চলচ্চিত্ৰ পৰিচালক, চিত্ৰশিল্পী তথা প্ৰযোজক পুলক গগৈৰ দেহাৱসান

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পুলক গগৈ আৰু নাই। আজি পুৱা ৮.৩০ বজাত গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে পুলক গগৈয়ে। এজন চিত্ৰশিল্পী হিচাপে পুলক গগৈৰ কৰ্মজীৱন আৰম্ভ হৈছিল। মুম্বাইৰ বান্দ্ৰা স্কুল অব্ আৰ্টচ আৰু ব’ষ্টন মিউজিয়াম অব্ ফাইন আৰ্টছত আনুষ্ঠানিকভাৱে ছবি অঁকা শিকিছিল। পেন্‌ছিলভানিয়া একাডেমী অব্‌ ফাইন আৰ্টছলৈও গৈছিল। মুম্বাইৰ জাহাঙ্গীৰ আৰ্ট গেলাৰী, ৱাশ্বিংটনকে কৰি বিভিন্ন ঠাইত তেওঁৰ চিত্ৰ প্ৰদৰ্শিত হৈছিল। ছবি বিক্ৰী কৰা পইচাৰে ড॰ ভূপেন হাজৰিকাৰ পৰামৰ্শক্ৰমে তেখেতে চলচ্চিত্ৰ নিৰ্মাণলৈ মন মেলে আৰু ১৯৭৫ চনত মুক্তিপ্ৰাপ্ত ‘খোজ’ নামৰ চলচ্চিত্ৰখনৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰে। তেখেতৰ পৰিচালনাত মুক্তি পোৱা ”ৰে’লৰ আলিৰ দুবৰি বন’ নামৰ চলচ্চিত্ৰখনে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। তেখেতে মুঠতে ৯খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। ইয়াৰ ভিতৰত খোজ, শ্ৰীমতী মহিমাময়ী, সেন্দূৰ, সূৰুজ, মমতাজ আদি চিনেমা উল্লেখযোগ্য। চলচ্চিত্ৰত জড়িত হোৱাৰ লগতে তেখেত কাৰ্টুনিষ্ট হিচাপেও কৰ্মৰত আছিল। আছাম ট্ৰিবিউন কাকতত তেওঁ কাৰ্টুনিষ্টৰ চাকৰি কৰিছিল। পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ উপৰিও গগৈয়ে বহুকেইখন চুটি ছবি আৰু টেলিফিল্ম নিৰ্মাণ কৰিছিল। ২০১৪ চনত পুলক গগৈৰ মমতাজ চিনেমাখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ প্ৰথম ফিল্মফেয়াৰ পূব বঁটা লাভ কৰিছিল। পুলক গগৈৰ দেহাৱসানত অসমৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেৰালাৰ কাজীয়া লিজ মেজোৰ শিৰত ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট

কেৰালাৰ মাৱেলিক্কৰাৰ অধিবাসী কাজীয়া লিজ মেজোৱে ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া...

২০৩৫ চনৰ ভিতৰত ভাৰতৰ থাকিব নিজা মহাকাশ কেন্দ্ৰ: ইছৰ’ৰ অধ্যক্ষ

ভাৰতে ২০৩৫ চনৰ ভিতৰত 'ভাৰতীয় অন্তৰীক্ষ ষ্টেচন' (BAS) নামৰ...

বিদেশৰ মাটিত সৰ্বাধিক ৰান সংগ্ৰহকাৰী ভাৰতীয় উইকেটকীপাৰ হিচাপে ইতিহাস ৰচিলে ঋষভ পণ্টে

ভাৰতীয় উইকেটকীপাৰ-বেটছমেন ঋষভ পণ্টে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক...