ন্যায়াধীশে পুৱা ৯ বজাতে কিয় ন্যায়ালয়ৰ কাম-কাজ আৰম্ভ কৰিব নোৱাৰে?

পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা উচিত উচ্চতম ন্যায়ালয়ৰ কাম-কাজ। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ইউ ইউ ললিতৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ। পূৰ্বৰ সকলো পৰম্পৰা ভংগ কৰি শুকুৰবাৰে পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হয় উচ্চতম ন্যায়ালয়ৰ কাম-কাজ। সাধাৰণতে ন্যায়ালয়ৰ কাম-কাজ পুৱা ১০.৩০ বজাৰ পৰাহে আৰম্ভ হয় যদিও ন্যায়াধীশ ললিতে পুৱা ৯.৩০ বজাৰ পৰাই শুনানি আৰম্ভ কৰে। আগষ্ট মাহত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হ’বলগীয়া ন্যায়াধীশ ললিতে কয় যে যদিহে শিশুসকলে পুৱা ৭ বজাতে বিদ্যালয়লৈ যাব পাৰে তেন্তে ন্যায়াধীশসকলে পুৱা ৯ বজাতে কিয় ন্যায়ালয়ৰ কাম-কাজ আৰম্ভ কৰিব নোৱাৰে? ন্যায়াধীশ ললিতৰ এই মন্তব্যত সন্তুষ্টি প্ৰকাশ কৰে প্ৰাক্তন এটৰ্নী জেনেৰেল মুকুল ৰোহাটগীয়েও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...