ইতিহাস! দুবাৰকৈ নোবেল বঁটা পালে আমেৰিকাৰ কে বেৰী শ্বাৰ্পলেছে

পৃথিৱীৰ আটাইতকৈ সন্মানীয় বঁটা বুলি গণ্য কৰা হয় নোবেল বঁটাক। ৩ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ একাদিক্ৰমে নোবেল বঁটা প্ৰাপকৰ নামসমূহ ঘোষণা কৰা হৈছে। ৫ অক্টোবৰত ৰসায়ন বিজ্ঞানৰ নোবেলপ্ৰাপকৰ নাম ঘোষণা কৰা হয়। ২০২২ বৰ্ষৰ বাবে কেৰলিন আৰ বাৰ্টোজি, মৰ্টন মেলদল আৰু কে বেৰী শ্বাৰ্পলেছলৈ আগবঢ়োৱা হৈছে এই সন্মান।

৩ বঁটা প্ৰাপকৰ কে বেৰী শ্বাৰ্পলেছে পূৰ্বেও এবাৰ নোবেল পুৰষ্কাৰৰে সন্মানিত হৈছিল। ২০০১ চনতো নোবেল বঁটা লাভ কৰিছিল কে বেৰী শ্বাৰ্পলেছ। দুবাৰকৈ নোবেল বঁটা পোৱা চতুৰ্থগৰাকী ব্যক্তি ৰূপে পৰিগণিত হৈছে শ্বাৰ্পলেছ।

ইয়াৰ পূৰ্বে মাদাম ক্যুৰিয়ে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল। ইয়াৰ লগতে লীনাছ পাউলিঙে ৰসায়ন বিজ্ঞান আৰু শান্তি ৰ নোবেল বঁটাৰে বিভূষিত হৈছিল। একেদৰে বিজ্ঞানী ফ্ৰেডৰিক চাংকাৰ্ছে ৰসায়ন বিজ্ঞানত দুবাৰকৈ পাইছিল নোবেল বঁটা লাভ কৰিছিল। উল্লেখ্য যে, কেৱল ৰসায়ন বিজ্ঞানত দুবাৰকৈ নোবেল বঁটা বিজয়ী দ্বিতীয়গৰাকী ব্যক্তি ৰূপে পৰিগণিত কে বেৰী শ্বাৰ্পলেছ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

লাডাখত ২২,০০০ ফুট উচ্চতাত DRDOৰ স্বদেশী কম্বেট পেৰাচ্যুট ছিষ্টেমৰ সফল পৰীক্ষণ

ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ অধীনস্থ Aerial...

ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ-প্ৰজন্মক উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্রীলৈ আহ্বান হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ

সম্প্রতি ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ...