপ গ্ৰাম্য জিলাই লাভ কৰিছে পঞ্চম স্থান

ৰেংকিঙত নিম্নস্থান লাভ ক্ৰমে পশ্চিম কাৰ্বি আংলং, চিৰাং, কাৰ্বি আংলং জিলা

২০২২ৰ গুণোৎসৱত A, B, C, D গ্ৰেডপ্ৰাপ্ত ৮,৩৮০খন স্কুলৰ এইবাৰ A+ গ্ৰেড লাভ

গুণোৎসৱ ২০২৩ত প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ চৰকাৰী, প্ৰাদেশীকৰণ হোৱা বিদ্যালয়, চাহ বাগিচাৰ বিদ্যালয়, আদৰ্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আৰু আবাসী বিদ্যালয়সমূহক সামৰি কৰা হৈছিল গুণোৎসৱ ২০২৩। মন্ত্ৰী, বিধায়ক, মুখ্য সচিব, IAS বিষয়া, IPS বিষয়া আদিয়েও এই গুণোৎসৱত বহী নিৰীক্ষক হিচাপে কাম কৰিছিল।

গুণোৎসৱ ২০২৩ৰ বিশেষ বৈশিষ্ট হৈছে A+ গ্ৰেড বিদ্যালয়ৰ সংখ্যা বৃদ্ধি

A+ গ্ৰেড বিদ্যালয়ৰ সংখ্যা যোৱাবাৰৰ ১১.৫২ শতাংশৰ পৰা ২৯.৬৪ শতাংশলৈ বৃদ্ধি

লগতে C আৰু D গ্ৰেডপ্ৰাপ্ত বিদ্যালয়ৰ সংখ্যা পূৰ্বতকৈ পাইছে হ্ৰাস

সংবাদমেলত মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্তও উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...