চিনেমাৰ দৰে এক কাহিনী! কিদৰে মুকেশ কুমাৰে স্থান পালে টীম ইণ্ডিয়াত?

ক্ৰিকেট খেলি একো লাভ নহ’ব’
‘তই CRPFত চাকৰি পাবলৈ চেষ্টা কৰ’
‘বিহাৰত ক্ৰিকেটৰ একো ভৱিষ্যৎ নাই’

এইয়া হ’ল ভাৰতীয় দলত সুযোগ পোৱা এজন বলাৰৰ পিতৃৰ সৈতে হোৱা কথাপাকথন। আপুনি চাগে ভাবিছে যশপ্ৰীত বুমৰাহ বা ভুৱনেশ্বৰ কুমাৰৰ সংগ্ৰামৰ দিনৰ কথা। কিন্তু নহয়, বৰ্তমান সময়ত IPLত খেলি খুব কম সময়তে জনপ্ৰিয় হোৱা খেলুৱৈৰ পৰা বহু আঁতৰত তেওঁ। কিন্তু নিজৰ দক্ষতা আৰু প্ৰতিভাৰে IPLৰ এখনো মেচ নেখেলাকৈ ভাৰতীয় এদিনীয়া দলত অন্তৰ্ভুক্ত হবলৈ সক্ষম হোৱা বলাৰজনৰ কথা কবলৈ উলাইছোঁ আজি। নাম তেওঁৰ মুকেশ কুমাৰ। বৰ্তমান বংগৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলে মুকেশ কুমাৰে।

বিহাৰৰ এখন সৰু ঠাই গোপালগঞ্জত জন্মলাভ কৰা মুকেশে প্ৰথম পৰ্যায়ত স্থানীয় ক্ৰিকেট খেলত ভাগ লৈছিল। কিন্তু বিহাৰৰ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্টত গোপালগঞ্জ জিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক অমিত সিঙে প্ৰথমে মুকেশ কুমাৰৰ প্ৰতিভা দেখিছিল। মুকেশে তেতিয়া প্ৰতিদিনে ৩০ কিলোমিটাৰ চাইকেল চলাই খেল খেলিবলৈ গৈছিল। যিহেতু বিহাৰ ক্ৰিকেট সংস্থা BCCIৰ দ্বাৰা সংযুক্ত নহয়, গতিকে ক্ৰিকেট এৰি মুকেশ কুমাৰে ২০১২ চনত দেউতাকৰ টেক্সি ব্যৱসায়ত সহায় কৰিবলৈ কলকাতালৈ গুচি আহিছিল।

সেই সময়ত ব্যৱসায়ত লোকচানৰ সন্মুখীন হৈছিল দেউতাক। দেউতাকৰ টেক্সি ব্যৱসায়ত সহায়ৰ মাজতে সৰু-সুৰা ক্ৰিকেট লীগত খেলি মুকেশে ৪০০-৫০০ টকাকৈ দিনে উপাৰ্জন কৰিছিল।

কিন্তু ২০১৪ চনত মুকেশৰ জীৱন সলনি হৈ যায়। বংগ ক্ৰিকেট সংস্থাই আয়োজন কৰা Trailsত তেওঁৰ প্ৰতিভা দেখি বংগ দলত অন্তৰ্ভুক্ত কৰে। তাৰ পিছত যেন পিছলৈ ঘুৰি চাবলগীয়া হোৱা নাই। মুকেশে বৰ্তমানলৈকে ৩১খন প্ৰথম শ্ৰেণীৰ খেলত ১১৩ টা উইকেট দখল কৰিছে।

শেহতীয়া ভাবে অনুষ্ঠিত হোৱা ইৰাণী ট্ৰফীত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিছিল। আৰু মুকেশ সাম্প্ৰতিক সময়ত এনে এজন প্ৰতিভাধৰ ক্ৰিকেটাৰ যিজনে IPLত এখনো মেচ নেখেলাকৈয়ে ভাৰতীয় এদিনীয়া দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মুকেশ কুমাৰৰ এই ZEROৰ পৰা HEROৰ কাহিনীয়ে সকলে অনুপ্ৰেৰণা যোগাব। ভাৰতীয় ক্ৰিকেটত মুকেশ কুমাৰৰ নিচিনা আৰু এনেকুৱা খেলুৱৈ ওলাই আহক তাৰে কামনা কৰিছে ক্ৰিকেট অনুৰাগীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...