সৰুসজাই ষ্টেডিয়ামত আয়োজিত “বিহু বিনন্দীয়া” অনুষ্ঠানৰ সামগ্ৰিক ব্যৱস্থাপনাৰ বুজ ল’লে মন্ত্ৰী অশোক সিংহলে

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক বিশেষ বৈঠকত অহা ১৪ এপ্ৰিল তাৰিখে সৰুসজাই ষ্টেডিয়ামত আয়োজিত হ’বলগীয়া “বিহু বিনন্দীয়া” শীৰ্ষক বৰ্ণাঢ্য অনুষ্ঠানৰ আসন ব্যৱস্থাপনা আৰু যান-বাহন পৰিকল্পনাৰ পৰ্যালোচনা কৰে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই বৃহৎ কাৰ্যসূচী যাতে সুচাৰুৰূপে অনুষ্ঠিত কৰিব পাৰি, সেই সন্দৰ্ভত সাধাৰণ প্ৰশাসন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আজিৰ বৈঠকত বিশদভাৱে আলোচনা কৰা হয়।

আনহাতে, মন্ত্ৰী সিংহলে আজি সন্ধিয়া সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ অনুষ্ঠানটিৰ সামগ্ৰিক ব্যৱস্থাপনাৰ বুজ লোৱাৰ লগতে প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এই সন্দৰ্ভত এক বৈঠকতো মিলিত হৈ যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। এই বৈঠকত মুখ্য সচিব পৱন বৰঠাকুৰ আৰু অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙৰ লগতে সাধাৰণ প্ৰশাসন বিভাগ, কামৰূপ (ম) জিলা প্ৰশাসন, মহানগৰ আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...