বাংলাদেশত ইলিছৰ উজান

✒️অচিন্ত্য শৰ্মা

চুবুৰীয়া বাংলাদেশত এতিয়া চলিছে ইলিছৰ পৰ্ব। দেশখনৰ নদ-নদী আৰু সামুদ্ৰিক অঞ্চলত আৰম্ভ হৈছে ইলিছ মাছ ধৰা অভিযান। দীৰ্ঘ নিষেধাজ্ঞা অন্ত পৰাৰ পিছত মাছুৱৈসকল নামি পৰিছে জীৱিকাৰ সম্বল ইলিছৰ সন্ধানত। বাংলাদেশত প্ৰায় সমগ্ৰ অক্টোবৰ মাহ ধৰি ইলিছ মাছৰ চিকাৰ, পৰিবহন, ক্ৰয়-বিক্ৰয়, মজুত আৰু বিনিময়ৰ ওপৰত পূৰ্ণ তথা কঠোৰ নিষেধাজ্ঞা আৰোপিত হৈ থাকে। কাৰণ এই সময়চোৱাই হৈছে ইলিছৰ প্ৰজনন খাতুষ। সেয়ে নৱেম্বৰত চলিছে পূৰ্ণ পৰ্যায়ত ইলিছ ধৰাৰ অভিযান। জলভাগত মছুৱৈসকলে জাল লৈ ব্যস্ত থকাৰ বিপৰীতে মাছুৱৈ গাওঁসমূহতো একাংশ ব্যস্ত হৈ উঠিছে জাল গুঠাত। ফলশ্ৰুতিত ঠন ধৰি উঠিছে আন এক কুটীৰ উদ্যোগ। বিগত প্ৰায় দুবছৰ ধৰি কোভিদজনিত পৰিস্থিতিয়ে বাংলাদেশৰ মত্স্য তথা সংশ্লিষ্ট উদ্যোগসমূহৰ যথেষ্ট ক্ষতি কৰিছিল। বহুলাংখে বন্ধ হৈ গৈছিল মত্স্য চিকাৰ। অবশ্য ইয়াৰে ইতিবাচক পাৰ্শ্ব প্ৰতিক্ৰিয়া হিচাপে এতিয়া বৃদ্ধি পাইছে ইলিছৰ সংখ্যা তথা বংশ। সম্প্ৰতি মাছুৱৈসকলৰ আশা, এইবছৰৰ বদ্ধিত উত্পাদনে পূৰণ কৰিব তেওঁলোকৰ বিগত দুটা বছৰৰ ক্ষতি।

মাছ ধৰা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে দেশজুৰি মাছৰ বিশাল বজাৰখনো গুঞ্জৰিত হৈ উঠিছে। মত্স্যজীবিসকলৰ লগতে ব্যস্ত হৈ উঠিছে মজুতকাৰী, পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলো। ইফালে মাছৰ প্ৰাচুৰ্যই বাংলাদেশত এইবাৰ কমাইছে ইলিছৰ দাম। ক্ৰমহ্ৰাসমান দামে বজাৰলৈ টানিছে পূৰ্বতকৈ অধিক সংখ্যক গ্ৰাহকক। হোটেল-ৰেষ্টুৰেন্টসমূহতো কম দামতে উভৈনদী হৈ উঠিছে ইলিছৰ বৃহৎ টুকুৰা। সকলো মিলাই এইবাৰ উৰ্দ্ধমুখী হৈছে বাংলাদেশৰ ইলিছ অৰ্থনীতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা...

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...