ছ’চিয়েল মিডিয়াৰ যুগতো ভাল গ্ৰন্থসমূহে পাঠক বিচাৰি পাইছে : ৰাস্কিন বণ্ড

যশস্বী লেখক ৰাস্কিন বণ্ডৰ মতে, ছ’চিয়েল মিডিয়া আৰু অন্যান্য যোগাযোগৰ মাধ্যমৰ প্ৰসাৰৰ পিছতো ভাল কিতাপে পাঠকৰ পৰা প্ৰশংসা লাভ কৰিয়েই আছে।

”পৰিৱেশ সলনি হ’ব, কিন্তু এজন লেখকে যদি পাঠকৰ সৈতে সংযোগ স্থাপন কৰিব পৰা গল্প লিখিবলৈ সক্ষম হয়, তেন্তে সেই গল্পবোৰে নিশ্চিতভাৱে পাঠক বিচাৰি পাব,” বিশিষ্ট লেখক-সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ মাপেট এণ্ড আডাৰ ষ্ট’ৰীজ আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ পিছত এই মন্তব্য আগবঢ়ায় যশস্বী লেখক ৰাস্কিন বণ্ডে।

কেইবাটাও দশকজুৰি গোস্বামীৰ সাহিত্য আৰু সাংবাদিকতাৰ যাত্ৰাক প্ৰশংসা কৰি বণ্ডে কয়, ”এই গ্ৰন্থখন উন্মোচন কৰি মই আনন্দিত হৈছো। মই নিশ্চিত যে, ইয়াৰ জৰিয়তে তেওঁ আৰু বহু পাঠকৰ মন জয় কৰিব।” নিজৰ সাহিত্য যাত্ৰাৰ কথা মনত পেলাই বণ্ডে কয় – তেওঁ নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰে কিয়নো তেওঁৰ লেখা সমূহ পঢ়িবলৈ প্ৰজন্মৰ পাছত প্ৰজন্মৰ পাঠক আকৰ্ষিত হয়।

মাপেট এণ্ড আডাৰ ষ্ট’ৰীজত মনোজ কুমাৰ গোস্বামীয়ে অসমৰ জনজীৱনত নিহিত হৈ থকা আভ্যন্তৰীণ সংগ্ৰামৰ ভয়াৱহতাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। এই চিন্তা-উদ্দীপক কাহিনীবোৰে আমাক মানৱতাৰ দোদুল্যমান দলঙৰ ফালে টানি লৈ যায় আৰু দৈনন্দিন জীৱনত লুকাই থকা বিস্ময়কৰ কাহিনীবোৰ উন্মোচন কৰে।

জনপ্ৰিয় লেখক তথা সাংবাদিক মনোজ কুমাৰ গোস্বামী বৰ্তমান জনপ্ৰিয় অসমীয়া দৈনিক বাতৰি কাকত আমাৰ অসম আৰু আগশাৰীৰ ছেটেলাইট নিউজ চেনেল এন কে টিভি ২৪×৭ৰ মুখ্য সম্পাদক।

গোস্বামীৰ সাহিত্যিক জীৱনৰ আৰম্ভণি হৈছিল ঈশ্বৰহীনতা আৰু প্ৰেমহীনতাকে ধৰি ধাৰাবাহিক চুটিগল্প সংকলনৰ পৰা। জনপ্ৰিয় উপন্যাস অনাদি আৰু অনন্যাৰ লেখকৰ স্ৰষ্টা মনোজ কুমাৰ গোস্বামী।

১৯৯৪ চনত গোস্বামীয়ে সৃষ্টিশীল কল্পকাহিনীৰ সন্মানীয় কথা বঁটাৰে স্বীকৃতি লাভ কৰে আৰু ১৯৯৬ চনত সাহিত্যৰ বাবে সাংস্কৃতিক বঁটা লাভ কৰে।

‘শগুণ’ শীৰ্ষক গোস্বামীৰ জনপ্ৰিয় চুটিগল্পটো প্ৰয়াত লেখক খুছৱন্ত সিঙৰ Our Favourite Indian Stories [2002]ত অন্তৰ্ভুক্ত হৈছিল।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভাৰতৰ আক্ৰমণৰ পিছত সেনাৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰাৰ পৰিকল্পনা পাকিস্তানৰ

ভাৰতৰ আক্ৰমণত পাকিস্তানৰ নুৰ খান বিমান ঘাটিত হোৱা ব্যাপক...

আমেৰিকাক শূন্য শুল্ক দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ পাকিস্তানৰ

পাকিস্তানে আমেৰিকাক নিৰ্বাচিত পণ্যৰ ওপৰত শূন্য শুল্কৰ দ্বিপাক্ষিক বাণিজ্য...

ভাৰত-ভূটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ

জনতা ভৱনত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ স্বাস্থ্যমন্ত্ৰী...

ভাৰতত এপলৰ সামগ্ৰী বনোৱা বন্ধ কৰিবলৈ ট্ৰাম্পৰ প্ৰস্তাৱ

মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে Appleৰ CEO টিম কুকক ভাৰতত...