বন্দনাই কিহেৰে টুকুৰা টুকুৰ কৰিছিল স্বামী আৰু শাহুৱেকক

গুৱাহাটীৰ লোমহৰ্ষক হত্য়াকাণ্ডৰ তদন্ত অব্যাহত আছে। আজি আৰক্ষীয়ে এই লোমহৰ্ষক হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতা আৰু দুই সহযোগী অৰূপ দাস আৰু ধনটি ডেকাক লগত লৈ নাৰেংগীৰ বোন্দা অঞ্চলত। পুৱাই তিনি অভিযুক্তক নুনমাটি থানাত জেৰা কৰাৰ পিছত চলোৱা হয় এই অভিযান।

অভিযানত বোন্দাজানত উদ্ধাৰ হয় হত্যাকাণ্ডত ব্যবহাৰ কৰা দাখন। এখন বোন্দাৰ সমীপৰ এটা সূতিত আৰক্ষীয়ে উদ্ধাৰ কৰে দাখন। এই দাখনেৰেই অমৰজ্যোতি আৰু শংকৰীক হত্যা কৰি টুকুৰা টুকুৰ কৰিছিল মৃতদেহ।

বন্দনাই পাথৰকোৱেৰীৰ এখন কমাৰৰ দোকানত বনাই আনিছিল এই দাখন। এই লোমহৰ্ষক হত্যাকাণ্ডত ব্যৱহাৰ কৰা দাখন ৩৫০ টকাৰে কিনিছিল বন্দনাই। হত্যাকাণ্ডৰ পিছত মৃতদেহ খণ্ড খণ্ড কৰাৰ পিছতে বোন্দাজান অঞ্চলত পেলাই দিছিল তেজলগা দাখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্ব বজাৰত খাৰুৱা তেলৰ দাম হ্ৰাস: ভাৰতত পেট্ৰ’ল-ডিজেলৰ দাম কমোৱাৰ ইংগিত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ

অনাগত কেইটামান সপ্তাহ ধৰি যদিহে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ...

পবিতৰা অভয়াৰণ্যত বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱা: ৰাজ্যত ৪খনকৈ নতুন বন আঁচনি ঘোষণা

চলিত বৰ্ষৰ ১ জুলাইৰ পৰা ৭ জুলাইলৈ ৰাজ্যজুৰি উদযাপন...

ভাৰতলৈ ১০ বিলিয়ন ডলাৰৰ জাপানী বিনিয়োগ আনিব ১২০খন ব্যৱসায়িক চুক্তিয়ে: হায়দৰাবাদ হাউছৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নতুন দিল্লীৰ হায়দৰাবাদ হাউছত জাপানৰ...