আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিলম্বিত হ’ব পাৰে বাটলাৰ, মৰগান

Guwahati, June 09 (NKTV): কেইদিনমানৰ পূৰ্বে বৰ্ণবাদী মন্তব্য কৰি নিলম্বিত হৈছিল ইংলেণ্ডৰ উদীয়মান খেলুৱৈ অলি ৰবিনছন। মুছলমান লোক আৰু এছিয়ান মূলৰ লোকৰ ওপৰত কৰা বৰ্ণবাদী টুইটৰ কাৰণে ইংলেণ্ড ক্ৰিকেট বোৰ্ডে কৰিছিল নিলম্বন। কেৱল অলি ৰবিনছনেই নহয়, ইংলেণ্ডৰ অধিনায়ক ইয়ন মৰগান আৰু জজ বাটলাৰক ইচিবিয়ে কৰিব পাৰে নিলম্বন। কেইবছৰমানৰ পূৰ্বে জজ বাটলাৰক আৰু ইয়ন মৰগানে টুইটাৰত ভাৰতীয় অনুৰাগীক লক্ষ্য কৰি ভঙা ইংৰাজীত টুইট কৰি কৰিছিল তাচ্ছিল্য। আৰু সেই টুইটবোৰ এতিয়া হৈ পৰিছে সমগ্ৰ ছচিয়েল মিডিয়াত ভাইৰেল। বাটলাৰ, মৰগানৰ এনে মন্তব্য বা টুইটবোৰৰ বাবে ইতিমধ্যে তেওঁলোকক ক্ৰিকেট খেলৰ পৰা নিলম্বিত কৰিবলৈ আহ্বান জনাইছে বহু সমালোচকে। ইপিনে, প্ৰায় এঘাৰ বছৰ পুৰণি টুইট ডিলিট কৰিলে ইংলেণ্ডৰ আটাইতকৈ সফল বলাৰ জেমছ এণ্ডাৰছনে। ষ্টুৱাৰ্ট বৰ্ডৰ ওপৰত কৰা এটা টুইট ডিলিট কৰে প্ৰখ্যাত ছুইং বলাৰজনে। এণ্ডাৰছনে সেই টুইটটোত লিখিছিল যে- মই ষ্টুৱাৰ্ট বৰ্ডৰ নতুন হেয়াৰ কাট দেখি এনেকুৱা অনুভৱ হৈছিল যে, ১৫ বছৰীয়া এজন লেছবিয়ানহে দেখি। এই মন্তব্য কৰা টুইটটো ইতিমধ্যে ডিলিট কৰিছে জেমছ এণ্ডাৰছনে। বৰ্তমান ইংলেণ্ডত বৰ্ণবাদী মন্তব্য বা টুইটবোৰকলৈ চলিছে ব্যাপক চৰ্চা। এতিয়া লক্ষ্যণীয় হ’ব যে, অলি ৰবিনছনক বৰ্ণবাদী মন্তব্য কৰাৰ বাবে নিলম্বন কৰা ইচিবিয়ে জজ বাটলাৰ, ইয়ন মৰগান আৰু জেমছ এণ্ডাৰছনৰ দৰে দুধৰ্ষ খেলুৱৈক নিলম্বন কৰিব সাহস কৰিব পাৰিব নে ইংলেণ্ড ক্ৰিকেট বোৰ্ডে?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...