দ্ৰুতবেগী ট্ৰাকত খুন্দা অসম গৌৰৱ গঁড়ৰ, ৰাজপথত ছিটিকি পৰিল গঁড়

কাজিৰঙাৰ এটা ভিডিঅ’ই সকলোকে ব্যথিত কৰি তুলিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ’ অনুসৰি এখন দ্ৰুতবেগী বাহনত খুন্দা মাৰিলে এটা এশিঙীয়া গঁড়ে। ইয়াৰ পিছতে ৰাজপথতে বাগৰি পৰিল গঁড়টো। দ্ৰুতগতিত গাড়ী চলোৱাৰ বাবে পথ পাৰ হ’ব নোৱাৰিলে গঁড়টোৱে।

শিহৰণকাৰী এই ভিডিঅ’টো শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে-
গঁড় আমাৰ বিশেষ বন্ধু; আমি তেওঁলোকৰ স্থানত কোনো ধৰণৰ উলংঘাৰ অনুমতি নিদিওঁ৷ কাজিৰঙাৰ হালধিবাৰীৰ এই দুৰ্ভাগ্যজনক কাণ্ডত গঁড়টো বাচিল। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালকজনক আটক কৰাৰ লগতে জৰিমনা বিহা হৈছে। আনহাতে, কাজিৰঙাত জীৱ-জন্তু ৰক্ষা কৰিবলৈ কৰিডৰৰ নিৰ্মাণ কৰি থকাৰ কথা ঘোষণা কৰিছে চৰকাৰে। ৩২ কিলোমিটাৰ দীঘল বিশেষ উচ্চ কৰিডৰ নিৰ্মাণৰ বাবে কাম কৰি থকাৰ কথা সদৰি কৰিছে।

উল্লেখ্য যে বানপানীৰ সময়ত আৰু নিশাৰ ভাগত প্ৰায়ে দ্ৰুতবেগত গাড়ী চলাই জৰিমনাৰ সন্মুখীন হৈ আহিছে একাংশ চালক। অসহায় জীৱকুলে ৰাজপথলৈ অহাৰ সময়তে চালকে খুন্দিওৱাৰ ফলত অকালতে প্ৰাণ হেৰুৱায় গঁড়, হৰিণা আৰু বন্য জন্তুসমূহে।

NKTV Digital
Author: NKTV Digital

380 COMMENTS

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...