বৰঝাৰ বিমানকোঠত প্ৰথমবাৰৰ বাবে উদ্বোধন কৰা হ’ল ‘ই-গেট’

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত বৰ্দ্ধিত যাত্ৰীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন উন্নতমানৰ সেৱাৰ সংযোগ কৰি থকাৰ সময়তে, যাত্ৰীৰ সুবিধাৰ্থে শুকুৰবাৰে বিমানকোঠত ৪খনকৈ ‘ই-গেট’ৰ শুভাৰম্ভ কৰা হয়। উল্লেখযোগ্য যে, এই গেটেৰে যাত্ৰী সকলে নিজ-নিজ বৰ্ডিং টিকটত থকা কিউ-আৰ কোড লগাই টাৰ্মিনেললৈ প্ৰৱেশ কৰিব পাৰিব।

আগতে সুৰক্ষা এলেকা পাৰ হ’বলৈ অতি কমেও ৫ মিনিটৰ পৰা ১০ মিনিট সময় লাগিছিল। এতিয়া মাত্ৰ এক মিনিটৰ ভিতৰত যাত্ৰীসকলে সুৰক্ষা কক্ষৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব। এই ব্যৱস্থাই ভৱিষ্যতে সুৰক্ষা ব্যৱস্থাকো উন্নীতকৰণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। এই গেটসমূহৰ শুভ উদ্বোধন যাত্ৰীৰ দ্বাৰা কৰা হয়। উপস্থিত থাকে বৰঝাৰ বিমানকোঠৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা। অনুষ্ঠানত বিমানকোঠৰ বহু জ্যেষ্ঠ বিষয়াও উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

308 COMMENTS

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...