জীৱনত উত্তীৰ্ণ হ’বলৈ ৰতন টাটাৰ ৫টা টিপ্ছ

দেশ তথা বিশ্বৰ অন্যতম এগৰাকী উদ্যোগপতি হৈছে ৰতন টাটা। নামেই যাৰ পৰিচয়। নিজ আদৰ্শৰে মহিয়ান এইগৰাকী ব্যক্তি দেশ তথা আন্তৰ্জাতিক স্তৰৰে এগৰাকী সফল উদ্যোগপতি। এইগৰাকী উদ্যোগপতিৰ কেইটামান কথা প্ৰভাৱিত কৰিব আপোনাকো। টাটাই কৈছিল “লোহা কেতিয়াও নিজে ধ্বংস নহয়। মামৰে ধৰিলেহে লোহা ধ্বংস হয়। একেদৰে এজন মানুহক কোনেও ধ্বংস কৰিব নোৱাৰে। নিজৰ মনোভাৱৰ বাবেহে এজন ব্যক্তি ধ্বংস হ’ব পাৰে”।

“আনক অনুকৰণ কৰি এজন ব্যক্তিয়ে সাময়িক সাফল্যহে লাভ কৰিব পাৰে। আনক অনুকৰণ কৰি কোনো মানুহে নিজৰ ভৱিষ্যত গঢ়িব নোৱাৰে”। এয়াও ৰতন টাটাৰে মন্তব্য। তেওঁ আৰু কৈছে যে-“আমি সঠিক সিদ্ধান্ত লোৱাত সিমান বিশ্বাসী নহয়, ওলোটাই আমি লোৱা সিদ্ধান্তটোকহে সত্য বুলি প্ৰমাণ কৰিব বিচাৰো”। “আপোনাৰ হাতত যি শিল আছে সেয়া আপুনি সংৰক্ষণ কৰক। সময়ত সেই শিলেৰে আপুনি অট্টালিকা সাজক”। ইয়াৰ অৰ্থ এয়ে যে মানুহে ধন জমা কৰিবলৈ শিকিব লাগে আৰু উচিত সময়ত সেই ধনেৰে সম্পত্তি গঢ়িব লাগে। আৰু এটা কথা তেওঁ মানি চলে। সেয়া হৈছে -নতুন চিন্তাধাৰাৰ বিষয় প্ৰকাশ কৰিবলৈ মানুহে লাজ কৰাতো উচিত নহয়। আৰু কোনো এটা কাম শেষ নকৰাকৈ অন্য এটা কাম হাতত লোৱাটো একো বেয়া কথা নহয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...