পুঁজি সংগ্রহত শীৰ্ষস্থানত আছে বিজেপি, AIUDF-কংগ্ৰেছ-অগপই সংগ্রহ কৰিলে কিমান পুঁজি?

ৰাজনৈতিক দলৰ পুঁজি সংগ্রহক লৈ ADRৰ শেহতীয়া ৰিপ’ৰ্টত প্রকাশ পাইছে এই তথ্য। ২০২০-২১ বিত্তীয় বৰ্ষত কোন দলে সংগ্রহ কৰিলে কিমান পুঁজি? পুঁজি সংগ্রহত শীৰ্ষস্থানত আছে বিজেপি দল। বিজেপিয়ে দেশত সংগ্রহ কৰিছে মুঠ ৪৭৭.৫৪৫ কোটি টকা। কংগ্রেছে সংগ্রহ কৰিছে মুঠ ৭৪.৫২৪ কোটি টকা। NCP-এ সংগ্রহ কৰিছে ২৬.২৬১ কোটি টকাৰ পুঁজি। CPM দলে সংগ্রহ কৰিছে মুঠ ১২.৯০১ কোটি টকা। ২০১৯-২০ বৰ্ষতকৈ হ্রাস পাইছে ৰাজনৈতিক দলসমূহৰ পুঁজি সংগ্রহ। ৩৯.২৩ শতাংশ হ্রাস পাইছে বিজেপিৰ পুঁজি সংগ্রহ। ৪৬.৩৯ শতাংশ হ্ৰাস পাইছে কংগ্রেছৰ পুঁজি সংগ্রহ। ২০১৯-২০ বৰ্ষত বিজেপিয়ে সংগ্রহ কৰিছিল ৭৮৫.৭৭ কোটি টকা। ২০১৯-২০ বৰ্ষত কংগ্রেছে সংগ্রহ কৰিছিল ১৩৯.০১৬ কোটি টকা। ৰাজনৈতিক দলসমূহলৈ অধিকাংশ পুঁজি আহিছে কৰ্প’ৰেট আৰু বাণিজ্যিক ক্ষেত্রৰ পৰা। ৰাষ্ট্রীয় দললৈ পুঁজি যোগানৰ ক্ষেত্রত শীৰ্ষ ৫ ৰাজ্যৰ ভিতৰত আছে অসমো। অসমৰ পৰা বিভিন্ন ৰাষ্ট্রীয় দলে সংগ্রহ কৰিছে ৩০.২৩৬ কোটি টকা। অসমতো ২০২০-২১ বৰ্ষত AIUDF দলে সংগ্রহ কৰিছে ১৪৮.০৬ কোটি টকা। AGP-এ ২০২০-২১ বৰ্ষত সংগ্রহ কৰিছে মাথোঁ ৭ লাখ টকা। অন্যান্য আঞ্চলিক দলসমূহে এতিয়ালৈ প্রকাশ কৰা নাই পুঁজি সংগ্রহৰ তথ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...