আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিলম্বিত হ’ব পাৰে বাটলাৰ, মৰগান

Guwahati, June 09 (NKTV): কেইদিনমানৰ পূৰ্বে বৰ্ণবাদী মন্তব্য কৰি নিলম্বিত হৈছিল ইংলেণ্ডৰ উদীয়মান খেলুৱৈ অলি ৰবিনছন। মুছলমান লোক আৰু এছিয়ান মূলৰ লোকৰ ওপৰত কৰা বৰ্ণবাদী টুইটৰ কাৰণে ইংলেণ্ড ক্ৰিকেট বোৰ্ডে কৰিছিল নিলম্বন। কেৱল অলি ৰবিনছনেই নহয়, ইংলেণ্ডৰ অধিনায়ক ইয়ন মৰগান আৰু জজ বাটলাৰক ইচিবিয়ে কৰিব পাৰে নিলম্বন। কেইবছৰমানৰ পূৰ্বে জজ বাটলাৰক আৰু ইয়ন মৰগানে টুইটাৰত ভাৰতীয় অনুৰাগীক লক্ষ্য কৰি ভঙা ইংৰাজীত টুইট কৰি কৰিছিল তাচ্ছিল্য। আৰু সেই টুইটবোৰ এতিয়া হৈ পৰিছে সমগ্ৰ ছচিয়েল মিডিয়াত ভাইৰেল। বাটলাৰ, মৰগানৰ এনে মন্তব্য বা টুইটবোৰৰ বাবে ইতিমধ্যে তেওঁলোকক ক্ৰিকেট খেলৰ পৰা নিলম্বিত কৰিবলৈ আহ্বান জনাইছে বহু সমালোচকে। ইপিনে, প্ৰায় এঘাৰ বছৰ পুৰণি টুইট ডিলিট কৰিলে ইংলেণ্ডৰ আটাইতকৈ সফল বলাৰ জেমছ এণ্ডাৰছনে। ষ্টুৱাৰ্ট বৰ্ডৰ ওপৰত কৰা এটা টুইট ডিলিট কৰে প্ৰখ্যাত ছুইং বলাৰজনে। এণ্ডাৰছনে সেই টুইটটোত লিখিছিল যে- মই ষ্টুৱাৰ্ট বৰ্ডৰ নতুন হেয়াৰ কাট দেখি এনেকুৱা অনুভৱ হৈছিল যে, ১৫ বছৰীয়া এজন লেছবিয়ানহে দেখি। এই মন্তব্য কৰা টুইটটো ইতিমধ্যে ডিলিট কৰিছে জেমছ এণ্ডাৰছনে। বৰ্তমান ইংলেণ্ডত বৰ্ণবাদী মন্তব্য বা টুইটবোৰকলৈ চলিছে ব্যাপক চৰ্চা। এতিয়া লক্ষ্যণীয় হ’ব যে, অলি ৰবিনছনক বৰ্ণবাদী মন্তব্য কৰাৰ বাবে নিলম্বন কৰা ইচিবিয়ে জজ বাটলাৰ, ইয়ন মৰগান আৰু জেমছ এণ্ডাৰছনৰ দৰে দুধৰ্ষ খেলুৱৈক নিলম্বন কৰিব সাহস কৰিব পাৰিব নে ইংলেণ্ড ক্ৰিকেট বোৰ্ডে?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...