বিশ্ব ধর্ম সন্মিলনত স্বামী বিবেকানন্দই প্রদান কৰা ভাষণ আছিল ভাৰত তথা সনাতন ধৰ্মৰ বাবে এক সংজ্ঞায়িত মুহূর্ত : মুখ্যমন্ত্রী

ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে স্বামী বিবেকানন্দৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী ড° শৰ্মাৰ

অসম প্ৰদেশ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আজি মাছখোৱাৰ আই টিএত স্বামী বিবেকানন্দৰ জন্ম দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰি তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ‘যুগদৃষ্টি’ হিচাপে উদযাপিত এই দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইগৰাকী ভাৰতৰ অন্যতম সুসন্তানে সনাতন ধৰ্মৰ তত্ত্ব বিশ্ববাসীৰ সৈতে পৰিচয় কৰাই দিছিল।

মুখ্যমন্ত্রীয়ে এই অনুষ্ঠান আয়োজন কৰাৰ বাবে ভাৰতীয় জনতা যুৱ মৰ্চাক ধন্যবাদ জ্ঞাপন কৰি কয় যে স্বামী বিবেকানন্দৰ জীৱন অনুপ্ৰেৰণাৰে ভৰা। তেওঁ লগতে কয় যে স্বামীজী ভাৰতীয় নৱ জাগৰণৰ প্রতিমূর্তি। যিয়ে বিশ্বক হিন্দু ধৰ্মৰ সাৰমৰ্ম দেখুৱাইছিল। ১৮৯৩ চনত চিকাগোত অনুষ্ঠিত বিশ্ব ধর্ম সন্মিলনত তেওঁ প্ৰদান কৰা ভাষণ আছিল ভাৰত তথা সনাতন ধৰ্মৰ বাবে এক সংজ্ঞায়িত মূহূর্ত। তেওঁ ভাৰতীয় জনতা যুৱ মৰ্চাক স্বামীজীৰ বাৰ্তা আৰু শিক্ষাৰে ৰাজ্যৰ যুৱক-যুৱতীসকলক সজাগ কৰিবলৈ বিবেকানন্দ ভাষণ বজাই শুনাবলৈ আহ্বান জনায়।

মুখ্যমন্ত্রীয়ে কয় যে, উনৈশ শতিকাত আৰম্ভ হোৱা নৱজাগৰণ স্বামী বিবেকানন্দৰ দ্বাৰা বহু পৰিমাণে অনুপ্ৰাণিত আৰু পৰিচালিত হৈছিল। ৰাষ্ট্ৰ আৰু জনসাধাৰণৰ সাংস্কৃতিক, সামাজিক, আধ্যাত্মিক, ৰাজনৈতিক, শৈক্ষিক জীৱনত তেওঁ এক চাপ পেলাই যায়। ভাৰতীয় সভ্যতা পাঁচ হাজাৰ বছৰ পুৰণি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দেশৰ এই সমৃদ্ধশালী ইতিহাসক বিকৃত কৰাৰ এক অহৰহ প্ৰচেষ্টা চলি আহিছে। দেশৰ যুৱক-যুৱতীসকলে এনে পদক্ষেপ বিফল কৰিবলৈ সজাগ হ’ব লাগিব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে স্বামী বিবেকানন্দ, লাচিত বৰফুকন আদিৰ দৰে বিশাল ব্যক্তিত্বৰ অধিকাৰীসকলৰ পৰা অনুপ্ৰেৰণা লৈ অসাধু শক্তিসমূহক প্রতিহত কৰি আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰশীল হৈ যুৱসমাজে ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত অৰিহণা যোগাব লাগিব।

স্বামী বিবেকানন্দই ৰাষ্ট্ৰৰ জীৱনাদর্শ পুনৰ প্ৰতিষ্ঠা কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ত্যাগ আৰু সেৱা ভাৰতবাসীৰ বাবে আদৰ্শ হ’ব লাগে। তেওঁ এই আদৰ্শৰে যুৱক-যুৱতীসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ কামত নিজকে নিয়োজিত কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্রীয়ে কয় যে স্বামী বিবেকান্দই আন্তৰিকতাৰে বিশ্বাস কৰিছিল যে ভাৰতে নিজৰ সমস্যাসমূহ সমাধানৰ বাবে নিজে জাগ্ৰত হ’ব লাগিব। ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকল হৈছে সামাজিক বিকাশৰ বাবে আটাইতকৈ শক্তিশালী উপাদান। সেইবাবে তেওঁলোকে ৰাষ্ট্ৰক ভাল পাব লাগে আৰু ৰাষ্ট্ৰক বিকশাই তোলাৰ বাবে উৎসাহেৰে নিজকে জড়িত কৰিব লাগে। ৰাষ্ট্ৰৰ সমস্যা সমাধানৰ বাবে নিজকে প্ৰস্তুত কৰি তোলা আৰু ইয়াৰ আভ্যন্তৰীণ সজীৱতাক পুনৰ আৱিষ্কাৰৰ প্ৰক্ৰিয়াত অৰিহণা যোগাবলৈও মুখ্যমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক আহ্বান জনায়।

আত্মনিৰ্ভৰশীলতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে স্বামী বিবেকানন্দৰ আদৰ্শৰ দ্বাৰা পৰিচালিত হৈ ৰাজ্যৰ যুৱক যুৱতীসকলে আত্মনিৰ্ভৰ আৰু আত্মবিশ্বাসী হ’ব লাগিব। মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে যুৱ প্ৰজন্মক স্বনিৰ্ভৰশীল হৈ ৰাজ্যখনক আত্মনিৰ্ভৰশীল কৰাৰ দিশত যাতে অৰিহণা যোগাব পাৰে তাৰ বাবে আগন্তুক বাজেটত প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। তেওঁ কয় যে যোৱা ৬ বছৰত ৰাজ্যখনে বহু সফলতা অৰ্জন কৰিছে। অসমক সম্পূৰ্ণৰূপে উচ্চ শিখৰলৈ লৈ যোৱাৰ দিশত ৰাজ্যৰ যুৱক-যুৱতীসকলেও প্ৰচেষ্টা চলাব লাগিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে ভাৰতীয় জনতা যুৱ মৰ্চাক ৰাজ্যৰ যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰ ভাৰত কাৰ্যসূচীৰ সুবিধাসমূহ লাভ কৰিব পৰাকৈ প্ৰেৰণা যোগাবলৈও কয়। শিক্ষা, সংস্কৃতি, ক্রীড়া আৰু আত্মবিশ্বাসৰ দৰে উপাদনসমূহৰ আলমত ৰাজ্যৰ যুৱক-যুৱতীসকলে যাতে শিখৰতালৈ ধাবমান হ’ব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে এই চাৰিওটা গুণ আহৰণ কৰি জীৱনত সফলতা অৰ্জন কৰিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্রীয়ে কোনেও লিপিবদ্ধ নকৰা বাবে অন্ধকাৰত থাকি যোৱা ইতিহাসৰ বিষয়সমূহ সঠিক দৃষ্টিকোণেৰে অধ্যয়ন কৰি বিদেশী আগ্ৰসনৰ বিৰুদ্ধে যুঁজ দিয়া ৰাজ্যৰ বিশিষ্ট ব্যক্তিৰ অৱদানৰ বিষয়ে অৱগত হ’বলৈ যুৱক-যুৱতীসকলক আহ্বান জনায়।

আজিৰ এই অনুষ্ঠানত বিধায়ক তথা বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা, মন্ত্ৰী পীযুষ হাজৰিকা, পৰিবহণ আদি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ দিলীপ শ‍ইকীয়া, পল্লৱ লোচন দাস, পৱিত্ৰ মাৰ্ঘেৰিটা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...