ন্যায়াধীশে পুৱা ৯ বজাতে কিয় ন্যায়ালয়ৰ কাম-কাজ আৰম্ভ কৰিব নোৱাৰে?

পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা উচিত উচ্চতম ন্যায়ালয়ৰ কাম-কাজ। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ইউ ইউ ললিতৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ। পূৰ্বৰ সকলো পৰম্পৰা ভংগ কৰি শুকুৰবাৰে পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হয় উচ্চতম ন্যায়ালয়ৰ কাম-কাজ। সাধাৰণতে ন্যায়ালয়ৰ কাম-কাজ পুৱা ১০.৩০ বজাৰ পৰাহে আৰম্ভ হয় যদিও ন্যায়াধীশ ললিতে পুৱা ৯.৩০ বজাৰ পৰাই শুনানি আৰম্ভ কৰে। আগষ্ট মাহত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হ’বলগীয়া ন্যায়াধীশ ললিতে কয় যে যদিহে শিশুসকলে পুৱা ৭ বজাতে বিদ্যালয়লৈ যাব পাৰে তেন্তে ন্যায়াধীশসকলে পুৱা ৯ বজাতে কিয় ন্যায়ালয়ৰ কাম-কাজ আৰম্ভ কৰিব নোৱাৰে? ন্যায়াধীশ ললিতৰ এই মন্তব্যত সন্তুষ্টি প্ৰকাশ কৰে প্ৰাক্তন এটৰ্নী জেনেৰেল মুকুল ৰোহাটগীয়েও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...