সুশান্ত আৰু ছাৰায়ে ছুটিঙৰ সময়ত ড্ৰাগছ সেৱন কৰা ঘটনাকলৈ মুখ খুলিলে নীতিশ ভৰদ্বাজে

গুৱাহাটী, ৯ জুন, NKTV: সুশান্ত আৰু ছাৰায়ে কেডাৰনাথ ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত ছুটিংস্থলীত ড্ৰাগছ লোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অপপ্ৰচাৰকলৈ মুখ খুলিলে ছবিৰ কো-ষ্টাৰ নীতিশ ভৰদ্বাজে।

২০১৯ বৰ্ষৰ জুন মাহত বেন্দ্ৰাৰ নিজৰ এপাৰ্টমেন্টত বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুটৰ মৃতদেহ উদ্ধাৰ হৈছিল। সুশান্তৰ মৃত্যৰ পিছতেই NCBয়ে তেওঁৰ মৃত্যুৰ ৰহস্য উদঘাটন কৰিবলৈ আৰম্ভ কৰিছিল জেৰা। NCBয়ে ৰিয়া চক্ৰৱৰ্তী, সুশান্ত সিং ৰাজপুট আৰু ছাৰা আলি খানৰ বিৰুদ্ধে চাৰ্জশ্বীত দাখিল কৰাৰ পিছত কেডাৰনাথ ছবিত সুশান্ত আৰু ছাৰাৰ লগত একেলগে কাম কৰা নীতিশ ভৰদ্বাজে নিজৰ মন্তব্য প্ৰকাশ কৰে। ইয়াৰ পিছতেই পুনৰ এবাৰ এই খবৰটোৱে বাতৰিৰ শিৰোনাম দখল কৰিছে। ৰিয়াই NCBৰ সম্মুখত ছাৰাৰ নাম উত্থাপন কৰাৰ পিছতে ছাৰাৰ নামটোও এইকেইদিন খুউব চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। নীতিশে এই ঘটনা সন্দৰ্ভত জনায় যে, সুশান্ত আৰু ছাৰায়ে চুটিঙৰ সময়ত ড্ৰাগছ সেৱন কৰা ঘটনাটো মাত্ৰ এটা অপপ্ৰচাৰহে। লগতে সুশান্ত আৰু ছাৰাক তেওঁ কেতিয়াও একেলগে কোনো ভ্ৰমণত যোৱা দেখা নাই বুলি নীতিশে দৃঢ় ভাবে ব্যক্ত কৰে। ছাৰায়ে কেতিয়াও ড্ৰাগছ সেৱন নকৰাৰ কথা নীতিশৰ লগত আলোচনা কৰা বুলিও নীতিশে ইতিমধ্যে জানিবলৈ দিয়ে। নীতিশে E-Timesৰ আগত সদৰি কৰে যে, “এদিন পুজা গৌৰে টেলিভিছন ইণ্ডাষ্ট্ৰীৰ পৰিৱেশ সলনি হোৱাৰ কথা মোৰ আগত ব্যক্ত কৰিছিল, বিষয়টো ড্ৰাগছ সম্পৰ্কীয় আছিল, এই সন্দৰ্ভত তেতিয়া মোক ছাৰা য়ে কৈছিল যে- “মই শুনিছো যে ফিল্ম ইণ্ডাষ্ট্ৰীতো ড্ৰাগছৰ সমস্যা আছে।” ছাৰায়ে নিজৰ কেৰিয়াৰক প্ৰাধান্য দিয়া হেতুকে তেওঁ কেতিয়াও ড্ৰাগছ সেৱন নকৰাৰ কথা নীতিশৰ আগত স্পষ্ট ভাৱে প্ৰকাশ কৰিছিল বুলি নীতিশে E-Timesক সদৰী কৰে। নীতিশে লগতে জনায় যে, তেওঁ কেতিয়াও সুশান্ত আৰু ছাৰাক নিচাসক্ত হোৱা দেখা নাই আৰু দুয়ো গৰাকী অভিনেতা-অভিনেত্ৰীয়ে সদায় একেবাৰে স্বাভাৱিক ধৰণে থকা বুলি নীতিশে স্পষ্টভাৱে জানিবলৈ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...