মহাৰাষ্ট্ৰৰ ৰাজনীতিত আকৌ পট পৰিবৰ্তনৰ উকমুকনি

✒️ অচিন্ত্য শৰ্মা

আকৌ আৰম্ভ হ’ব নেকি বিজেপি-শিৱসেনাৰ মধুচন্দ্ৰিকা?
সঞ্জয় ৰাউটৰ শেহতীয়া ভাষ্যই দিছে নেকি তেনেকুৱাই কিবা সংকেট?
কি হ’ব একনাথ সিন্ধেৰ ৰাজনৈতিক ভবিষ্যত
?

সম্প্ৰতি সমগ্ৰ মহাৰাষ্ট্ৰজুৰি চৰ্চ্চিত হ’বলৈ লৈছে এনেবোৰ প্ৰশ্ন তথা বিষয়। চৰ্চ্ছা চলিছে ৰাষ্ট্ৰীয় পৰ্যায়তো। কাৰণ শেহতীয়া ভাবে শিৱসেনাৰ অন্যতম পুৰণি তথা জেষ্ঠ নেতা, থাকৰে পৰিয়ালৰ প্ৰধান মন্ত্ৰণাদাতা সঞ্জয় ৰাউট পঞ্চমুখ হৈ উঠিছে বিজেপিৰ প্ৰশংসাত। বিত্তীয় গোচৰত ইউডিৰ দ্বাৰা আটক হৈ প্ৰায় তিনি মাহ কাৰাবাস খটাৰ পিছত যোৱা ৯ অক্টোবৰত কাৰামুক্ত হয় সঞ্জয় ৰাউট। আৰু কাৰামুক্তিৰ পিছতেই তেঁওৰ মুখত শুনা যায় বিজেপি নেতা তথা মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিছৰ উচ্চ প্ৰশংসা। ফাড়নবিছক অচিৰেই দেখা কৰিব বুলি ঘোষণা কৰা ৰাউটে সদৰি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাতৰ বাবে লোৱা সিদ্ধান্তৰ কথাও। ৰাউটৰ এই ভাষ্যই এতিয়া ধুমুহাৰ সৃষ্টি কৰিছে মহাৰাষ্ট্ৰৰ সমাজ, ৰাজনৈতিক আৰু বুদ্ধীজীৱি মহলত। সকলোৱে যেন দেখিবলৈ পাইছে ৰাজ্যখনত আকৌ এবাৰ বিজেপি-শিবসেনাৰ মধুচন্দ্ৰিকা আৰম্ভ হোৱাৰ সম্ভাৱনা। লক্ষ্যণীয়ভাবে মাৰাঠা জাতিয়তাবাদ আৰু হিন্দুত্ব নিৰ্ভয় সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদৰ সন্তুলিত সমণ্বয় ঘটাবলৈ সক্ষম হোৱা শিবসেনাৰ সুদীৰ্ঘকালীন ৰাজনৈতিক সংগী আছিল ৰাষ্ট্ৰবাদী ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টী। বিজেপ-শিবসেনাৰ এই ৰাজনৈতিক মিত্ৰতাক এটা সময়ত অভগ্ন বুলিও ধাৰণা কৰা হৈছিল। এনে বিৰল মিত্ৰতাত অন্যতম অনুঘটকৰ কাম কৰিছিল তদানীন্তন শিবসেনা প্ৰধান বালাচাহেব থাকৰেৰ লগত তদানীন্তন বিজেপি প্ৰধানদ্বয় অটলবিহাৰী বাজপেয়ী আৰু এল কে আদৱানিৰ ব্যক্তিগত বন্ধুত্ব। সময়ৰ সোঁতত আদৱানি সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি গ’ল। বালাচাহেব থাকৰে আৰু অটল বিহাৰী বাজপেয়ী আঁতৰি গ’ল এই পৃথিবাৰ পৰা। আনহাতে বালাচাহেব থাকৰেৰ সলনি দি গ’ল অনভিজ্ঞ পুত্ৰ উদ্ধৱ থাকৰেক। যাৰ পৰিণতিত আদৰ্শচ্যুতি ঘটা শিৱসেনাই বিজেপিৰে মিত্ৰতা ত্যাগ কৰি কংগ্ৰেছ NCP আৰু বাওঁপন্থী আদিৰ নিচিনা আদৰ্শগতভাবে সম্পূৰ্ণ বিপৰীতে মেৰুৰ অৱস্থান কৰা ৰাজনৈতিক শক্তিসমূহৰ লগ লাগিল আৰু চৰকাৰো গঠন কৰিলে। উক্ত চৰকাৰে কেনেকৈ ভাঙিলে আৰু কেনেকৈ পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ল সেয়া সকলোৰে জ্ঞাত ইতিহাস।

সেই ইতিহাসৰ চকৰিয়েই এতিয়া ওলোটাকৈ ঘূৰাৰ উপক্ৰম ঘটিছে। উপক্ৰম ঘটিছে বিজেপি-শিৱসেনাৰ ভগ্ন মিত্ৰতা পুনৰ গঢ়ি উঠাৰ। কাৰণ সঞ্জয় ৰাউটৰ শেহতীয়া ভাষ্য স্বাভাবিকতে উদ্ধৱ থাকৰেৰ ভাষ্য বুলিয়েই বহুতে ধাৰণা কৰিছে। হয়তো এয়াই পুৰণি সেতুবন্ধনৰ নতুন আৰম্ভনি। পিচে যদিহে বিজেপি-শিৱসেনাৰ মিত্ৰতা পুনৰ গঢ়ি উঠে, তেনেহ’লে কি হ’ব একনাথ সিন্ধেৰ ভবিষ্যত? এয়াএ এতিয়া হৈ উঠিছে লাখটকীয়া প্ৰশ্ন। যি একনাথ সিন্ধেৰ কান্ধতভৰ দি বিজেপিয়ে মহাৰাষ্ট্ৰৰ শাসন ক্ষমতালৈ প্ৰত্যাবৰ্তন কৰিছিল, শিৱসেনা বিজেপিৰ মিত্ৰতা পুনৰ গঢ়ি উঠা অৱস্থাত-বিশ্বাসঘাটক বুলি সেই একনাথ সিন্ধেক উভয় শিবিৰে পৰিত্যাগ কৰিব নেকি? নে কোনো এটা শিবিৰে সামৰি ল’ব একনাথ সিন্ধেক? নে মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক স্বতন্ত্ৰ সত্বা হিচাপে ৰৈ যাব সিন্ধে আৰু তেওঁৰ দল। সময়েহে দিব পাৰিব এই সকলো প্ৰশ্নৰ উত্তৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...