নৰ্থ-ইষ্ট অপেন গ’ল্ফ চেম্পিয়নশ্বিপ-২০২৩ৰ বঁটা বিতৰণী সভা

অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে দেওবাৰে কেবিনেট সতীৰ্থ মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাৰ সৈতে অসম গ’ল্ফ সংস্থাৰ উদ্যোগত গুৱাহাটীৰ নাৰেংগী সেনা চাউনীৰ গল্ফ খেলপথাৰত আয়োজিত “নৰ্থ-ইষ্ট অপেন গ’ল্ফ চেম্পিয়নশ্বিপ-২০২৩”ৰ বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰে। উপযুক্ত সেউজ ভূমিসমূহ গ’ল্ফ কৰ্ছলৈ ৰূপান্তৰিত কৰিলে অসমত ক্ৰীড়া পৰ্যটনে এক অনন্য মাত্ৰা লাভ কৰিব বুলি মন্তব্য কৰি গ’ল্ফৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অনাগত দিনতো এই খেলখনৰ ধাৰবাহিকতা অক্ষুন্ন থাকিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

অনুষ্ঠানত ব্ৰিগেডিয়াৰ সঞ্জীৱ চোপ্ৰা, অসম গ’ল্ফ সংস্থাৰ সভাপতি সঞ্জীৱ জয়ছোৱাল আৰু সম্পাদক প্ৰদীপ নুনিচাৰ লগতে সেনাবাহিনীৰ উচ্চপদস্থ বিষয়াবৰ্গও উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেঞ্চাৰৰ ঔষধৰ দাম ৯৩ শতাংশ পৰ্যন্ত হ্ৰাস, ৰোগীলৈ বৃহৎ সকাহ

কেঞ্চাৰ ৰোগীৰ চিকিৎসাৰ ব্যয় হ্ৰাস কৰাৰ লক্ষ্যৰে দেশত কেইবাবিধো...

ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৰ সৈতে মোকাবিলাৰ প্ৰস্তুতি, ওড়িশা-অন্ধ্ৰ প্ৰদেশত প্ৰায় ৪,০০০ আশ্ৰয় শিবিৰ সাজু

বংগোপসাগৰত সৃষ্টি হোৱা প্ৰবল ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৰ সম্ভাৱ্য প্ৰভাৱৰ সৈতে...

ইজৰাইলৰ নিৰ্বাচনত কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন বেঞ্জামিন নেতানিয়াহু, দেশৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিব ভোটাৰে

ইজৰাইলৰ ৰাজনীতিত পুনৰ অনিশ্চয়তা। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ ৰাজনৈতিক ভৱিষ্যৎ...

উৰন্ত বিমানত সহ-পাইলটৰ আক্ৰমণ প্ৰতিহত কৰি যাত্ৰীক ৰক্ষা কৰা ভাৰতীয় পাইলট স্মিত মাচ্ছাৰক সন্মান UAEৰ

উৰন্ত বিমানৰ ককপিটত সহ-পাইলটৰ আক্ৰমণৰ সন্মুখীন হৈও সাহসিকতা আৰু...