গুৱাহাটীৰ যান-জঁটকলৈ প্ৰীতি জিণ্টাৰ টুইট

শনিবাৰে বলীউডৰ অভিনেত্ৰী প্ৰীতি জিণ্টাই গুৱাহাটীত কামাখ্যা মন্দিৰ দৰ্শন কৰে। ৫ এপ্ৰিলত আইপিএলৰ নিজ দল পঞ্জাৱ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ খেলখন চাবলৈ বৰষাপাৰা ষ্টেডিয়ামত গৈছিল। পঞ্জাৱ কিংছৰ এগৰাকী স্বত্বাধিকাৰী হিচাপে নিজৰ দলটোক উৎসাহ দিবলৈ অসমলৈ অহাৰ লগতে খেলখন উপভোগ কৰে। তেওঁ খেলখনৰ পূৰ্বে কামাখ্যা মন্দিৰ দৰ্শন কৰে আৰু ইয়াৰ এটা ভিডিঅ’টো সামাজিক মাধ্যম টুইটাৰত পোষ্ট কৰে।

উল্লেখনীয় যে, প্ৰীতি জিণ্টাৰ টুইটটোত এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে গুৱাহাটীৰ ট্ৰেফিক জাম সম্পৰ্কে তেওঁক এটা ৰিপ্লাই কৰে যে, ‘‘আশা কৰোঁ আপুনি ট্ৰেফিক জাম উপভোগ কৰিছে।’’ এই মন্তব্যত প্ৰীতি জিণ্টাই ৰিপ্লাই কৰি গুৱাহাটীৰ জাম ভয়ংকৰ বুলি উল্লেখ কৰিলে। লগতে তেওঁৰ সেই দিনটো ট্ৰেফিক জামত আবদ্ধ হোৱাৰ নিজৰ অভিজ্ঞতাও ব্যক্ত কৰে।

প্ৰীতি জিণ্টাই ৰিপ্লাইত লিখে, ‘‘ট্ৰেফিক জাম ভয়ংকৰ আছিল, মন্দিৰলৈ যাওতে আমাক ২ ঘণ্টা সময় লগাৰ লগতে উভতি আহোতে পুনৰ ২ ঘন্টা আৰু খেলৰ বাবে ষ্টেডিয়ামলৈ যাওতে আৰু এঘণ্টা সময় লৈছিল। মই আধা খেল পোৱা নাছিলো কিন্তু কোনো আপত্তি নাই। মই মন্দিৰৰ বাবে ভ্ৰমণ কৰিছিলো। খেলখন আনুষংগিক আছিল।’’গুৱাহাটীৰ বিভিন্ন ঠাইত উৰণীয়া সেঁতু নিৰ্মাণ কৰি থকা হৈছে। মালিগাঁৱত এনে এক দীঘলীয়া উৰণীয়া সেঁতু নিৰ্মাণ হৈ আছে যাৰ বাবে সেই ঠাইত যান–বাহন বহু সময়লৈকে আৱদ্ধ হৈ থাকিব লগাত পৰে। সেই পথৰে যোৱা পথচাৰীয়ে নিজ গন্তব্যস্থানলৈ যাওঁতে অশেষ পলম হয়। অভিনেত্ৰী প্ৰীতি জিণ্টাও কামাখ্যা মন্দিৰলৈ যাওতে একেই জামতে আৱদ্ধ হ’বলগা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...